১৯১০ চনত শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ দেৱে তেওঁৰ এজন বন্ধু অতুলচন্দ্ৰ ভট্টাচাৰ্যৰ কাৰণে কিছুমান উপদেশ মূলক বাৰ্তা লিখিছিল আৰু এইসমূহ পিছলৈ ১৯১৮ চনত সত্যানুসৰণ (The Pursuit of Truth) নামৰ এখন কিতাপ আকাৰে প্ৰকাশিত হয়।

  1. জগতত মানুহে যিমান দুখ পায় তাৰ অধিকাংশই কামিনী-কাঞ্চনত আসক্তিৰ পৰা আহে, সেই দুটাৰ পৰা যিমানে আঁতৰি থকা যায় সিমানেই মঙ্গল।
  2. আগুৱাই যোৱা, কিন্তু জুখি চাবলৈ নাযাবা কিমান দূৰ আগুৱালা; তেনেহ’লে আকৌ পিছুৱাই পৰিবা।
  3. প্ৰেম ভক্তিৰেই ক্ৰমোন্নতি। ভক্তিৰ গাঢ়ত্বই প্ৰেম। অহঙ্কাৰ য’ত যিমান পাতল, ভক্তিৰ স্থান তাত সিমান বেছি।
  4. যি সাধনা কৰিলে হৃদয়ত প্ৰেম আহে, তাকেই কৰা, আৰু য'ত ক্ৰূৰতা, কঠোৰতা, হিংসা আহে, সেয়া আপাততঃ লাভজনক হ'লেও তাৰ ওচৰলৈ নাযাবা।
  5. যিজন কোৱাত কম কামত বেছি, তেৱেঁই প্ৰথম শ্ৰেণীৰ কৰ্মী; যিজনে যেনেকৈ কয় তেনেকৈ কৰে, তেওঁ মধ্যম শ্ৰেণীৰ কৰ্মী; যিজনে কয় বেছি, কামত কম, তেওঁ তৃতীয় শ্ৰেণীৰ কৰ্মী; আৰু যিজনৰ ক'বলৈও আলস্য, কৰিবলৈও আলস্য সেইজনেই অধম।