শান্তনু তামূলী

অসমৰ বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক

শান্তনু তামূলী (ইংৰাজী: Santanoo Tamuly; জন্ম: ১৯৪৮-) অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেখেত ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক। তেখেতৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী। শান্তনু তামূলী তেওঁৰ ছদ্মনামহে। তেখেতে অসমীয়া শিশু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ বৰ্ষৰ ‘সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ’ লাভ কৰে।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. মই ছদ্মনাম ব্যৱহাৰ কৰাৰ মুখ্য কাৰণ হ’ল প্ৰকৃত নাম প্ৰকাশ নকৰা অথবা সাহিত্যৰ প্ৰকাশৰ ক্ষেত্ৰত কিছুমান বিষয়ত একেজন লেখকে অন্য এটা নাম বা একাধিক নামত প্ৰকাশ কৰা৷ ছদ্মনাম লোৱাৰ প্ৰথম অৱস্থাত এটাই কাৰণ আছিল যে ময়েই যে লিখিছোঁ সেই কথা যেন আনে গম নাপাওক৷[]
  2. আমি সকলোৱেই বিজ্ঞান মানসিকতাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা প্ৰয়োজন৷ বিজ্ঞানৰ জ্ঞান আহৰণ নকৰিলেও আমি যুক্তিৰে উচিত-অনুচিত, সত্য-অসত্য, প্ৰয়োজন-অপ্ৰয়োজনীয় বহু মানি অহা কাম আৰু ৰীতি-নীতি পৰিহাৰ কৰিব পাৰোঁ৷ যুক্তিনিষ্ঠ বিচাৰ-বুদ্ধিয়েই আমাৰ বিজ্ঞান মানসিকতা গঢ়ি তোলে৷
  3. বিশ্বাসৰ বশৱৰ্তী হৈ আমি নভবা-নিচিন্তাকৈ কৰা কিছুমান কামেই হ’ল অন্ধবিশ্বাস৷ অৰ্থাৎ চকু মুদি যিকোনো কথাকে মানি চলা৷ এনে কাম কিছুমান মানি চলাৰ ফলত যুগ যুগ ধৰি আমি সত্য আৰু শুদ্ধ পথৰ পৰা বিচলিত হৈ আহিছোঁ৷
  4. যিবিলাক কাম কিয় বিজ্ঞানসন্মত নহয়, যিবিলাক কাম বা নিয়ম চকু মুদি বা প্ৰশ্ন নকৰি অনুসৰণ বা অনুকৰণ কৰাটো অনুচিত সেই বিষয়ে উদাহৰণসহ বুজাব পাৰিলে গাঁও অঞ্চলৰ ল’ৰা-ছোৱালী বা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকতা লাহে লাহে বিজ্ঞানমুখী কৰিব পৰা যাব৷
  5. ধৰ্ম মানৱসৃষ্ট পন্থা– মূলতঃ সত্য অন্বেষণৰ পথ৷ মানৱ সভ্যতা গঢ় দিয়া আৰু মানৱ জাতিক আগুৱাই নিয়াত একতাৰ ডোল ৰূপে যেতিয়ালৈকে ব্যৱহাৰ হ’ব তেতিয়ালৈকে ধৰ্ম সকলোৰে আস্থা আৰু বিশ্বাসভাজন হৈ ৰ’ব৷

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. ৰাজখোৱা, অৰবিন্দ (সম্পা) (২০১৮)। অসমীয়া বিজ্ঞান সাহিত্য। অসম বিজ্ঞান সন্থা, পৃষ্ঠা:২২৬।
  2. বিশিষ্ট বিজ্ঞান লেখক শান্তনু তামূলীৰ সৈতে সাক্ষাৎকাৰ – (সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা). আহৰণ কৰা হৈছে: 25 মে' 2024.