সোণালী সংখ্যা
সোণালী সংখ্যা হৈছে বিপুলজ্যোতি শইকীয়াই অসমীয়া ভাষাত ৰচনা কৰা এখন জনপ্ৰিয় গণিতৰ পুথি । এই পুথিখনে জনপ্ৰিয় বিজ্ঞানৰ পুথি হিচাপে ২০০০ চনত অসম সাহিত্য সভাৰ অনিল কুমাৰ শৰ্মা সোঁৱৰণী বঁটা লাভ কৰিছিল।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- গণিতক পদাৰ্থ বিজ্ঞানৰ ভাষা বুলি কোৱা হয়। কিন্তু এই ভাষা এক সাধাৰণ ভাষা নহয়। গণিত একে সময়তে ভাষা আৰু যুক্তিৰ সমাহাৰ। [২]
- সুদূৰ অতীতৰে পৰা সংখ্যাই মানুহক আকৰ্ষণ কৰি আহিছে। সেয়ে, বিভিন্ন সময়ত বিভিন্নজনে সংখ্যাক আৰু বিভিন্ন ধৰণে ভাগ কৰিছে। এনে ভাগবোৰো বেছ আকৰ্ষণীয়। [৩]
- এই কথাত কোনো সন্দেহ নাই যে বৃহৎ সংখ্যাবোৰৰ নিজস্ব এক আবেদন আছে। দৈনন্দিন জীৱনৰ শ হেজাৰ লাখ কোটিৰ ঊৰ্ধৰ এই সংখ্যাবোৰৰ এক স্বৰ্গীয় সৌন্দৰ্য আছে। এইবোৰ যেন আমাৰ কল্পনাৰ সিপাৰৰ জগৎ এখনৰ বাসিন্দা! সুদূৰ অতীতৰে পৰাই মানুহক বৃহৎ সংখ্যাৰ ধাৰণা আৰু কল্পনাই আকৰ্ষণ কৰি আহিছে।[৪]
- সংখ্যাতত্ত্ববিদসকলৰ বাবে বৃহৎ সংখ্যাৰ গুৰুত্ব অপৰিসীম।[৫]
- ব্যৱহাৰিক প্ৰাসঙ্গিকতা থাকক বা নাথাকক, সংখ্যাতত্ত্ববিদসকলে বৃহৎ সংখ্যা সম্পৰ্কে বিভিন্ন ধৰণৰ আকৰ্ষণীয় হিচাপ-নিকাচ কৰি থাকে।[৬]
- সামগ্ৰিক বিচাৰত আমাৰ চাৰিওফালৰ বিশ্ব চৰাচৰ অতিশয় জটিল আৰু অনিশ্চিত। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এয়ে যে এই সৰ্বগ্ৰাসী জটিলতাৰ মাজতো কিছুমান নিয়মিত আৰু বিধিসন্মত ঘটনা-পৰিঘটনা আৱিষ্কাৰ কৰিব পাৰি। [৭]
- গণিতত বুৰ যোৱাটো যে কি এক স্বৰ্গীয় অভিজ্ঞতা, সি কথা গণিতজ্ঞসকলেহে জানে। [৮]
- পাহাৰ-পৰ্বত, জান-জুৰি-নৈ, গছ-গছনি, ফুল-ফল, জীৱ-জন্তু - এই সকলোবোৰৰে একো-একোটা আকাৰ বা আকৃতি আছে। ইয়াৰে কিছুমান হয়তো মানুহে সৃষ্টি কৰা, কিন্তু সৰহভাগেই প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা। প্ৰকৃতিয়ে হেজাৰ কৌটি বছৰৰ নানান প্ৰক্ৰিয়াৰ মাজেদি এই আকাৰ-আকৃতিবোৰ নিৰ্মাণ কৰিছে। ইয়াৰে কিছুমান তুলনামূলকভাৱে সৰল, কিছুমান বেছ জটিল মেৰ-পেঁচ থকা -পিছে প্ৰায় আটাইবোৰেই চালে চকু ৰৈ যোৱাকৈ সুন্দৰ। [৯]
- প্ৰকৃতি অতি বিচিত্ৰ, আৰু প্ৰকৃতিৰ গণিত-জ্যামিতিও সমানেই বিচিত্ৰ। [১০]
- প্ৰকৃতিত দেখা পোৱা নিয়মিত বা সমমিত আকাৰ-আকৃতিবোৰ আচলতে ব্যতিক্ৰমহে, স্বাভাৱিক বা সাধাৰণ নহয়। ইয়াৰ প্ৰধান কাৰণ হ'ল, যিবোৰ পৰিঘটনাই প্ৰকৃতিৰ জ্যামিতীয় আকাৰ-আকৃতি বা চৰিত্ৰ নিয়ন্ত্ৰণ কৰে, সেই পৰিঘটনাবোৰ সহজ-সৰল ৰৈখিক পৰিঘটনা নহয়, সেইবোৰ সাধাৰণতে অতি জটিল অৰৈখিক পৰিঘটনা। [১১]
- দূৰৈৰ পৰা ভাল লাগি থকা মানুহ এজনকো ওচৰৰ পৰা লগ পালে তেওঁৰ বহুত দোষ-ত্ৰুটি চকুত পৰে। [১২]
- অনবৰতে পৰিবৰ্তন ঘটি থাকিলেও প্ৰকৃতিৰ আটাইতকৈ ৰহস্যময় কথাটো হ'ল সামগ্ৰিকভাৱে ইয়াৰ অপৰিবৰ্তনশীলতা বা ধ্ৰুৱত্ব।[১৩]