শৃংগাৰ অসমৰ পিপলিবাৰীৰ ওচৰৰ তেঙাবাৰিৰ এগৰাকী যুৱ ঔপন্যাসিক নীলোৎপল তালুকদাৰে লিখা এখন উপন্যাস।[]

শৃংগাৰ(উপন্যাস)

সম্পাদনা কৰক
  1. আমি নাৰীবোৰে কেতিয়াবা নিজৰ চিতা নিজেই সাজি, আমাৰ আৱেগ-অস্তিত্বক সেই চিতাত দাহন কৰি, নিজেই নিজক জ্বলাই, নিজৰ ঔৰসত , নিজৰ গৰ্ভতে অন্য এজনী নতুন নাৰীৰ জন্ম দিব লগা হয়,পল্লৱী।আমি সময়ে সময়ে মৰহা পাতৰ দৰে সৰি পৰোঁ।আমি শৃংগাৰ যন্ত্ৰণা সহো।গৰ্ভধাৰণৰ যন্ত্ৰণা সহোঁ।প্ৰসৱ যন্ত্ৰণা সহোঁ।আমি বহুবাৰ মৰো।আকৌ জী উঠো।
  2. প্ৰেম কৰি বিয়া পাতিলে বুলিয়েই ইচ্ছা-অনিচ্ছাবোৰ যে অভিন্ন হ'ব লাগিব তেনে কোনো চৰ্ত নাই।
  3. বিয়া মানে জীৱনৰ বন্দীত্ব, স্বাধীনতাৰ অপমৃত্যু, বন্ধ পিঞ্জৰাৰ বন্দী পখী, কাৰোবাৰ কামনা পূৰণৰ যন্ত্ৰ।
  4. সময়বোৰ উপভোগ্য কৰি তুলিব পৰাটো জীৱনৰ অন্যতম কৃতকাৰ্যতা আৰু ই এক কলা।যিয়ে এয়া সম্ভৱ কৰিব পাৰে তেওঁ শিল্পী।
  5. হৃদয়ৰ নিভৃত কোণত এইদৰেই থাকি যায় বহু কথা কোনোদিন নোকোৱাকৈয়ে....কোনোদিন নুশুনাকৈয়ে.....!
  6. কোনে শুনিব.... নাৰীৰ হৃদয়ৰ আৰ্তনাদ!পুহমহীয়া শীতত মই উলংগ হৈ পৰি আছোঁ।মদ খাই আহি স্বামীয়ে মোক মাৰ-ধৰ কৰে।মোক যৌন অত্যাচাৰ কৰে।মোৰ গুপ্তাংগত জ্বলন্ত চিগাৰেট লগাই দিয়ে।মোৰ স্তনত কামোৰে।
  7. জীৱনত কেতিয়াবা এনেকুৱা মুহূৰ্ত আহে, য'ত - যন্ত্ৰণাবোৰ পাহৰি ক্ষণিকৰ বাবে হ'লেও গভীৰ প্ৰশান্তি অনুভৱ কৰিব পৰা যায়।য'ত কোনো কৃত্ৰিমতা নাথাকে।নিঃসংগ হৈ, দুখ- শোকত জৰ্জৰিত হৈ জীৱনৰ ছন্দ হেৰুৱা অনুৰ হৃদয়খনেও আজি এনে এক মুহুৰ্তৰ সাক্ষী হ'ল।
  8. এটা বাট বিচাৰিছোঁ
    হৃদয়ৰ পৰা হৃদয়লৈ
    কিম্বা এখনি সাঁকো
    দুখন হৃদয় সংযোগী...
  9. মোৰ শিৰত সেই ৰঙা আলিবাটটো নাই। সেইবাবে মই মুক্ত।
  10. মোৰ দৃষ্টিত সম্পৰ্কবোৰ পণ্য।যাক কিনা বেচা কৰিব পাৰি।এতিয়া মই মুক্ত।স্বাধীনতাৰে একাত্ম হৈ জীৱন উদযাপন কৰিছোঁ।ক্ষণবোৰ উপভোগ কৰিছোঁ।প্ৰতিটো ছেকেণ্ড, প্ৰতিটো পল মোৰ বাবে এতিয়া উপভোগ্য।য'ত দ্বিতীয় এজনৰ হস্তক্ষেপ নাই।কাৰো হাতোৰাত মই বন্দী হোৱা নাই।
  11. হৃদয়ৰো ভোক থাকে।মোৰ ইচ্ছা, আকাংক্ষা, মোৰ আৱেগ, মোৰ ভালপোৱাক ,মোৰ বিশ্বাসক সি তাৰ চিগাৰেটৰ ধোঁৱাৰ দৰে শূন্যত উৰাই দিছিল।
  12. প্ৰেমেৰে উদ্ভাসিত হয় উশাহৰ ছন্দ জী উঠে জীৱন।
  13. সৌন্দৰ্যৰ স্পৰ্শ কাৰ কাম্য নহয়। সৌন্দৰ্যৰ প্ৰতি আকৰ্ষণ মনুষ্য জাতিৰ প্ৰাকৃতিক আসক্তি।
  14. নাৰীৰ আৱেগ-অনুভূতিক পুৰুষবোৰে কেতিয়াও নুবুজে।
  15. জীৱনত কেতিয়াবা এনেকুৱা মুহূৰ্ত আহে, য'ত - যন্ত্ৰণাবোৰ পাহৰি ক্ষণিকৰ বাবে হ'লেও গভীৰ প্ৰশান্তি অনুভৱ কৰিব পৰা যায়।য'ত কোনো কৃত্ৰিমতা নাথাকে।নিঃসংগ হৈ, দুখ- শোকত জৰ্জৰিত হৈ জীৱনৰ ছন্দ হেৰুৱা অনুৰ হৃদয়খনেও আজি এনে এক মুহুৰ্তৰ সাক্ষী হ'ল।
  16. এটা বাট বিচাৰিছোঁ
    হৃদয়ৰ পৰা হৃদয়লৈ
    কিম্বা এখনি সাঁকো
    দুখন হৃদয় সংযোগী..
  17. নিঃসংগ হোৱাৰ ভয়তে মানুহবোৰ বৃদ্ধ হ'ব নোখোজে...বাৰ্ধক‍্যই কঢ়িয়াই অনা নিঃসংগতা প্ৰিয়সখাৰ মৃত্যুবেদনাতকৈও বৰ পীড়াদায়ক।বাৰ্ধক‍্যতকৈ মৃত্যুয়েই শ্ৰেয় বুলি অনুৱে বিশ্বাস কৰে।বুঢ়া হোৱাৰ আগতে মানুহবোৰ মৰি যাওঁক, তেতিয়া পৃথিৱীখন সুখী হ'ব!
  18. হৃদয়ৰ ভোগ পূৰাব নোৱাৰা শৰীৰ সম্ভোগৰ তৃপ্তি শৃংগাৰৰ সময়খিনিতে শেষ হৈ যায়, আত্মা তৃপ্ত নহয়..
  19. মই তাক জন্ম দিছোঁ আৰু আপুনি তাক জীৱন দিছে।
  20. কোনো কোনো সময়ত মৌনতাৰো প্ৰয়োজন হয়।মৌনতায়ো বহু কথা কয়।কিন্তু মৌনতা ইমানো সহনীয় নহয়।বহুসময়ত ই যন্ত্ৰণাদায়ক।
  21. হৃদয়ৰ একচিডেণ্ট ,বিশ্বাসৰ একচিডেণ্ট,ভালপোৱাৰ একচিডেণ্ট।সেইবুলি মোৰ হৃদয়খন আই চি ইউত ভৰ্তি কৰাব লগা হোৱা নাই।বিশ্বাস অৱশ্যে ঢুকাল।
  22. মোৰ ৰক্তত প্ৰবাহিত হৈছিল তাৰ উশাহবোৰ।মোৰ দেহৰ সিৰাই সিৰাই সঞ্চালন হৈছিল তাৰ প্ৰতি থকা ভালপোৱা।সি মোৰ মানসিক ক্ষুধা পূৰাইছিল।সি মোৰ শাৰীৰিক ক্ষুধা পূৰাইছিল।
  23. য'ত প্ৰেম আছিল, আলিংগন আছিল।প্ৰেমত কেৱল হৃদয়ৰে নহয়, শৰীৰৰো সম্পৰ্ক হয়।
  24. কিমান ধুনীয়া হ'লে এজনী নাৰীৰ প্ৰেমত বিভোৰ হ'ব পাৰে এজন চফল ডেকা! তাই ভাবিছিল।
  25. আমি প্ৰত‍্যেকে আমাৰ চৌপাশে এদল মানুহ বিচাৰো, যিয়ে আমাক ভালপাব পাৰে,আমাক মৰম কৰিব পাৰে, আমাক আপোন বুলি ভাবিব পাৰে।
  26. অপেক্ষাৰো এক সুকীয়া আমেজ আছে।
  27. প্ৰেম-ভালপোৱাৰ প্ৰতি মই কোনোদিনে বিশেষ দুৰ্বলতা অনুভৱ কৰা নাছিলোঁ।বহুজনৰ পৰা প্ৰেমপ্ৰস্তাৱ পায়ো সসন্মানে প্ৰত‍্যাখ‍্যান কৰিছিলোঁ।কাৰোৱেই প্ৰতি দুৰ্বল হৈ পৰা নাছিলোঁ।কোনোদিনে প্ৰেমৰ বাবে মোৰ হিয়াত স্পন্দন জগা নাছিল।কিন্তু তোমাৰ উপস্থিতয়ে মোক সম্পূৰ্ণ সলনি কৰি পেলালে।মই নাজানো, কিয় মই তোমাৰ প্ৰতি ইমান দুৰ্বল হৈ পৰিলোঁ।যেন নজনাকৈয়ে তোমাৰ প্ৰেমত পৰিলোঁ।হঠাতে।
  28. কোন কেতিয়া জীৱনলৈ আহে, কোন কেতিয়া আঁতৰি যায় ক'ব নোৱাৰি।সম্পৰ্ক এটা হঠাতে আৰম্ভ হৈ শেষ হৈ যায়।সত্য এয়াই।
  29. সুখী হ'বলৈ মানুহক এটা অৱলম্বন লাগে।আশ্ৰয় লাগে।জিৰাবলৈ এখন বুকু লাগে।
  30. খিৰিকীৰে যেন মেঘ এটুকুৰা সোমাই আহিছে.... সংগোপনে।
  31. বিষবোৰ উতলি উঠে বুকুত। প্ৰত্যাশাৰ স্খলন ঘটে।
    প্ৰাপ্তি-অপ্ৰাপ্তিৰ পানচৈ যেন বঠাহীন ভাবেই বৈ যায় সুগভীৰ সমুদ্ৰৰ উন্মাদ তৰংগত।
  32. প্ৰিয় মানুহবোৰ আঁতৰি গ'লেও আঁতৰি নাযায় তাৰ সুবাস ..

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. নীলোৎপল তালুকদাৰ(২০২০), শৃংগাৰ, পাঞ্চজন্য বুকছ।