সোণৰ চামুচ মুখত লৈ

সোণৰ চামুচ মুখত লৈ হৈছে অসমীয়া ভাষাত ৰচিত প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. মাক-দেউতাকে নিজৰ ল'ৰা-ছোৱালীক কেনেধৰণে মানসিকভাৱে আঘাত কৰে নিজেই বুজি নাপায়। ফল কি হয়? ফল, মনৰ গভীৰতালৈ পোতখোৱা মচিব নোৱৰা মানসিক ক্ষুদ্ধি।[]
  2. বালিয়ে পানী সোহাৰ দৰে, মানৱ শিশু এটাই জীৱন সম্বন্ধে জ্ঞান সুঁহি লয় পৰিয়ালৰ আন ব্যক্তি, বিশেষকৈ নিজৰ পিতৃ-মাতৃৰপৰা, কি কাৰ্য কৰা উচিত, কি অনুচিত সেই সম্বন্ধে।[]
  3. সৰহভাগ মাক-দেউতাকেই পাহৰি যায়, যে সন্তান এজনে নিজৰ পিতৃ আৰু মাতৃৰ কথা কাৰ্য ন্যায়ালয়ৰ বিচাৰকতকৈও অধিক মনোযোগেৰে নিৰীক্ষণ আৰু মূল্যায়ন কৰে, আৰু মুখৰ কথা আৰু বাস্তৱ কাৰ্যৰ মাজত বিসঙ্গতি দেখিলেই তেনে ঘটনাৰ স্মৃতি বিশেষভাৱে সংৰক্ষণ কৰে। অৰ্থাৎ, কথাতকৈ বাস্তৱ কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে। পিতৃ-মাতৃৰ কথা আৰু কাৰ্যৰ মাজত সমিল আৰু অমিল দুয়োটাই সন্তানে মনত গাঁঠি ৰাখে, যি পিতৃ-মাতৃৰ কেৱল মুখৰ কথাৰ ওপৰতে নিৰ্ভৰশীল নহয়।[]
  4. আৰ্থিকভাৱে, ব্যক্তি এজন সম্পূৰ্ণ সৎ হোৱা উচিত সকলো ক্ষেত্ৰতে। আৰু, সেই কাৰ্য কেৱল আভ্যন্তৰীণ বিবেকৰ নিৰ্দেশত কৰা প্ৰয়োজন, আনে কি ক'ব বা কাৰ্যৰ ফল কি হ'‍ব সেই চিন্তা কৰি নহয়।[]
  5. নিজৰ ল'ৰা-ছোৱালীৰ মাজত ধন উপাৰ্জন আৰু ব্যয়ৰ ক্ষমতাৰ ভিত্তিত মাক-বাপেকে সন্তানৰ মাজত ভেদ-ভাৱ আনিলে পৰিয়ালটোৰ পাৰস্পৰিক সম্বন্ধ ভিতৰৰ পৰাই ভাঙি পৰে।[]
  6. ৰোগ-দুৰ্ঘটনাৰ দোষ, ভাগ্য-ভগৱানৰ ওপৰত জাপিব পাৰি। শত্ৰুৰ ছলা-কলা, নিজৰ ছলা-কলা আৰু বল শক্তিৰে যুঁজিব পাৰি, কিন্তু শত্ৰু যেতিয়া ঘৰৰ নিজৰ, ঘৰেই শত্ৰু হয়, আৰু আৱেগ তথা সামাজিক আইনৰ সমৰ্থনৰ দ্বাৰা সুৰক্ষিত হৈ থাকি, আপোনাৰ ক্ষতিৰ পিছত ক্ষতি কৰি গৈ থাকে, আনহাতে আপোনাৰ হাত-ভৰি বন্ধা(মানুহে কি ক'ব?), তেতিয়া প্ৰকৃতিয়ে অনা দুৰ্যোগতকৈ নিজৰ আত্মীয়-স্বজনে সৃষ্টি কৰা মানসিক বেদনা হাজাৰ গুণ অধিক বেদনাদায়ক হৈ উঠে আৰু তাক হাজাৰবাৰ চেষ্টা কৰিও জীৱনৰ স্মৃতিৰপৰা মচি পেলাব নোৱাৰি।[]
  7. কাৰোবাৰ ভাল কামৰ দৰে বেয়া কামো মানুহে পাহৰিব নাপায়। সকলোৱে "পাহৰে" বাবেই এনে মানুহে লাই পায়।[]
  8. দেহৰ এটা অঙ্গ দুৰ্বল হ'লে সাধাৰণতে তাৰ পৰিপূৰক অঙ্গ অস্বাভাৱিকভাৱে শক্তিশালী হয়।[]
  9. দুৰ্বলে আইন ভাঙে, ভীৰু ব্যক্তিয়ে আইন মানি চলে, সবলে কিন্তু দেশৰ আইন নিজৰ সুবিধা হোৱাকৈ পৰিৱৰ্তন কৰি লয়।[]
  10. ব্যক্তিগতভাৱে মই পৰীক্ষাত অধিক নম্বৰ অথবা শ্ৰেণীত প্ৰথম- দ্বিতীয় হোৱাৰ প্ৰতি কোনো আগ্ৰহ নাছিল সমগ্ৰ জীৱনতে৷[]
  11. জীৱ-জন্তুৰ প্ৰতি ক্ৰুৰতা মই সৰুৰে পৰাই অসহ্য পাইছিলোঁ৷[]
  12. সকলো কাম পোনে পোনে বস্তুগত লাভৰ বাবে কৰা নহয় বুজিছ! কিন্তু পৰোক্ষ লাভ, মানসিক আনন্দ থাকি যায়, আৰু বাচি থাকে স্মৃতি৷[]
  13. কামৰূপৰ গ্ৰাম্য অসমীয়াত এষাৰ ফকৰা আছে, “আই থেক যাম্, বাটি ভৰে খাম৷ বিধাতাই শুনি বুলে ময়ো পিছে পিছে যাম৷”[]
  1. ১.০ ১.১ ডেকা, প্ৰণৱজ্যোতি (২০২২)। সোণৰ চামুচ মুখত লৈ। গুৱাহাটী। বান্ধৱ, পৃষ্ঠা:৩১১।
  2. ২.০ ২.১ ডেকা, প্ৰণৱজ্যোতি (২০২২)। সোণৰ চামুচ মুখত লৈ। গুৱাহাটী। বান্ধৱ, পৃষ্ঠা:৩৩১।
  3. ডেকা, প্ৰণৱজ্যোতি (২০২২)। সোণৰ চামুচ মুখত লৈ। গুৱাহাটী। বান্ধৱ, পৃষ্ঠা:৩১২।
  4. ডেকা, প্ৰণৱজ্যোতি (২০২২)। সোণৰ চামুচ মুখত লৈ। গুৱাহাটী। বান্ধৱ, পৃষ্ঠা:৩২২।
  5. ডেকা, প্ৰণৱজ্যোতি (২০২২)। সোণৰ চামুচ মুখত লৈ। গুৱাহাটী। বান্ধৱ, পৃষ্ঠা:৩৬৪।
  6. ডেকা, প্ৰণৱজ্যোতি (২০২২)। সোণৰ চামুচ মুখত লৈ। গুৱাহাটী। বান্ধৱ, পৃষ্ঠা:৪৬৭।
  7. ডেকা, প্ৰণৱজ্যোতি (২০২২)। সোণৰ চামুচ মুখত লৈ। গুৱাহাটী। বান্ধৱ, পৃষ্ঠা:৫৮৫।
  8. ৮.০ ৮.১ ৮.২ ৮.৩ ড° প্ৰণৱজ্যোতি ডেকা। সোণৰ চামুচ মুখত লৈ। নৱেম্বৰ ২০১৬।