ল্যুচিয়াচ এন্যেয়াচ চেনেকা

লুচিয়াচ এন্যেয়াচ চেনেকা (ইংৰাজীঃ Lucius Annaeus Seneca) চমুকৈ চেনেকা আছিল এজন ৰোমান দাৰ্শনিক, ৰাষ্ট্ৰনেতা, বক্তা আৰু ট্ৰেজেডিয়ান। খ্ৰীষ্টীয় প্ৰথম শতিকাৰ মাজভাগত তেওঁ ৰোমৰ আগশাৰীৰ বৌদ্ধিক ব্যক্তিত্ব আছিল আৰু সম্ৰাট নীৰোৰ ৰাজত্বকালৰ প্ৰথম পৰ্যায়ত ৫৪ৰ পৰা ৬২ চনৰ ভিতৰত ৰোমান জগতৰ বন্ধুসকলৰ সৈতে ভাৰ্চুৱেল শাসক আছিল।

ল্যুচিয়াচ এনিয়াছ চেনেকাৰ মূৰ্তি
ল্যুচিয়াচ এনিয়াছ চেনেকাৰ মূৰ্তি


গ্ৰন্থঃ The Stoic Philosophy of Seneca: Essays and Letters

১। আপুনি নিজৰ বিষয়ে কি ভাৱে, সেয়া আনে আপোনাৰ বিষয়ে কি ভাৱে, তাতকৈ অধিক গুৰুত্বপূৰ্ণ।

২। প্ৰকৃত সুখ হ’ল ভৱিষ্যতৰ প্ৰতি উদ্বিগ্ন নোহোৱাকৈ বৰ্তমানটো উপভোগ কৰা, আশা বা ভয়ৰ কোনো এটাৰে নিজকে আমোদ দিয়া নহয় বৰঞ্চ আমাৰ হাতত যি আছে তাত সন্তুষ্ট হৈ জিৰণি লোৱা, কাৰণ যিজনৰ হাতত জিৰণিৰ সময় আছে তেওঁ আৰু একোৱেই নিবিচাৰে। মানৱ জাতিৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ আমাৰ ভিতৰত আৰু আমাৰ হাতৰ মুঠিত আছে। জ্ঞানী মানুহে যি নাই তাৰ কামনা নকৰি নিজৰ ভাগ্যতেই সন্তুষ্ট হয় সি যিয়েই নহওক কিয়।

৩। আমি বাস্তৱতকৈ কল্পনাত বেছিকৈ কষ্ট পাওঁ।

৪। পৃথিৱীৰ পৰা তৰালৈ সহজ বাট নাই।

৫। যদি কোনো মানুহে নাজানে যে তেওঁ কোনটো বন্দৰলৈ যাব, তেন্তে কোনো বতাহেই তেওঁৰ অনুকূলে নবয়।

৬। আপোনাৰ যৌৱনৰ উৎসাহ-শক্তিবোৰ সঞ্চয় কৰি ৰাখক, আপুনি পৰিপক্ক হ’লে সেইবোৰ ভালদৰে ব্যৱহাৰ কৰিব পাৰিব৷

৭। বেছি কম থকা মানুহজন নহয়, বেছি হাহাকাৰ কৰা মানুহজনহে দুখীয়া।