সুৰজিৎ গিৰি
ডাঃ সুৰজিৎ গিৰি এজন চিকিৎসক৷ অসমত সৰ্প দংশন সম্পৰ্কীয় সজাগতাৰ সৃষ্টিৰ ক্ষেত্ৰত তেওঁ কাম কৰি আহিছে আৰু গ্ৰাম্যাঞ্চলৰ জনসাধাৰণক সজাগ-সচেতন কৰি আহিছে৷ ১৯৭৭ বৰ্ষৰ ৪ জুলাইত, দিচাংমুখ,শিৱসাগৰত তেখেতৰ জন্ম হয়। [১]
উদ্ধৃতি
সম্পাদনা কৰক- আগতে সৰ্প-দংশন বুলি ক’লে বেজ-বেজালি আছিল। আজিকালি সৰ্প-দংশন মানে চিকিৎসালয় হ’ল। আগতে দেখা যায় যে সৰ্প-দংশনৰ পিছত বেজ-বেজালি কৰি প্ৰায় সুদীৰ্ঘ পাঁচ ঘণ্টাৰ পিছতহে ৰোগীক হস্পিটেলত ভৰ্তি কৰোৱা হয়, যিটো আজিকালি কমি গৈ বিশ মিনিটমান হৈছেগৈ।[১]
- সৰ্প দংশনৰ চিকিৎসা কৰিবলৈ চিকিৎসক বা নাৰ্চ এগৰাকী ২৪×৭ ঘণ্টাই উপলব্ধ থকাতো নিতান্তই প্ৰয়োজনীয়। সাধাৰণতে গ্ৰাম্য চিকিৎসলয়ত ঔষধপাতি আছে নে নাই, ক’ত আছে বা ম্যাদ উকলিছে নেকি— সেইবোৰ কথাত জৰুৰীকালীন সময়ত হুলস্থূল লাগি যাব পাৰে।[১]
- সৰ্প-দংশনৰ চিকিৎসা গাঁৱৰ চিকিৎসালয়তেই সম্ভৱ যাৰ বাবে কোনো অত্যাধুনিক ICU, ভেণ্টিলেশ্বনৰ প্ৰয়োজন নাই, আছে মাত্ৰ সদ ইচ্ছাৰ।[১]
- কোনবিধ সাপে অধিক পৰিমাণৰ বিষ ঢালে সেইটোৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি। কিছুমানে কমকৈ ঢালিব কিছুমানে বেছিকৈ ঢালিব। গতিকে ই কিমান কষ্ট পাইছে, তাৰ কিমান খং উঠিছে বা প্ৰত্যাক্ৰমণৰ গভীৰতাৰ ওপৰতহে সেইটো নিৰ্ভৰশীল।[১]
- বৰ্তমান যুগত আমি ছ’চিয়েল মেডিয়াৰ যোগেদি সৰ্প-দংশনৰ বিষয়ে প্ৰকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টা কৰিছোঁ যিটোৱে চিকিৎসাকৰ্মীসকলক আগবাঢ়ি অহাত উৎসাহ যোগাইছে।[১]