শংকুৰাজ কোঁৱৰ
ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু ইউটিউবাৰ
শংকুৰাজ কোঁৱৰ হৈছে অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী[১] আৰু ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।[২]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- সৰুৰে পৰাই অলপ গুণ গুণাই ভাল পাইছিলোঁ। মা-দেউতাহঁতেও পুৰণি অসমীয়া গীতসমূহ খুব শুনিছিল। মোক এইবোৰে আকৰ্ষণ কৰিছিল।[১]
- মই আকৃষ্ট হৈছিলোঁ নতুন নতুন শব্দৰ প্ৰতি। সুন্দৰ শব্দৰ প্ৰয়োগ আৰু সঠিক ৰূপত প্ৰকাশ কৰিবলৈ মই বহু সময় যুজিছিলোঁ। আৰু ভাল লাগিছিল।[১]
- মনৰ কিছুমান অনুভূতি সেই ৰূপতে ভাষাৰে বুজাব পৰা নাযায়। কিন্তু শব্দৰ সম্ভাৰে সেয়া সহায় কৰে আৰু নতুন শব্দ বিচাৰি পাওঁ। মই এনেকৈয়ে গীতসমূহত এই শব্দৰে অনুভৱ-অনুভূতি, ভাৱনা, দেশপ্ৰেম প্ৰকাশৰ চেষ্টা কৰোঁ। বহু সময় লাগে - ভাল লাগে মোৰ।[১]
- প্ৰতিজন শিল্পী সমাজৰ প্ৰতি দায়বদ্ধ হৈ থাকে। মইও সেয়া মানি চলোঁ লগতে পৰিস্থিতি, চিন্তা, সমাজ-সচেতনতাই শিল্পীজনৰ লগতে সৃষ্টিৰাজিৰ সফলতাত ভূমিকা লয়।[১]
- সম্প্ৰতি স্বকীয়তা বজাই ৰাখি আমাৰ পুৰণি স্বৰ , লিপি, এই সমূহৰ ব্যৱহাৰ ও সংৰক্ষণৰ হকে কাম কৰা উচিত।[১]
- নতুন শিল্পীসকলে নিজৰ উদ্দেশ্য, ভাৱনা, মতাদৰ্শ আৰু সং-সংগঠিত সামাজিক বাৰ্তাৰে আমাৰ চিন্তা, সপোনবোৰক যাতে চুব পাৰে। সেয়া তেওঁৰ যি কলাৰ সহায়েৰে নহওক কিয় কোনোবাজনে কবিতাৰে। গানেৰে, চিত্ৰশিল্পৰে। এইবোৰত মাথোঁ লাগিব প্ৰৱল ইচ্ছা, সপোন।[১]
- নতুন চিন্তা, সৃষ্টি যি কৰা যায় তাৰ বৰ্তমানৰ গ্ৰহণযোগ্যতাৰ গুণসমূহ লাগিব। [১]