সুখ-অসুখৰ যুগলবন্দী

সুখ-অসুখৰ যুগলবন্দী অসমীয়া ভাষাত অৰুন্ধতী দত্তই ৰচনা কৰা দুৰাৰোগ্য ৰোগ এটাৰ সৈতে আৰম্ভণিৰ পৰা শেষলৈকে যুঁজি জয় হোৱা তেওঁৰ বাস্তৱ অভিজ্ঞতা আধাৰিত এখন গ্ৰন্থ। ইয়াৰ লগতে তেওঁ অন্ধকাৰত জোনাকী মন, ঈশ্বৰৰ পৃথিৱীত আদম আৰু ঈভ্‌, বালিৰ কেনভাছত এটোপাল সেউজ আদি উপন্যাসকে ধৰি কেইবাখনো প্ৰবন্ধ সংকলন, শিশু গ্ৰন্থ, ভ্ৰমণ কাহিনী, গল্প সংকলন আদি ৰচনা কৰিছে। তেওঁ সাংবাদিকতা শিক্ষাৰ এক ব্যক্তিগত প্ৰতিষ্ঠান "পথিকৃৎ দ্য পায়নীয়াৰ" আৰম্ভ কৰিছিল। উল্লেখযোগ্য যে তেওঁ অসমীয়া শিক্ষাবিদ দেৱেন দত্তৰ সহধৰ্মিনী। []

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. গৃহস্থ স্থিতপ্ৰজ্ঞ মানুহ। সুখতো-দুখতো মুখমণ্ডলত ভাৱৰ অত্যধিক প্ৰকাশ নঘটে। কিন্তু অত বছৰৰ দাম্পত্য জীৱনত নিচেই কাষৰজন হৈ থকাৰ বাবে আৱেগৰ সৰু সৰু দুই-এটা ঢৌ মই চিনিব পাৰোঁ। []
  2. বিপদ-বিঘিনিবোৰ যিমানলৈকে পাৰি নিজে চম্ভালি ল'ব পাৰিলে ভাল; কিন্তু আপোনজনৰ পৰা সহায় বিচৰাটোও স্বাভাৱিক কথা। সেইদৰে কাৰোবাক অযথা মনত কষ্ট নিদিয়াকৈ ৰাখিব পৰাটোও ভাল কথা।[]
  3. সন্তানৰ ক্ষেত্ৰত পিতৃ-মাতৃ বিচলিত নোহোৱাকৈ থাকিব নোৱাৰে।[]
  4. অসুখীয়া মানুহক হতাশাৰ কৱলৰ পৰা বচাই ৰাখিবলৈ লগ-ভাগ আৰু মৰম-চেনেহৰ খুবেই প্ৰয়োজন। কিন্তু কোনো কথাই মাত্ৰাধিক হ'ব নালাগে।[]
  5. জীৱনটো আৰু আপোনজনৰ প্ৰতি থকা ভালপোৱাই সকলো সম্ভৱ কৰি তোলে।[]
  6. চিন্তা-দুঃচিন্তা, বিশ্বাস-সংশয়, আশা-নিৰাশা, সাহস-ভয় ইত্যাদি ইত্যাদি আৰু কত যে ভাবে মানুহক আমনি দি খেলিমেলিখন লগাই দিয়ে! পিছে এই সকলোকে নিয়ন্ত্ৰণ কৰাৰ সঁচাৰ-কাঠী থাকে মানুহৰ নিজৰ হাতত... নিজৰ মনৰ মাজত।[]
  7. আচলতে মানুহে সকলো ধৰণৰ কষ্ট সহিব পাৰে... যদিহে মনত বল বান্ধি লয়। []
  8. জীৱন আৰু জগতক ভাল পাবলৈ শিকাৰ অবিৰত সাধনাই যে মানুহক সাহিয়াল আৰু সবল কৰি তোলে এয়া মই উপলব্ধি কৰিব পাৰিছোঁ।[]
  9. কিবা কথাত মনোকষ্ট পালে আমাৰ যেতিয়া বুকুত শোকে খুন্দা মাৰি ধৰে, তেতিয়াও আমাৰ বুকুখনত শোকে হেঁচা মাৰি ধৰে আৰু বুকুখন বৰ গধুৰ লাগে। [১০]
  10. মনটোক জানো সকলো সময়তে লেকাম লগাই থ'ব পাৰি? [১১]
  11. দাম্পত্যৰ এক অমোঘ মন্ত্ৰ এয়ে যে দুটা জীৱন আৰু দুটা মনৰ perfect tuning is a must.[১২]
  12. একেটা সুৰত বন্ধা দুটা মনে সকলো সময়তে শৰীৰী উপস্থিতিৰ দাবী নকৰে। [১৩]
  13. গছপুলি এটাক সাৰ-পানী যোগাই মহীৰূহলৈ ৰূপান্তৰিত কৰাৰ দৰে, সম্পৰ্কৰ একাত্মতাৰ বাবেও এক ধৰণৰ প্ৰতিপালন অৱশ্যেই জৰুৰী। এয়া চৰ্চা অলপ কঠিন। কিন্তু অসম্ভৱ নহয়। [১৪]
  14. দৰাচলতে যি কোনো অসুখৰ সময়ত ৰোগৰ ক্ৰিয়াই মানুহৰ শৰীৰত অস্বাভাৱিকতাৰ সৃষ্টি কৰে আৰু এই অস্বাভাৱিকতাই মানুহৰ আচৰণতো প্ৰভাৱ পেলায়। বিৰক্ত কৰি তোলে, খং উঠায়।[১৫]
  15. কঠিন ৰোগৰ সৈতে সংগ্ৰাম চলাই যাবলৈ কিন্তু এটা এটা দিনৰ দিনলিপি মনত ৰৈ যায়। [১৬]
  16. হতাশাই সদায় নেতিবাচক মানসিকতাক নিমন্ত্ৰণ কৰি আনে। [১৭]
  17. আমাৰ জীৱনৰ এক পৰম সত্য হ'ল আমাৰ ভিতৰত কি আছে সেয়াহে প্ৰধান কথা আৰু আমাৰ ভিতৰত যিটো শক্তিয়ে আমাক ওপৰলৈ উঠিবলৈ সাহায্য কৰে সেয়া হ'ল আমাৰ মানসিকতা। আৰু এই ইতিবাচক মানসিকতাৰেই আমি জীৱনৰ এৰাব নোৱৰা উদ্বেগৰ ভাব পাতলাবলৈ চেষ্টা কৰিব লাগিব।[১৮]
  18. সঁচাকৈ বিনন্দীয়া প্ৰকৃতিৰ বুকুত কত যে সুন্দৰ শব্দ আৰু সুন্দৰ দৃশ্য অনায়াসে উপলব্ধ হয়। বিশাল প্ৰকৃতিৰ বুকুলৈ সোমাই পৰিলে সুন্দৰ শব্দ আৰু দৃশ্যক আমি সংখ্যাৰ হিচাপেৰে বান্ধি ৰাখিব নোৱাৰোঁ। কিন্তু অৰণ্যৰ পৰা বহু যোজন আঁতৰত আমাৰ নগৰীয়া পৰিৱেশতো চকু-কাণ খোলা ৰাখিলে আমি নিজকে এনে কিছু সহজলব্ধ সুখেৰে সমৃদ্ধ কৰি তুলিব পাৰোঁ।[১৯]
  19. ভালপোৱাৰ তীব্ৰতাই মানুহৰ মন-প্ৰাণ যেতিয়া পৰিপূৰ্ণ কৰি ৰাখে তেতিয়া হতাশা বা যিকোনো নেতিবাচক চিন্তাই তাত ঠাই ল'বলৈ ছিদ্ৰ কৰিব নোৱাৰে। [২০]
  20. সকলো বস্তু, সকলো অৱস্থা আৰু সকলো সমস্যাই যিহেতু স্থবিৰ হৈ নাথাকে, সময়ৰ লগে লগে এই সকলোবোৰৰ পৰিৱৰ্তন ঘটে, সেয়েহে অসুখ-বিসুখ হ'লেও ইয়াৰ উন্নত আৰু পৰিৱৰ্তিত ৰূপলৈ সাহসেৰে, বিশ্বাসেৰে, আনন্দ মনেৰে অপেক্ষা কৰিব লাগে। বিশ্বাসেই আমাৰ মনত শক্তি প্ৰদান কৰে। আৰু আমাৰ মনটোৱেই আমাৰ শৰীৰটোক নিয়ন্ত্ৰণ কৰিব পাৰে। কাৰণ শৰীৰতকৈ মনৰ শক্তি বহুগুণে বেছি। মনৰ নিৰ্দেশ মানি চলিবলৈ শৰীৰ বাধ্য হ'বলগীয়া হয়।[২১]
  21. অন্য যিকোনো অসুখত যিদৰে দৰৱ-পাতি খাই চিকিৎসা কৰি থকা হয়, কঠিন ৰোগৰ ক্ষেত্ৰতো একে মানসিকতাৰে চলি থাকিব পাৰিলে ভয়, শংকা আৰু হতাশাই কাবু কৰিব নোৱাৰে। [২২]
  22. প্ৰত্যেক মানুহৰ জীৱনৰ একোটা উদ্দেশ্য থাকে আৰু এই উদ্দেশ্যই মানুহক সুস্থ, সবল হৈ থকাৰ বাবে প্ৰণোদিত কৰে। জীয়াই থকাৰ আকাংক্ষা তীব্ৰ কৰে। [২৩]
  23. আমি যদি ভালপোৱা তথা প্ৰেমৰ পৰম শক্তিৰ ওপৰত বিশ্বাস ৰাখি সমৰ্পিত এক মনেৰে আগুৱাই যাওঁ, তেন্তে আমাৰ মাজত থকা জীৱন-তৃষ্ণাই আমাক উজ্জীৱিত কৰি ৰাখে। [২৪]
  24. প্ৰকৃতিয়ে আমাক শিকাই আহিছে - সৃষ্টিৰ কোনো শেষ নাই; আছে মাথোঁ আৰম্ভণিৰ পুনৰাবৃত্তি।[২৫]
  25. বিশ্বাস আৰু সংশয়ৰ মাজেৰে পাৰ হৈ যোৱা দিনবোৰত জীৱনবৃন্তত কতবাৰ যে সপোনৰ ফুল ফুলে, মৰহি শুকায়। আকৌ ন ন সপোনৰ ফুলকলিয়ে মিচিকিয়ায়।[২৬]
  26. বুদ্ধদেৱে পটাচাৰাক দুখ মুক্তিৰ যি পথ দেখুৱাইছিল; সেই পথ সকলোৰে বাবে আদৰণীয় হ'লে শোকগ্ৰস্ত জীৱন যে কেৱল সহনীয়ই হৈ উঠে এনে নহয়, হৈ উঠে সুন্দৰ আৰু অৰ্থৱহ।[২৭]
  27. যেতিয়ালৈকে মানুহে আনৰ প্ৰতি সেৱাৰ মনোভাব পোষণ নকৰি কেৱল নিজক সহায় কৰাৰ মনোবৃত্তিৰে কাম কৰি যায়, তেওঁলোকে কাম কৰাৰ আনন্দ উপভোগ কৰিব নোৱাৰে।[২৮]
  1. দত্ত, অৰুন্ধতী (জানুৱাৰী,‌২০১৫)। সুখ-অসুখৰ যুগলবন্দী। জ্যোতি প্ৰকাশন। ISBN: 978-93-81485-53-8
  2. পৃষ্ঠা ১২
  3. পৃষ্ঠা ৩৪
  4. পৃষ্ঠা ৩৪
  5. পৃষ্ঠা ৩৫
  6. পৃষ্ঠা ৩৯
  7. পৃষ্ঠা ৪৩
  8. পৃষ্ঠা ৫২
  9. পৃষ্ঠা ৫৩
  10. পৃষ্ঠা ৬৫
  11. পৃষ্ঠা ৬৬
  12. পৃষ্ঠা ৬৭
  13. পৃষ্ঠা ৬৭
  14. পৃষ্ঠা ৬৮
  15. পৃষ্ঠা ৭২
  16. পৃষ্ঠা ৭৯
  17. পৃষ্ঠা ৮৩
  18. পৃষ্ঠা ৮৩
  19. পৃষ্ঠা ৮৬
  20. পৃষ্ঠা ৯৩
  21. পৃষ্ঠা ৯৩
  22. পৃষ্ঠা ৯৪
  23. পৃষ্ঠা ৯৪
  24. পৃষ্ঠা ৯৪
  25. পৃষ্ঠা ৯৪
  26. পৃষ্ঠা ৯৫
  27. পৃষ্ঠা ৯৫
  28. পৃষ্ঠা ৯৯