স্লেভয় জিজেক
স্লেভয় জিজেক (ইংৰাজী: Slavoj Žižek) এগৰাকী স্ল'ভেনীয় দাৰ্শনিক, সমাজশাস্ত্ৰিজ্ঞ আৰু সাংস্কৃতিক সমালোচক। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক আৰু এগৰাকী বিশ্ববিখ্যাত ৰাজনৈতিক মন্তব্যকাৰী। তেওঁৰ কৰ্মৰাজী জাৰ্মান দাৰ্শনিক গিয়ৰ্গ হেগেল, কাৰ্ল মাৰ্ক্স আৰু ফৰাচী মনোবিশ্লেষক জেক লাকানৰ সংমিশ্ৰণ। তেওঁক ৰাজহুৱা ভাষণৰ "লেতেৰা হাস্য"ৰ আৰু আন আন বিচিত্ৰ ব্যৱহাৰৰ বাবে জনা যায়, যাৰ মাজেৰেই তেওঁ জটিল দাৰ্শনিক বিশ্লেষণ সাধাৰণ ৰাইজৰ আগত তুলি ধৰে।
উদ্ধৃতি
সম্পাদনা কৰক- পশ্চিমীয়া শিক্ষাজগতক ভূতে পাইছে.... কাৰ্টেছীয় বিষয়ৰ ভূতে।[১]
- নিজৰ নিৰ্বাচনী প্ৰচাৰত বুশ্বে কৈছিল যে তেওঁৰ জীৱনত আটাইতকৈ প্ৰভাৱশালী ব্যক্তি যীশু। এতিয়া তেওঁৰ ওচৰত এটি সুকীয়া সুযোগ আছে এই কথা প্ৰমাণিত কৰাৰ: তেওঁৰ আৰু আন সকলো আমেৰিকাবাসীৰ বাবে আজি "নিজৰ ওচৰ-চুবুৰীয়াক ভাল পোৱা"ৰ অৰ্থ হ'ল "মুছলমানক ভাল পোৱা"। অন্যথা ই একোৱেই নুবুজায়।।[২]
- আমি মুক্ত অনুভৱ কৰোঁ এইবাবে যে আমাৰ ওচৰত নিজৰ অমুক্তি প্ৰকাশ কৰাৰ ভাষা নাই।[৩]
- এগৰাকী মাৰ্ক্সবাদী হিচাপে মই এই কথা কওঁ: যদি কোনোবাই কয় লাকান পঢ়া কঠিন, সেয়া শত্ৰুৰ শ্ৰেণীগত অপপ্ৰচাৰ।[৪]
- আমি প্ৰায় ইহুদী-খ্ৰিষ্টান সভ্যতাৰ কথা কওঁ-- সম্ভৱতঃ সময় আহিছে, অন্ততঃ মধ্য প্ৰাচ্যৰ সংঘাটৰ পৰিপেক্ষত, ইহুদী-মুছলিম সভ্যতাৰ কথা কোৱাৰ খ্ৰিষ্টান ধৰ্মৰ বিপৰীতৰ মেৰু হিচাপে।[৫]
- লগ পাম, নাইবা নৰকত, নহ'লে সাম্যবাদত।[৬]
- প্ৰেমেহে যৌন সম্পৰ্কক হস্তমৈথুনৰ পৰা পৃথক কৰে। যদি প্ৰেম নাথাকে, তেন্তে যদিও আপুনি যৌন সংগীৰ সৈতে আছে, ই মাথো আনৰ সহায়ত কৰা হস্তমৈথুনহে।[৭]
- মই ইতিমধ্যেই জাবৰৰ পৰা খাই আছোঁ সকলো সময়তে। সেই জাবৰৰ নাম মতাদৰ্শ। মতাদৰ্শৰ বস্তুগত বলেহে মোক এই কথা চাবলৈ নিদিয়ে যে মই কি খাই আছোঁ।[৮]
- মই এতিয়াও এক প্ৰকাৰৰ মাৰ্ক্সবাদী হ'ব পাৰোঁ কিন্তু মই বাস্তৱবাদী, মই সহজে আহিব পৰা বিপ্লৱৰ সপোন নেদেখোঁ।
- মই ভাবোঁ যে দৰ্শনৰ উদ্দেশ্য উত্তৰ দিয়া নহয়। ইয়াৰ উদ্দেশ্য হ'ল এই কথা দেখোৱা যে আমি যি দৰে কোনো সমস্যাক চাওঁ, সেই কথাও সমস্যাৰেই অংগ হ'ব পাৰে।[৯]
জিজেকৰ কৌতুক
সম্পাদনা কৰকস্লেভয় জিজেকে প্ৰায় নিজৰ কিতাপ আৰু ভাষণত লোকসংস্কৃতিৰ পৰা লোৱা বা নিজেই ভবা কৌতুক কয়। এই কৌতুকৰ সাধাৰণতে দাৰ্শনিক, বিশেষভাৱে হেগেলিয়ান অৰ্থ থাকে।
- কৌতুক: জাৰ্মান গণতান্ত্ৰিক গণৰাজ্যৰ এগৰাকী লোকে চাৰ্বিয়াত চাকৰি পাই নিজৰ বন্ধুসৱৰ বাবে এনেদৰে চিঠি লিখে, "এটি সংকেত বনাওঁ: যদি মই সাধাৰণ নীলা চিয়াঁহীৰে লিখি চিঠি পঠিয়াওঁ, চিঠিখনত লিখা সকলো সঁচা, যদি ৰঙা চিয়াঁহীৰে লিখি পঠিয়াও তেন্তে লিখা কথাখিনি মিছা"। এমাহৰ পাছত তেওঁৰ বন্ধুৱে প্ৰথম চিঠি পায়, নীলা চিয়াঁহীৰে লিখা, "ইয়াত সকলো কুশলে; দোকানসমূহ ভৰি থকা; খাদ্যৰ উভৈনদী; ঘৰসমূহ ডাঙৰ আৰু ভালকৈ গৰম কৰি ৰখা; ছবিঘৰত পশ্চিমীয়া বোলছবি দেখুৱায়; সন্দৰী যুৱতী প্ৰেম সম্বন্ধৰ বাবে তৈয়াৰ -- কেৱল ৰঙা চিয়াঁহীহে ইয়াত পাবলৈ নাই"। বিশ্লেষণ: এয়াই আমাৰ বৰ্তমানৰ পৰিস্থিতি নহয় নে? আমাৰ ওচৰত সকলো ধৰণৰ স্বাধীনতা আছে -- কেৱল ৰঙা চিয়াঁহীহে নাই: আমি "মুক্ত অনুভৱ কৰোঁ" কাৰণ আমাৰ ওচৰত নিজৰ অমুক্তি প্ৰকাশ কৰাৰ ভাষা নাই। এই ভাষাহীনতাৰ অৰ্থ হ'ল যে বৰ্তমানে আমি সমসাময়িক সংঘাতক বুজাবলৈ ব্যৱহাৰ কৰা মুখ্য শব্দসমূহ -- "সন্ত্ৰাসৰ ওপৰত যুদ্ধ", "গণতন্ত্ৰ আৰু স্বাধীনতা", "মানৱ অধিকাৰ" ইত্যাদি -- মিছা শব্দ, আমাৰ পৰিস্থিতিক অলৌকিক কৰি তুলাহে, ভাবিবলৈ দিয়া নহয়। আজিৰ কাম হ'ল প্ৰতিবাদীক ৰঙা চিয়াঁহী দিয়া।
- কৌতুক: এটি ইহুদী চিনাগগত ইহুদীৰ এটি গোটে ঈশ্বৰৰ আগত নিজৰ গৌণতা প্ৰকাশ কৰিছে। প্ৰথমে ৰেবাইগৰাকীয়ে (পণ্ডিত) ঠিয় হৈ ক'লে, "হে' ঈশ্বৰ, মই মূল্যহীন। মই একোৱেই নহয়!" তাৰ পাছত এগৰাকী ধনী ব্যৱসায়ীয়ে ক'লে, " হে' ঈশ্বৰ, ময়ো মূল্যহীন, ভৌতিক সম্পদৰ পাছত দৌৰি ফুৰোঁ। ময়ো একোৱেই নহয়।" তাৰ পাছত এগৰাকী দৰিদ্ৰ সাধাৰণ ইহুদীয়ে ঠিয় হৈ ক'লে, "হে' ঈশ্বৰ, ময়ো একোৱেই নহয়!" ইয়াকে দেখি ধনী ব্যৱসায়ীগৰাকীয়ে ৰেবাইগৰাকীক কৈ উঠিল, "কি অহংকাৰ! সি হয়নো কোন যে সিও নিজকে একো নহয় বুলি কৈছে!"। বিশ্লেষণ: ই বৰ্তমানৰ বামপন্থক কেনে ঈশ্বৰৰ প্ৰয়োজন তাক বুজায়: যি ঈশ্বৰ নিজে সাধাৰণ জনগণৰ মাজত সোমাই পৰে।
- কৌতুক: তুৰ্কীৰ সাম্যবাদী লেখক পানাইট ইষ্ট্ৰাটি যেতিয়া ছ'ভিয়েট সংঘ ভ্ৰমণলৈ গৈছিল, তেতিয়া ১৯৩০ৰ দশকৰ ৰাজনৈতিক হত্যা আৰু মিথ্যা গোচৰ-বিবেচনা আৰম্ভ হৈছিল। ছ'ভিয়েটৰ সমৰ্থন কৰা এগৰাকী লোকে তেওঁক হিংসাৰ অনিবাৰ্যতাৰ কথা বুজাবলৈ গৈ ক'লে, "অমলেট ৰান্ধিবলৈ কণী ভাঙিবতো লাগিবই"। তেওঁ উত্তৰ দিলে, "ভঙা কণীকেইটা বাৰু দেখিছোঁ, কিন্তু অমলেটটো ক'ত"? বিশ্লেষণ: সাম্যবাদী উদ্দেশ্য সিদ্ধিৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হোৱা ছ'ভিয়েট সংঘত প্ৰায় সেই কামহে দেখা দিছিল, পৰিণাম অদৃশ্য আছিল।
- কৌতুক: ছ'ভিয়েট মহাকাশচাৰী, মহাকাশলৈ যোৱা প্ৰথম মানুৱ য়ুৰি গাগাৰিণ আহিল ছভিয়েট সংঘৰ সৰ্বোচ্চ নেতা নিকিটা খ্ৰুচ্ছেভৰ ওচৰলৈ গৈ ক'লে, "কমৰেড, মই আকাশলৈ গৈ দেখিলোঁ যে ঈশ্বৰ আছে, খ্ৰীষ্টানসকলে ইমান দিনে শুদ্ধই কৈ আছিলে"। খ্ৰুচ্ছেভে উত্তৰ দিলে, "জানোঁ জানোঁ। কিন্তু মনে মনে থাকিব, কোনেও যাতে গম নাপায়"। তাৰ পাছৰটো সপ্তাহত গাগাৰিণে কেথলিক পোপক লগ ধৰিলে আৰু ক'লে, "আকাশলৈ গৈ মই কোনো ঈশ্বৰ বা দেৱদূত নেদেখিলোঁ"। পোপে উত্তৰ দিলে, "জানোঁ জানোঁ। কিন্তু মনে মনে থাকিব, কোনেও যাতে গম নাপায়"। বিশ্লেষণ: মতাদৰ্শ এনেদৰেই চলে। মতাদৰ্শবাদীয়ে জানে যে তেওঁৰ মতাদৰ্শত ত্ৰুতি আছে, কিন্তু এনেদৰে কাম কৰি যায় যেন তেওঁ সেই ত্ৰুতিৰ কথা নাজানে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ The Ticklish Subject: The Absent Centre of Political Ontology (London/New York: Verso, 1999), p. 1.
- ↑ "Reflections on WTC: Third Version", Free Speech (7 October 2001)
- ↑ "Introduction: The Missing Ink", in Welcome to the Desert of the Real!: Five Essays on September 11 and Related Dates (2002), p. 2
- ↑ Last remark in an interview for the CN8 show Nitebeat (2003)
- ↑ "A Glance into the Archives of Islam", Lacan dot com (2006)
- ↑ Parting remark in "The Culture Show" (2010)
- ↑ Interview in HARDtalk, BBC World Service (12 January 2010)
- ↑ The Pervert's Guide to Ideology (2012)
- ↑ Lecture "Year of Distraction", at 1:07.