শোভা ব্ৰহ্ম (ইংৰাজী: Sobha Brahma; ১৪ অক্টোবৰ, ১৯২৯ – ৫ মাৰ্চ, ২০১২) অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ। তেখেতৰ স্ৰজিত শিল্প কৰ্মত ‘উত্তৰ-পূব ভাৰত’ৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়, এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে।[]

  1. এই বিশ্বত এনে কিছুমান শক্তিৰ প্ৰকাশ ঘটে যিবোৰ মানুহৰ বোধ বা প্ৰত্যাহ্বানৰ বাহিৰত। মানুহ যুগে যুগে তাৰ আদিম অৱস্থাৰ পৰা আজিলৈকে বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ চৰম বিবৰ্তনৰ যুগতো সেইবোৰ অতি-ভৌতিক, অতিজাগতিক, অলৌকিক আৰু অতি মানবীয় শক্তিৰ প্ৰকাশ দেখি বিস্ময়াভিভূত, হতবুদ্ধি আৰু আত্মবিস্মৃত হৈ আহিছে। এনে এক শক্তিৰ প্ৰতি, সেই শক্তিৰ প্ৰতি নিয়ন্তাৰ প্ৰতি নিদ্বিৰ্থা নিসংশয় আত্মসমৰ্পণৰ নামেই ধৰ্মভাব বা ধৰ্ম।[]
  2. ধৰ্ম তথ্য শিল্পকলাত তত্ত্ব তথ্য শাস্ত্ৰীয় অনুশাসন যিমানেই সক্ৰিয় বা সজাগ নেথাকক, সি যুগে যুগে প্ৰতিভাশালী, সবল শক্তিশালী শিল্পীৰ মুক্ত সৃষ্টিক বাধাদান কৰিব নোৱাৰে।[]
  3. এগৰাকী স্ৰষ্টাশিল্পী সৃষ্টিকাৰ্যত ব্যক্ত থাকিও এজন নিশ্চয় সামাজিক ভাবে দায়বদ্ধ শিল্পী। শিল্প সৃষ্টিৰ কামটো দায়িত্ব বিহীন অসামাজিক জ্ঞান কৰাটো নিশ্চয় ৰক্ষণশীল মানসিক অৱস্থাৰে পৰিচায়ক। সৃষ্টিৰ আনন্দত নিজকে আপ্লুত ৰাখিও নিজৰ, পৰিয়ালৰ, সমাজখনৰ, দেশখনৰ ৰক্ষণা বেক্ষণৰ চিন্তা, ব্যৱহাৰিক পোষকতা কৰাটো এগৰাকী মহৎ শিল্পীৰ বহিৰ্ভূত লক্ষণ নহয়।[]
  4. ই চিত্ৰ আৰু ভাস্কৰ্য দুয়োটা মাধ্যমতে কাম কৰি ভাল পাওঁ। কিন্তু চিত্ৰ বহুত বেছি challanging বহুতদিন চিত্ৰ আঁকি আঁকি ভাস্কৰ্যত হাত দিব নোৱাৰিলে মই শাৰীৰিকভাবে নিষ্ক্ৰিয় বোধ কৰোঁ। যেন মোৰ শক্তিৰ যথোচিত প্ৰয়োগ ঘটাত ব্যাঘাত হৈছে। আকৌ বেছিদিন ভাস্কৰ্যৰ কাম কৰি থাকিলেও ছবিত হাত নপৰিলে মই বৌদ্ধিক দিশত (intellectual) নিষ্প্ৰভ বোধ কৰোঁ, যেন মোৰ চিন্তা জগতখনৰ যুদ্ধৰ তৰোৱালখনত মামৰে ধৰিব। সেই শংকা দূৰ কৰাৰ কাৰণে মই ড্ৰইং বা স্কেচ হলেও কিবা এটা কৰিব লগা হয়।[]
  5. মই আটাইতকৈ অধিক consumerist artist মই নিজে প্ৰসাধন ব্যৱহাৰ নকৰোঁ, মোৰ পৰিয়ালতো ন্যূনতম প্ৰসাধনৰ ব্যৱহাৰ হয়। গতিকে স্বাভাৱিক অৰ্থত মোৰ চিত্ৰ বা ভাস্কৰ্য্যৰো বেচেৰাহঁতৰ প্ৰসাধনৰ বিলাসিতা বৰ কম। মই চিত্ৰ ৰচনা কৰোঁ, সেই চিত্ৰৰ কেতিয়া ফ্ৰেম হয় তাৰ কোনো ঠিক নাই। ফ্ৰেম হলেও অতি কম দামৰ ফ্ৰেমহে মই লগাব পাৰো।[]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক