হীৰেন ভট্টাচাৰ্য
হীৰেন ভট্টাচাৰ্য (ইংৰাজী: Hiren Bhattacharyya; ২৮ জুলাই, ১৯৩২ - ৪ জুলাই, ২০১২) অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনূদিত হৈছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত-আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰুদা'। তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। হীৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক হীৰেন গোহাঁইয়ে কৈছে যে, "তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব।"
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- কবিতা মোৰ বন্ধু অন্বেষণৰ যাত্ৰা; কুশল বিনিময় পত্ৰ৷[১]
- সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষক।..শব্দ কবিৰ অস্ত্ৰ। প্ৰত্যেক কবিৰেই আছে শব্দৰ নিজস্ব ভুৱন।[১]
- কবিতা হৈছে মানৱ সত্য স্পৰ্শ কৰাৰ আত্মানুসন্ধান। মই সাধাৰণ কবি মাত্ৰ। জীৱনে মোক আকৰ্ষণ কৰে চাৰিওফালৰ পৰা। জীৱনে মোক প্ৰভাৱিত কৰিছে নানা ধৰণে, নানা প্ৰকাৰে। চিনাকি জীৱনৰ অচিনাকি পোহৰে বাৰে বাৰে মোৰ মনৰ মজিয়াত ছাঁ পেলাইছে কোমলে-কঠিনে নানা ধৰণে। হোৱা-নোহোৱাৰ মাজেৰেই মানুহৰ জীৱন। কবিতাই মোক দুখ আৰু আনন্দ দুয়োটাই দিছে। কবিতা মোৰ জীৱন আৰু জীৱিকা[১]
- দহশাৰী কবিতা যেতিয়া পাঠকৰ মনত এশ শাৰী হয়, তেতিয়াই কবিতাৰ জন্ম হয় আৰু যেতিয়া অধ্যাপকে ক্লাছত কবিতা ব্যাখ্যা কৰে, তেতিয়াই কবিতাৰ মৃত্যু হয়৷[২]
- উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোনালী হাঁহি।
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি! (ৰৌদ্ৰ কামনা)[৩]
- কামিজৰ সিয়নিত দুখ, দুখৰ স্তুতি,
মোৰ গাত হাত থ’লেই পাবা হীৰেন নামৰ কবি
পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি![৩]
- ভঙা কলিজাত কোনে বিনায়
কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকাজাঁই।[৩]
- মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য![৩]
- হাতৰ মুঠিতেই ভাল
মেলি দিলেই উৰি যায়
স্মৃতিৰ ৰঙীন ৰুমাল;
মোৰ চিৰদিন, চিৰকাল।
জানো সঠিক, তেজৰ সমুদ্ৰত আছে প্ৰেমৰ দ্বীপ।
উপমাৰ নকৰোঁ অপচয়, প্ৰেম নিৰ্জনতাৰেই প্ৰতীক।[৩]
- তুমিতো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আবৰণ খুলি হৃদয় জুৰায়। (ভোগালি)[৩]
- দেশ বুলি ক'লৈ আদেশ নেলাগে,
মোৰ তুৰুলি তেজত টগ্বগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা![৩]
- ইমান অলপতে বিচলিত হলে
তোমাৰ বাৰু কেনেকৈ চলে?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক'লে।
কবি মই নাছিলে৷ কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে।
কবি মই নাছিলো কোনোকালে। (তেজৰ আখৰেৰে)[৩]
- মেটমৰা ধানৰ ডাঙৰি
ডাঙৰীয়াৰ চোতালত থ’লো।
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া।
আইজনীৰ মাকৰ গাত লেঠা;
এইবেলি ল’ৰা এটা হ'লে ভাল হয় বৰ।
জানাইতো খেতিয়কৰ ল'ৰাৰ
হাত বৰ চিধা।
মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে।
বন্দুকতো দূৰৰে কথা
ধনুকাঁড়ো জুৰিব নোৱাৰোঁ। (লখিমী)[৩]
- মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে-আঁহে
মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল।[৩][৩]
মন্তব্য
সম্পাদনা কৰক- ঘোঁৰাৰ ৰূপক, আফ্ৰিকা-তেলেংগানাৰ ঘুমটি-আঁজোৰা স্মৃতি আৰি জীৱনানন্দ দাশৰ আকাশ-ঘাঁহেৰে চহকী এই কবিতাৰ লয়ত কিন্তু নিৰ্ভুলভাৱে বিদ্যমান জোনাকী যুগে নিৰ্দিষ্ট কৰা সেই ধন্যে ধন্যে হৃৎপাৱনী অসমীয়া ভাষাৰ কালিকা। (কবিৰ “শৰ সন্ধান’’ নামৰ কবিতা সম্পৰ্কে ৰঞ্জিত কুমাৰ দেৱগোস্বামী)[৪]
- মাত্ৰ এমুঠি শব্দেৰে এটা বৰ্ণগন্ধময় আৰু মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰি কবিয়ে সাব্যস্ত কৰিছে তেওঁৰ তুলনাহীন কবিপ্ৰতিভা। এপিনে অতি সহজ, অথচ ব্যঞ্জনাৰে ভৰপূৰ। এক মুহূৰ্ততে তেওঁ আমাৰ মনপ্ৰাণ ভৰাই তুলিলে, সৃষ্টিৰ উদ্দাম কল্লোল আৰু সাতবৰণীয়া ভাবৰ তৰংগেৰে সোঁৱৰাই দিলে যে সহজেই অতি দুৰ্লভ, অতি আপুৰুগীয়া। (ড° হীৰেন গোহাঁই)[৪]
- হীৰু হীৰুৱেই, বহুক্ষেত্ৰত একক আৰু অদ্বিতীয়। সকলো সাহিত্যিক, শিল্পীৰ জীৱনতে জীৱনৰ ধাৰণা, ৰুচি আৰু আদৰ্শৰ সলনি হয়, কিন্তু হীৰেন ভট্টাচাৰ্য একমাত্ৰ অসমীয়া মানুহ, যি নিজৰ আদৰ্শ সলনি কৰাৰ কথা কেতিয়াও ভবা নাই। অথচ দৈনন্দিন জীৱনৰ কোনো কথাতে তেওঁ শৃংখলাবদ্ধ ৰূপত লাগি থাকিব নোৱাৰে। কিন্তু সাহিত্য, সংস্কৃতি সকলো দিশতে কিবা নহয় কিবা এটা কৰিব লাগে বুলি ভাবি থাকে। তাৰ কাৰণে যথেষ্ট ত্যাগ স্বীকাৰো কৰে। গণনাট্য সংঘৰ যিকোনো এটা কামৰ বাবে তেওঁ অফিচলৈ অহা-যোৱা কৰি নাথাকে। কিন্তু প্ৰয়োজন হ’লেই সংঘৰ মানুহবোৰ তেওঁৰ ঘৰলৈ যায়। অথচ আগতে সকলো কৰিও তেওঁ যেন ক’তো ঘনিষ্ঠ ভাৱে নাথাকে, থাকিব নোৱাৰে। পদুম পাতৰ পানীৰ দৰে। (বেণু মিশ্ৰ)[১]
- ৰাজ্য এখনৰ গাঁৱে-ভূঁয়ে ইমান জনপ্ৰিয় হোৱা আন এজন অসমীয়া বা বাংলা কবিৰ কথা মই নাজানো৷ (অৰুণ সেন)[১]
- তেওঁৰ কবিতাখিনি মোৰ বাবে এটামাত্ৰ দীঘল কবিতাৰ বিভিন্ন স্তৱক৷ হীৰুৱে যেন এই ত্ৰিশকাল জুৰি এটা কবিতাই লিখি আছে- সেই কবিতাৰ বিষয় হ’ল শস্য আৰু মানুহ৷[২]
তথ্য উৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ হীৰেন ভট্টাচাৰ্যৰ জীৱন..... ৰঞ্জিত ভূঞা. আহৰণ কৰা হৈছে: 23 জুন 2024.
- ↑ ২.০ ২.১ হীৰুদাৰ কথা -ইটো সিটো. আহৰণ কৰা হৈছে: 23 জুন 2024.
- ↑ ৩.০০ ৩.০১ ৩.০২ ৩.০৩ ৩.০৪ ৩.০৫ ৩.০৬ ৩.০৭ ৩.০৮ ৩.০৯ ৩.১০ হীৰেন ভট্টাচাৰ্য (জানুৱাৰী ২০১১)। সুগন্ধি পখিলা (হীৰেন ভট্টাচাৰ্যৰ নিৰ্বাচিত কবিতাৰ সংকলন)। গুৱাহাটী। বনলতা, পৃষ্ঠা:১১-১১০। ISBN: 81-7339-489-X।
- ↑ ৪.০ ৪.১ ভট্টাচাৰ্য, তৃপ্তি আৰু খাটনিয়াৰ দিব্যৰঞ্জন (১ ছেপ্টেম্বৰ,২০১৩)। শব্দৰ মৌ-বিচনী। গুৱাহাটী। চিত্ৰবন প্ৰকাশন। ISBN: ৮১-৮৮৪৪৮-০৫-২।