লীনা শৰ্মা (জন্ম ১১ডিচেম্বৰ ১৯৬২চন) এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক।তেওঁ বিভিন্ন বাতৰি কাকত আৰু আলোচনীত নিয়মিত স্তম্ভ লেখন কৰি আহিছে। প্ৰকাশ, গৰীয়সী আদি আলোচনীৰ তেওঁ নিয়মীয়া গল্পকাৰ। তেওঁৰ ইংৰাজী ভাষাত লিখা প্ৰথমখন উপন্যাস হল ‘A Melody in the Wilderness’। চাকৰিসূত্ৰে ভাৰতীয় ৰেল বিভাগৰ শীৰ্ষ বিষয়া ৰূপে তেওঁ অৱসৰ গ্ৰহণ কৰে।

উদ্ধৃতি সমূহ সম্পাদনা কৰক

  1. নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত থকাৰ সময়তো মানুহে নিজৰ স্কুল-কলেজৰ সহপাঠী তথা বন্ধুবৰ্গ আৰু সম্পৰ্কীয় মানুহৰ লগত সম্বন্ধ ছেদ হ’বলৈ দিব নালাগে।সহকৰ্মীসকলৰ লগত সম্পৰ্ক অৱসৰৰ পাচত বৰ্তাই ৰখা বৰ কঠিন।কিন্তু স্কুল-কলেজৰ বন্ধু আজীৱন বন্ধু হৈয়েই ৰয়।সেই বন্ধুত্বত কোন কিমান আগলৈ গ’ল,কোন পিচ পৰি থাকিল তাৰ হিচাব-নিকাচ নাথাকে।অৱসৰৰ পাচত সেই বন্ধুমহল বৰ ডাঙৰ সহায় আৰু সকাহৰ আহিলা হৈ পৰে।[১]
  2. মই লাহে লাহে অনুভৱ কৰিবলৈ লৈছো যে সমস্যাহীনতা এটা বৰ ডাঙৰ সমস্যা।বিশেষকৈ সকলোখিনি জীৱনত পোৱা মধ্য বয়ষীয়া আৰু আনকি কোমল বয়সীয়া মহিলা আৰু লগতে লৰা-ছোৱালীৰ ক্ষেত্ৰত ই ডাঙৰ সমস্যাত পৰিণত হয়।[২]
  3. হতাশাত ভুগিবলৈও মনটোত অলপ সময় বা বিৰামৰ প্ৰয়োজন।মোৰ তেনে বিৰাম লবলৈ সময় নাথাকে।দেশ এখন চলোৱা নাই যদিও মোৰ সৰু সাম্ৰাজ্যখন চলাওঁতেও দেখোন মনটোত খং,আমনি,আনন্দ আদিৰে অনবৰত এটা উত্তেজনা চলি থাকে আৰু এনে উত্তেজনাৰ মাজত হতাশাৰ অৱকাশ বৰ কম থাকে।[৩]
  4. বোৱাৰী এজনীক নিজ ছোৱালী বুলি ভবাটো ভাল, কিন্তু জন্মহোৱা ঘৰখনৰ পৰা মানসিক আৰু আৱেগিক ভাবে আজুৰি আনিবলৈ চেষ্টা কৰাটো অনুচিত।একেতা কথা জোঁৱাইৰ ক্ষেত্ৰতো খাটে।ডাঙৰ-দীঘল কৰি উপযুক্ত কৰি আগবঢ়াই দিয়া ল’ৰাটোকো শহুৰৰ ঘৰে নিজৰ পৰিয়ালত প্ৰয়োজনাধিকভাবে সুমুৱাই লোৱাৰ চেষ্টা চলোৱা অনুচিত।[৪]
  5. ভয়ঙ্কৰ ইগ’ থকা মানুহো জীৱনত সফল হ’ব পাৰে,কিন্তু সুখী হোৱাৰ নিশ্চয়তা বৰ কম।অৱশ্যে বহুতো মানুহৰ ক্ষেত্ৰত এই সফলতা ক্ষণস্থায়ী হয়,কাৰণ তেওঁলোকে মানুহৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম নহয়।[৫]
  6. মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে জেদ,মইবৰ ভাব,অলপ মিলাই নোলোৱাৰ মনোবৃত্তি।[৫]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "ৰিটায়াৰ্ড(জীৱন-এষণা)", অসমীয়া প্ৰতিদিন, ০৪-০৭-২২. আহৰণ কৰা হৈছে 27 এপ্ৰিল 2024.
  2. লীনা শৰ্মা. "অপৰাহ্ণৰ আশা-সপোনৰ ৰং(জীৱন-এষণা)", অসমীয়া প্ৰতিদিন, ১৭-০৭-২২,.পৃষ্ঠাসমূহ. প্ৰথম পৃষ্ঠাৰ পৰা. আহৰণ কৰা হৈছে 27 এপ্ৰিল 2024.
  3. লীনা শৰ্মা. "মইবৰ ভাব(জীৱন-এষণা)", অসমীয়া প্ৰতিদিন. আহৰণ কৰা হৈছে 27 এপ্ৰিল 2024.
  4. লীনা শৰ্মা. "জোঁৱাই পুৰাণ(জীৱন-এষণা)", অসমীয়া প্ৰতিদিন।. আহৰণ কৰা হৈছে 27 এপ্ৰিল 2024.
  5. ৫.০ ৫.১ লীনা শৰ্মা. "মইবৰ ভাব(জীৱন-এষণা)", অসমীয়া প্ৰতিদিন।,.পৃষ্ঠাসমূহ. প্ৰথম পৃষ্ঠা. আহৰণ কৰা হৈছে 27 এপ্ৰিল 2024.