হিৰণ্য কাশ্যপ
হিৰণ্য কাশ্যপ হৈছে অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক। সীমান্ত, সময় আৰু সংগীত এই তিনিখন ধাৰাবাহিক উপন্যাসেৰে অসমীয়া সাহিত্যত তেওঁ জনপ্ৰিয় হৈছিল। উল্লেখযোগ্য যে হিৰণ্য কাশ্যপ সাহিত্যিকজনৰ প্ৰকৃত নাম নহয়, ছদ্মনামহে।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- সীমান্ত মোৰ প্ৰিয় উপন্যাস । যথেষ্ট সন্তুষ্টি পাইছিলো সেইখন কিতাপ লিখি । তিনিখন উপন্যাসৰ ভিতৰত সেইখনেই আটাইতকৈ প্ৰিয় উপন্যাস । এগ্ৰিকালছাৰ বিশ্ববিদ্যালয়ৰ বিষয়ে লিখিছিলো তাত । মোৰ বিষয় আছিল এগ্ৰিকালছাৰ।[১]
- আচলতে পতি পত্নীৰ মাজত বুজা পৰা থকাটো খুব প্ৰয়োজনীয় কথা । ইজনে সিজনক পৰ্যাপ্ত সময় দিব লাগিব । দুয়োৰে মাজত বন্ধুত্বসুলভ সম্পৰ্ক থাকিব লাগিব । দুয়ো দুয়োকে গুৰুত্ব দিব লাগে । ইজনে সিজনৰ দৃষ্টিভংগীক সন্মান জনাব লাগে ।[১]
- পতি-পত্নীৰ মাজত হোৱা তিক্ত সম্পৰ্কৰ প্ৰকৃত কাৰণ উলিয়াবলৈ যথেষ্ট বিশ্লেষণ কৰিব লাগিব । কিন্তু এটা প্ৰধান কাৰণ, পৰস্পৰে মুকলিকৈ কথাৰ বেকত নকৰাটো।[১]
- দেউতা মোৰ বাবে এখন বিশাল গ্ৰন্থ । মূৰ তুলি থাকিবলৈ শিকাইছিল তেওঁ ।[১]
- পিতৃ-মাতৃয়ে সন্তানক সময় দিবই লাগিব । একে সময়তে মাতৃ এগৰাকীৰো কৰ্মসংস্থাপন খুবেই প্ৰয়োজন । চাকৰি আৰু সন্তান দুয়োটাই মেনেজ কৰিব লাগিব । পিতৃ-মাতৃ উভয়ে সন্তানক গুণগত সময় দিব লাগিব । সন্তানৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলিব লাগিব । সন্তানে মাক-দেউতাকৰ আগত সকলো ধৰণৰ কথা ক’ব পৰা পৰিবেশ এটা গঢ়ি তুলিব লাগিব । সমস্যাবোৰ মুকলিকৈ ক’ব নোৱাৰিলেহে ল’ৰা-ছোৱালীয়ে ওলোটা-পোলোটা কামবোৰ কৰে।[১]
- ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে প্ৰদীপ বৰুৱাক সীমান্তৰ বিষয়ে কৈছিল,“হিৰণ্যই লিখিছে যেতিয়া ভাল হ’বই” । সেই বাক্যশাৰী মোৰ কলমৰ অন্যতম বাটকটীয়া । অত্যন্ত প্ৰেৰণাদায়ক, অত্যন্ত ভাল লগা কথা সেইটো ।[১]
- ব্যংগ সাহিত্যৰ প্ৰয়োজন বৰ্তমান খুবেই বেছি৷ যিহেতু ব্যংগৰ দ্বাৰা সমাজ শুধৰাব পৰা যায়, গতিকে বৰ্তমানৰ সমাজখনৰ অৱস্থা দেখি মই ব্যংগ সাহিত্যৰ প্ৰয়োজনীয়তা অতি বেছি বুলিয়েই ভাবোঁ৷[১]
- আচলতে মই কোনো বিবাহ অনুষ্ঠান, সভা-সমিতি, মেল-মিটিং আদিলৈ গলে যদি কোনোবাই মোৰ লেখনিৰ প্ৰশংসা কৰে শুনি ভাল লাগে। মোৰ সন্মুখতে তেওঁলোকে হিৰণ্য কাশ্যপৰ লেখনিৰ আলোচনা কৰে। সেয়া হয়তো মোৰ প্ৰকৃত নামেৰে নিজে শুনিবলৈ অসজা লাগিলহেতেন। গতিকে ছদ্মনাম লৈ লিখাৰ এয়া এক কাৰণ। তদুপৰি মই মুখৰ আগত নিজৰ প্ৰশংসা বৰ এটা শুনিবলৈ অসুবিধা পাওঁ।[১]