সুখ

ভালে থকাৰ এক মানসিক অৱস্থা যাক যথেষ্ট অনুভৱ কৰাৰপৰা অতি ফূৰ্তি লৈকে ধনাত্মক বা ভাল লগা ভাবেৰে সং

সন্তুষ্টিৰ পৰা আৰম্ভ কৰি তীব্ৰ আনন্দলৈকে ইতিবাচক বা সুখদায়ক আৱেগকে ধৰি মানসিক বা আৱেগিক অৱস্থাৰ প্ৰসংগত সুখ শব্দটো ব্যৱহাৰ কৰা হয়। জীৱন সন্তুষ্টি, বিষয়ভিত্তিক মংগল, উদ্দীপনা আৰু মংগলৰ প্ৰসংগতো ইয়াক ব্যৱহাৰ কৰা হয়।

আপুনি ভবা, কোৱা আৰু কৰা কথাবোৰৰ মাজত থকা সমতায়েই হৈছে সুখ৷ ~ মহাত্মা গান্ধী

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • সুখৰ প্ৰাপ্তি আমাৰ প্ৰয়োজনসমূহৰ ... সন্তুষ্টি নহয় ...বৰঞ্চ সেই প্ৰয়োজনীয়তাসমূহৰ পৰীক্ষা আৰু ৰূপান্তৰহে।
    • ষ্টেনলি কাভেল[১]
  • এই সমস্ত জগতত সুখী শিশুৰ দৰে সৌন্দৰ্যশালী আন একোৱেই নাই।
    • ফ্ৰেংক বাউম[২]
  • সুখ হৈছে ব্যক্তিগত প্ৰচেষ্টাৰ ফল।
    • এলিজাবেথ গিলবাৰ্ট[৪]
 
একো নকৰাৰ বাবেই ইমানবোৰ মানুহ অসুখী৷ একো নকৰাৰ বাবেই তেওঁলোকে আত্মকেন্দ্ৰিক৷ তেওঁলোকে নিজকে একোৱেই দিয়া নাই৷ কেৱল নিজৰ সৰু সৰু বৃত্তবোৰত ঘূৰি ফুৰিছে৷ ~ মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ।
  • জীৱনৰ নিয়মেই এনেকুৱা যে: যদি আপুনি কাৰোবাৰ প্ৰতি দয়াৱান, তেন্তে আপুনি সুখী আৰু যদি আপুনি নিষ্ঠুৰ, তেন্তে আপুনি অসুখী।
    • কেৰি গ্ৰাণ্ট [৫]
  • যুক্তি, পৰ্যবেক্ষণ আৰু অভিজ্ঞতা — বিজ্ঞানৰ পবিত্ৰ ত্ৰিত্বই — আমাক শিকাইছে যে সুখেই একমাত্ৰ সুপ্ৰাপ্য; এতিয়াই সময় সুখী হোৱাৰ, আৰু সুখী হোৱাৰ উপায় হ'ল আনকো সুখী কৰা।
    • ৰবাৰ্ট জি. ইনগাৰ্ছল [৬]
  • এটা সুখী জীৱন অনুপস্থিতিত নহয়, বৰঞ্চ কষ্টৰ আয়ত্ততহে গঠিত।
  • মই ভাবো আত্মকেন্দ্ৰিকতাৰ সমস্যাটো মোকাবিলা কৰাৰ এটা উত্তম উপায় হ’ল এটা বিশেষ কাৰণ আৰু কিবা এটা উদ্দেশ্য৷ নিজৰ বাহিৰলৈ গৈ কিছুমান উপলক্ষ্য আৱিষ্কাৰ কৰা আৰু সেই কিবা এটাৰ সমুখত নিজকে সমৰ্পণ কৰা। ইয়াক চম্ভালিবলৈ সৰ্বোত্তম উপায় ইগোক দমন কৰা নহয়; বৰঞ্চ ইগোক বস্তুনিষ্ঠভাৱে অৰ্থপূৰ্ণ পথ এটালৈ সম্প্ৰসাৰিত কৰা। একো নকৰাৰ বাবেই ইমানবোৰ মানুহ অসুখী৷ একো নকৰাৰ বাবেই তেওঁলোকে আত্মকেন্দ্ৰিক৷ তেওঁলোকে নিজকে একোৱেই দিয়া নাই৷ কেৱল নিজৰ সৰু সৰু বৃত্তবোৰত ঘূৰি ফুৰিছে৷
  • সুখ আছিল কেৱল এটা সু-নিয়ন্ত্ৰিত জীৱনত ঘটা সৰল কিবা এটা।
    • ব্ৰায়ান আলডিছ[৯]
  • এটা নিৰ্মল মন সুখৰ উৎস৷[১০]
  • যিসকলে নিজৰ মনৰ গতিবিধি নিৰীক্ষণ নকৰে, তেওঁলোক নিশ্চয়কৈ অসুখী হ’ব লাগিব।
    • মাৰ্কাছ অৰেলিয়াছ[১১]
  • প্ৰকৃতিৰ চক্ৰত বিজয় বা পৰাজয় বুলি কোনো কথা নাই; কেৱল গতিহে আছে। শীতকালে সৰ্বোচ্চ ৰাজত্ব কৰিবলৈ সংগ্ৰাম কৰে, কিন্তু শেষত বসন্তৰ বিজয় গ্ৰহণ কৰিবলৈ বাধ্য হয়, যিয়ে লগত ফুল আৰু সুখ কঢ়িয়াই আনে।
  • অন্ধকাৰৰ মাজতো সুখক পাব পাৰি, যদিহে লাইটটো জ্বলাবলৈ আমাৰ মনত থাকে।
    • হেৰি পটাৰ এণ্ড দ্য প্ৰিজ'নাৰ্ছ অৱ আজকাবান (২০১৪)[১৩]
  • জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ পিছত লগা আদি কথাবোৰ এৰিষ্ট’টলে কোৱা নাছিল। সেইবোৰ হৈছে সুখৰ চৰ্ত; কিন্তু এৰিষ্টটলৰ মতে সুখৰ সাৰমৰ্ম হৈছে গুণ। গতিকে আধুনিকসকলে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সিদ্ধান্ত ল’লে আৰু সুখক নিজৰ যত্ন ল’বলৈ দিলে।

উৎস সম্পাদনা কৰক

  1. Stanley Cavell, Pursuits of Happiness (1984)
  2. L. Frank Baum, in lines for Santa Claus in The Life and Adventures of Santa Claus (1902).
  3. মহাত্মা গান্ধী, as quoted in Humor, Play, & Laughter : Stress-proofing Life with Your Kids (1998) by Joseph A. Michelli, p. 88.
  4. Elizabeth Gilbert, Eat, Pray, Love
  5. Cary Grant, as quoted in "Love – That’s All Cary Grant Ever Thinks About" by Sheilah Graham Westbrook in Motion Picture (June 1964).
  6. Robert G. Ingersoll, "The Gods" (1876) as published in The Gods and Other Lectures (1879).
  7. হেলেন কেলাৰ The Simplest Way to be Happy (1933)
  8. মাৰ্টিন লুথাৰ কিং জুনিয়ৰ Conquering Self-centeredness (1957)
  9. Brian Aldiss, Steppenpferd, in David G. Hartwell (ed.) Year's Best SF 6, p. 310 (Originally published in Fantasy & Science Fiction magazine, February 2000)
  10. Amit Ray, (2010) Meditation: Insights and Inspiration। Inner Light Publishers। ISBN: 978-93-82123-31-6
  11. Marcus Aurelius, Meditations, 2.8
  12. পাওলো কোৱেলহো, Manuscript Found in Accra (2012)
  13. Harry Potter and the Prisoner of Azkaban (2004), screenplay by Steve Kloves
  14. Allan Bloom, “Commerce and Culture,” Giants and Dwarfs (1990), p. 284