হেমপ্ৰভা দাস (১৮৮৬-১৯৪৫) অসমৰ এগৰাকী লেখিকা।

জ্ঞান-মালা

  • কিন্তু কাৰোৰ দিন সমানে নেযায়;প্ৰবল প্ৰতাপী চন্দ্ৰ সূৰ্য্যৰো উদয় অস্ত আছে।[১]
  • মূৰ্খ মানুহে পৰিশ্ৰম কৰাক লাজৰ কথা বুলি ভাবে।[২]
  • সংসাৰৰ ধন সম্পদ একোৱেই অসুখীয়া মানুহৰ মনত সন্তোষ লগাব নোৱাৰে। মানুহৰ মনৰ ভিতৰতহে সন্তোষ থাকে।"সুখ" "সুখ" বুলি যি জনে সুখ বিচাৰি ফুৰে তেওঁৰ কাৰণে সুখ নহয়।যি জনে নিজৰ সুখ দুখলৈ নেচাই জীৱনৰ কৰ্তব্য কামবিলাক কৰি যায় সুখ তেওঁৰ কাৰণেহে।[৩]
  • তুমি যি ব্যৱহাৰ আনৰ পৰা পাবলৈ ভাল নোপোৱা তেনে ব্যৱহাৰ আনৰ লগত কৰা তোমাৰ উচিত নহয়।পশুপক্ষী বিলাকে কথাৰে ফুটাই মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰে হয় কিন্তু আমাৰ দৰে সিহঁতেও সুখ দুখ বুজিব পাৰে।নেদেখানে মৰম কৰি হাত বুলালে আনন্দত সিহঁতৰ চকু কেনে উজ্জ্বল হৈ উঠে,দবিয়ালে মনৰ দুখত সিহঁতে কেনে কোচ্ মোচ্ খাই যায়?আমি বলী বুলি অত্যাচাৰ নকৰি সিহঁতক দয়া কৰাহে যুগুত।[৪]
  • শাস্তিলৈ ভয় কৰি সেই দোষ লুকাবলৈ চেষ্টা নকৰিবা।যি জনে সঁচা কথা ক'বলৈ ভয় নকৰে তেওঁহে আচল বীৰ।শাস্তিলৈ ভয় কৰি যিবিলাকে মিছা কথা কয় সৰ্ববগুণী হলেও তেওঁবিলাকে কাপুৰুষ নাম পায়।[৫]
  • ঈশ্বৰ প্ৰেমময়;পাতকী-পুণ্যৱান,ধনী-নিৰ্ধনী সকলোৱে তেওঁৰ সন্তান,কোনো পৰ নহয়।[৬]
  1. হেমপ্ৰভা দাস। জ্ঞান-মালা
  2. হেমপ্ৰভা দাস। জ্ঞান-মালা
  3. হেমপ্ৰভা দাস। জ্ঞান-মালা
  4. হেমপ্ৰভা দাস। জ্ঞান-মালা
  5. হেমপ্ৰভা দাস। জ্ঞান-মালা
  6. হেমপ্ৰভা দাস। জ্ঞান-মালা