শশী থাৰুৰ
শশী থাৰুৰ (ইংৰাজী: Shashi Tharoor; জন্ম ৯ মাৰ্চ ১৯৫৬) এজন ভাৰতীয় তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় কূটনীতিবিদ, ৰাজনীতিবিদ, লেখক আৰু বুদ্ধিজীৱী। তেওঁ ২০০৯ চনৰ পৰা কেৰালাৰ তিৰুৱন্তপুৰমৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ পূৰ্বতে ৰাষ্ট্ৰসংঘৰ আণ্ডাৰ চেক্ৰেটেৰী জেনেৰেল আছিল আৰু ২০০৬ চনত মহাসচিব পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল।
তেওঁ তথ্য প্ৰযুক্তিৰ সংসদীয় স্থায়ী সমিতি আৰু সৰ্বভাৰতীয় পেছাদাৰী কংগ্ৰেছৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে। তেওঁ পূৰ্বতে বৈদেশিক পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ (২০১৪ - ২০১৯) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত শশী থাৰুৰে ইংৰাজী ভাষাত এন এৰা অফ ডাৰ্কনেছ শীৰ্ষক অকাল্পনিক শ্ৰেণীৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
যুক্তৰাজ্যৰ লণ্ডনত জন্ম গ্ৰহণ কৰা আৰু ভাৰতত ডাঙৰ দীঘল হোৱা থাৰুৰে ১৯৭৫ চনত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৭৮ চনত টাফ্টছ বিশ্ববিদ্যালয়ৰ ফ্লেচাৰ স্কুল অৱ ল এণ্ড ডিপ্লোমেচীৰ পৰা আন্তৰ্জাতিক সম্পৰ্ক আৰু বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰি অধ্যয়ন সমাপ্ত কৰে। ২২ বছৰ বয়সত তেওঁ সেই সময়ত ফ্লেচাৰ স্কুলৰ পৰা এনে সন্মান লাভ কৰা সবাতোকৈ কনিষ্ঠ ব্যক্তি আছিল। ১৯৭৮ চনৰ পৰা ২০০৭ চনলৈ থাৰুৰ ৰাষ্ট্ৰসংঘৰ এজন কেৰিয়াৰ বিষয়া আছিল। তেওঁ ২০০১ চনত যোগাযোগ আৰু ৰাজহুৱা তথ্যৰ আণ্ডাৰ-চেক্ৰেটেৰী জেনেৰেল পদলৈ উন্নীত হৈছিল। ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ বাবে বান কি-মুনৰ বাবে বাছনিত দ্বিতীয় স্থান লাভ কৰাৰ পিছত তেওঁ অৱসৰ ঘোষণা কৰে।
উদ্ধৃতি
সম্পাদনা কৰক- ভাৰত মানুহে কোৱাৰ দৰে অনুন্নত দেশ নহয়, বৰঞ্চ ইয়াৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰেক্ষাপটত এই দেশ অতি উন্নত, কিন্তু একেসময়তে ভাৰত অৱক্ষয়ৰ উন্নত অৱস্থাত থকা এখন দেশ।[১]
- ভাৰতে মোৰ মনটোক গঢ় দিছিল, মোৰ পৰিচয়ক শিপা দিছিল, মোৰ বিশ্বাসক প্ৰভাৱিত কৰিছিল আৰু মোক মই কৰি তুলিছিল। ... ভাৰত মোৰ বাবে গুৰুত্বপূৰ্ণ আৰু মই ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হ’ব খোজোঁ।[১]
- ভুল ঠাই, বা ভুল সময় বুলি কোনো কথা নাই। আমাৰ হাতত থকা একমাত্ৰ সময়ত আমি য’ত আছোঁ তাতেই আছোঁ। হয়তো আমি য’ত থকা উচিত তাতেই আছোঁ।[১]
- গান্ধীৰ বিষয়ে: কেতিয়াও পাহৰি নাযাব, যে আমাক ডাৱৰত মূৰ থৈ কোনো সাধুৱে আমাৰ নেতৃত্ব দিয়া নাছিল, বৰঞ্চ মাটিত ভৰি থৈ এজন নিপুণ কৌশলবিদে নেতৃত্ব দিছিল।
- ইতিহাসত ব্ৰিটিছ একমাত্ৰ জাতি যিয়ে আমেৰিকানক বিপ্লৱী কৰি তুলিছে।[১]
- পশ্চিমীয়া অভিধানত ধৰ্মনিৰপেক্ষতাক ধৰ্মৰ অনুপস্থিতি বুলি সংজ্ঞায়িত কৰা হৈছে যদিও ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ অৰ্থ ধৰ্মহীনতা নহয়।ইয়াৰ অৰ্থ হৈছে ধৰ্মৰ প্ৰচুৰতা।[১]
- ভাৰতৰ একমাত্ৰ সম্ভাৱ্য ধাৰণাটো হ’ল যে ইয়াৰ অংশৰ যোগফলতকৈও দেশখন ডাঙৰ।[১]