হিমা দাস

ভাৰতীয় দৌৰবিদ

হিমা দাস এগৰাকী ভাৰতীয় দৌৰবিদ। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। তেওঁক ধিং এক্সপ্ৰেছ নামেৰে জনা যায়। তেওঁ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ ২০১৮ৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে আৰু ৫০.৭৯ ছেকেণ্ড সময়ৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে। বৰ্তমান হিমা মহিলাৰ ৪০০ মিটাৰ দৌৰত অনুৰ্ধ্ব শাখাৰ বিশ্ব চেম্পিয়ন আৰু ভাৰতীয় ৰেকৰ্ডৰ অধিকাৰী। [] অসমৰ নগাঁও জিলাৰ ধিঙত জন্ম লাভ কৰা হিমায়ে স্কুলীয়া দিনৰে পৰা ল'ৰাৰ লগত ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল। তাৰপাছত তেওঁৰ প্ৰতিভা খেলুৱৈ তথা প্ৰশিক্ষক নিপন দাসে প্ৰত্যক্ষ কৰি এথলেটিক্সত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগায়।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. মই আনৰ কথা নুশুনো। মই নিজৰ মতে কাম কৰোঁ।[]
  2. আনে বেয়া পোৱা কাম মই কেতিয়াও নকৰোঁ।[]
  3. মই ফুটবল খেলি ভাল পাইছিলোঁ। তেতিয়া ল'ৰাবোৰৰ লগত ফুটবল খেলিছিলোঁ। নৱোদয় বিদ্যালয়ে এটা প্ৰতিযোগিতা পাতিছিল। মই পাব্লিক স্কুলৰ পৰা তাত যোগদান কৰিছিলোঁ। ছাৰ এজনে মোৰ দৌৰ দেখি ভাল পাইছিল আৰু এথলেটিক্সত আহিবলৈ কৈছিল। তাৰ পাছত মই এথলেটিক্সত আহিলোঁ।[]
  4. যিসকলে খেলিব বিচাৰে নিজে ওলাই আহিব লাগিব। কাৰোবাৰ কাৰণে বাট চাই থাকি লাভ নাই।[]
  5. খেলিব বিচৰাসকলে ঘৰৰ 'ছাপৰ্ট'টো পোৱাৰ পাছত ওলাই আহক।খেলক। তাৰপাছত এদিন নহয় এদিন সকলোৱে তেওঁক জানিব। কষ্ট কৰিব লাগিব।[]
  6. আমাৰ মানুহবোৰে ভুল ভাবি থাকে। ছোৱালীবোৰক ভয় খোৱাই দিয়া হয় যে এইটো কৰিব নালাগে বা সেইটো কৰিব নালাগে। []