সত্যেন্দ্ৰনাথ শৰ্মা

ভাৰতীয় লেখক

সত্যেন্দ্ৰনাথ শৰ্মা(জন্ম ১৯১৭-মৃত্যু ১৯৯৯)হৈছে অসমৰ এগৰাকী সাহিত্যিক,সমালোচক আৰু বুৰঞ্জীবিদ।'ৰামায়ণৰ ইতিবৃত্ত' শীৰ্ষক গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰা শৰ্মাদেৱে অসমীয়া সহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে।

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

  • সাহিত্যৰ বুৰঞ্জী জাতিবিশেষৰ ভাৱ,চিন্তা,কল্পনা আদৰ্শ আৰু জীৱন ধাৰাৰ অভিব্যক্তি। সাহিত্যৰ যোগেদি প্ৰকাশ পোৱা বিভিন্ন যুগৰ ভাব চিন্তা প্ৰকাশভঙ্গী, অভিজ্ঞতা আৰু আংগিকক পৰস্পৰ্য সূত্ৰত গাঁথি কাৰ্য কাৰণ নিৰ্ণয় কৰি জাতিৰ মানসিক বিকাশৰ ধাৰাটোৰ লগত পাঠকৰ পৰিচয় কৰি দিয়া সাহিত্যৰ বুৰঞ্জীৰ উদ্দেশ্য।[]
  • ভাষাবৃক্ষৰ সাহিত্য সৌৰভময় পুষ্পস্বৰূপ । জাতীয় সাহিত্য জাতিৰ আশা-আকাংক্ষা,আনন্দ-বেদনা আৰু ভাব-কল্পনা প্ৰকাশৰ থল। সাহিত্যৰ যোগেদি জাতিৰ মানসিক বিকাশ, সৌন্দৰ্যবোধৰ ধাৰা লক্ষ্য কৰা যায় আৰু অতীত-বৰ্তমানৰ পৰিচয় আৰু ভৱিষ্যত জীৱনৰ সম্ভাৱনাৰ ইঙ্গিতো পোৱা যায়।কোনো জাতিৰ শিক্ষা-দীক্ষা, কলা-সংস্কৃতি আৰু সমাজৰ প্ৰকৃত পৰিচয় লাভ কৰিবলৈ সেই জাতিৰ সাহিত্য অধ্যয়ন অপৰিহাৰ্য।[]
  • ভাষা নোহোৱাকৈ সাহিত্যৰ সৃষ্টি হ'ব নোৱাৰে; কিন্তু সাহিত্য নোহোৱাকৈ ভাষা থাকিব পাৰে।[]
  • ভাষাৰ প্ৰকাশিকা শক্তি প্ৰধানকৈ শব্দসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰে।যি ভাষাৰ শব্দসম্ভাৰ চহকী সেই ভাষাৰ প্ৰকাশিকা শক্তিও বেছি।[]
  • সকলো জাতিৰে সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌলিক গীত-মাত,প্ৰৱচন,সাধুকথা থকাৰ প্ৰমাণ পোৱা যায়। অসমীয়া ভাষাতো তেনেধৰণৰ লোকগীত,সাধুকথা আৰু প্ৰৱচন হয়তো প্ৰচলিত আছিল। সাহিত্যই লিখিত ৰূপ পোৱাৰ পিছতো আনকি এতিয়াও,নিৰক্ষৰ জনসমাজত মুখে-মুখে গীত-পদ ৰচনা কৰি মৌখিকভাৱেই প্ৰচলন হোৱাৰ ৰীতি চলি আছে।এনে ধৰণৰ পুৰুষানুক্ৰমে মুখে মুখে প্ৰচলিত হৈ অহা লোক-গীতসমূহে বিভিন্ন যুগৰ পৰিবেশৰ প্ৰভাৱত পৰি মোট সলায়,ভাষাই আধুনিক গঢ় লয়,সাজ-সজ্জা নতুন হয়।[]

লগতে চাওক

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক