লিয়'নেল মেছি

আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ

লিয়'নেল আন্দ্ৰেছ মেছি (Lionel Andrés "Leo" Messi) (জন্ম ২৪ জুন, ১৯৮৭) ফৰাছী ফুটবল ক্লাব পেৰিছ ছেইণ্ট জাৰমেইন আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ৰাইট ৱিংগাৰ হিচাপে খেলা আৰ্জেণ্টিনাৰ এগৰাকী পেছাদাৰী ফুটবল খেলুৱৈ।

২০০৫ চনত মালাগা চি এফৰ বিৰুদ্ধে খেলি থকা অৱস্থাত ১৮ বছৰীয়া মেছি

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. ডিয়েগো ডিয়েগোৱেই, আৰু মোৰ বাবে তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ। কেইবা লাখ বছৰৰ পাছতো মই আনকি মাৰাডোনাৰ ওচৰ চাপিবও নোৱাৰোঁ। মাৰাডোনাৰ লগত নিজকে তুলনা কৰাৰ মোৰ কোনো অভিপ্ৰায় নাই - মই নিজে অৰ্জন কৰা কিবা এটাৰ বাবে নিজৰ ইতিহাস ৰচনা কৰিব বিচাৰোঁ। (মাৰাডোনাৰ সৈতে তুলনা সম্পৰ্কত প্ৰতিক্ৰিয়া, ২০১০ চন)[১]
  2. মই ক্রিষ্টিয়ানো ৰোনাল্ডোতকৈ ভাল হয় বা নহয়, তাত কোনো কথা নাই। মাথোঁ মাদ্রিদতকৈ বার্চিলোনা ভাল হোৱাটোৱেই ডাঙৰ কথা৷ (আৰ্চেনালৰ বিৰুদ্ধে চাৰিটা গ’ল দিয়াৰ পিছত মন্তব্য, ২০১১ চন।)[২]
  3. [পিতৃ হোৱাটোৱে] সকলো সলনি কৰি পেলাইছে। সি [থিয়াগো] প্ৰথমে আহে, তাৰ পিছত বাকীকেইজন। ইয়াৰ ফলত মোৰ খেল এখন চোৱাৰ ধৰণো সলনি হৈছে। আগতে যদি মই হাৰিছিলোঁ বা কিবা ভুল কৰিছিলোঁ তেন্তে তিনি-চাৰিদিন কাৰো লগত কথা নাপাতিছিলোঁ, যেতিয়ালৈকে সেইটো পাৰ হৈ যোৱা নাছিল। এতিয়া খেল এখন শেষ কৰি ঘৰলৈ আহোঁ, মোৰ ল’ৰাটোক দেখা পাওঁ আৰু সকলো ঠিক হৈ যায়। (CONMEBOL ৰ সৈতে হোৱা সাক্ষাৎকাৰ, ২০১৫)[৩]
  4. ইতিহাসৰ শ্ৰেষ্ঠ খেলুৱৈ হ’বলৈ মই কেতিয়াও থিৰাং কৰা নাছিলোঁ। মই ভাবোঁ মই আন এজন ফুটবলাৰ মাত্ৰ। খেলপথাৰত আমি সকলোৱে একে আৰু খেল আৰম্ভ হ’লে মই সদায় নিজকে উন্নত কৰিবলৈ চেষ্টা কৰোঁ। মোৰ ইচ্ছা এয়াই যে অৱসৰৰ পিছত মানুহে মোক এজন ভাল মানুহ হিচাপে স্মৰণ কৰিব। "কাটাৰ বিশ্বকাপ মোৰ অন্তিমখন হ'ব: লিয়'নেল মেছি", টিবিএছ নিউজ (৬ অক্টোবৰ ২০২২)
  5. মই জানিছিলোঁ যে এটা সময়ত ভগৱানে মোক দিব আৰু কিয় নাজানো, কিন্তু মই অনুভৱ কৰিছিলোঁ যে এনেকুৱা হ’ব। আকৌ এবাৰ তেওঁ মোক বৰ সুখী কৰিলে। বিশ্বকাপৰ ট্ৰফী তুলি লোৱাৰ পাছৰ প্ৰতিক্ৰিয়া (১৮ ডিচেম্বৰ ২০২২)

মেছি সম্পৰ্কে উদ্ধৃতি সম্পাদনা কৰক

সাম্প্ৰতিক ফুটবলাৰৰ পৰা সম্পাদনা কৰক

  1. তেওঁ আন কোনো গ্ৰহৰ। তেওঁ হৈছে মূল প্ৰসংগ বিন্দু আৰু সমগ্ৰ বাৰ্ছা দলৰ মূল ব্যক্তি। (কাৰ্লোছ টেভেজ, ২০০৮)
  2. মই নিশ্চিত নহয় যে তেওঁ মানুহ। (এণ্ডাৰ হেৰেৰা, ২০১০)
  3. মেছি শ্ৰেষ্ঠ আৰু কাৰো লগত তুলনা কৰিব নোৱাৰি। মেছিক একোৰে সৈতে তুলনা কৰিব নোৱাৰি। (চেজাৰ চানচেজ, ২০১০)
  4. মই সদায় কৈ আহিছোঁ যে মেছি পৃথিৱীৰ শ্ৰেষ্ঠ খেলুৱৈ। (নেইমাৰ, ২০১১)
  5. যদিও তেওঁ মানুহ নহ’বও পাৰে, তথাপি এইটো ভাল কথা যে মেছিয়ে নিজকে মানুহ বুলিয়ে ভাবে। (জেভিয়াৰ মাস্কেৰানো, ২০১২)
  6. মেছি ঈশ্বৰ, এজন ব্যক্তি হিচাপে আৰু তাতোকৈ বেছি এজন খেলুৱৈ হিচাপে। (চেমুৱেল ইটো', ২০১২)
  7. মানুহে মোক প্ৰায়ে কয় যে তেওঁলোকে পেলে আৰু মাৰাডোনাক খেলা দেখিছিল। ভৱিষ্যতে ক’ব পাৰিম যে মই মেছিক খেলা দেখিছিলোঁ। (থিয়াগো আলকাণ্টাৰা, ২০১২)
  8. ইয়াত কোনো সন্দেহ নাই, যে আপুনি অইন এখন তাৰকাৰাজ্যৰ। ধন্যবাদ লিয়'। (মেক্সি ৰড্ৰিগেজ, ২০১২)
  9. মেছি এটা কৌতুক। মোৰ বাবে সৰ্বশ্ৰেষ্ঠ কৌতুক। (ৱেইন ৰুনী, ২০১২)

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:

উৎস সম্পাদনা কৰক