লাল বাহাদুৰ শাস্ত্ৰী

ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী

লাল বাহাদুৰ শাস্ত্ৰী (ইংৰাজী: Lal Bahadur Shastri; ২ অক্টোবৰ ১৯০৪ - ১১ জানুৱাৰী ১৯৬৬) এজন ভাৰতীয় ৰাজনীতিবিদ তথা ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী আছিল। গান্ধীৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ তেওঁ ১৯২০ৰ দশকত ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। তেওঁ লালা লাজপত ৰায়ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা চাকৰিয়াল ছ'চাইটিৰ (লোক সেৱক মণ্ডল) সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছত বিশিষ্ট পদত অধিষ্ঠিত হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ পিছত তেওঁ ভাৰত চৰকাৰত যোগদান কৰে আৰু প্ৰধানমন্ত্ৰী নেহৰুৰ কেবিনেটৰ অন্যতম গুৰুত্বপূৰ্ণ সহকৰ্মী হিচাপে প্ৰথমে ৰে'লমন্ত্ৰী (১৯৫১-৫৬) আৰু তাৰ পিছত গৃহমন্ত্ৰীকে ধৰি আন বহুতো বিশিষ্ট পদত অধিষ্ঠিত হৈছিল। তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।

লাল বাহাদুৰ শাস্ত্ৰীৰ চিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

 
“জয় জোৱান, জয় কিষান।”
  • জয় জোৱান, জয় কিষান।[১][২]
  • প্ৰতিখন ৰাষ্ট্ৰলৈ সময়ৰ এনে এক প্ৰত্যাহ্বান আহে যেতিয়া ইতিহাসৰ বাটচৰাত থিয় হৈ কোনটো পথত গতি কৰিব বাছনি কৰিবলগীয়া হয়।
  • জ্ঞানপিপাসু আৰু সাধনাৰত লোকক কোনো বাহ্যিক দুখ-কষ্ট বা অভাৱ-অনাটনৰ চিন্তাই বিচলিত কৰিব নোৱাৰে৷[৩][৪]
  • জীৱনত উন্নতি কৰাৰ লগে লগে যিটো বিষয়ত আটাইতকৈ মূল্য দিয়া উচিত, সেইটো হৈছে নম্ৰতা৷ [৪]
  • ৰনাঙ্গনত আমি যেনেকৈ সাহসিকভাবে যুঁজিছিলোঁ, শান্তিৰ বাবেও আমি তেনেকৈ যুঁজিব লাগিব৷[৪]
  • মই হিন্দু, একে সময়তে এই সভাত সভাপতিত্ব কৰা মীৰ মুস্তাক এজন মুছলমান৷ আপোনালোকক সম্বোধন কৰা মি: ফ্ৰেংক এণ্টনী এজন খৃষ্টান৷ ইয়াত শিখ আৰু পাৰ্চীও আছে৷ আমাৰ দেশৰ অনন্য কথাটো হ’ল, আমাৰ মাজত হিন্দু, মুছলমান, শিখ, পাৰ্চী আৰু অন্যান্য সকলো ধৰ্মৰ লোক আছে৷ আমাৰ মন্দিৰ আৰু মছজিদ, গুৰুদ্বাৰ আৰু গীৰ্জা আছে৷ আমি এই সকলোবোৰ ৰাজনীতিলৈ অনা নাই৷ এইটোৱেই হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ পাৰ্থক্য৷ পাকিস্তানে নিজকে “ইছলামিক ষ্টেট’’ বুলি ঘোষণা কৰি ধৰ্মক ৰাজনৈতিক কাৰক হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে আমি ভাৰতীয়সকলে যিকোনো ধৰ্ম বাছি লওঁ আৰু আমাৰ যিকোনো ধৰণেৰে পূজা কৰাৰ অধিকাৰ আছে৷ ৰাজনীতিৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই এক, আমি সকলো ভাৰতীয়৷ [৫]
  • প্ৰতিটো জাতিৰ জীৱনত এনে একোটা সময় আহে, যেতিয়া ই ইতিহাসৰ আলি-দোমোজাত থিয় ঠিক কৰি ল’ব লাগে কোনটো পথ বাছি ল’ব! কিন্তু আমাৰ বাবে কোনো অসুবিধা বা দ্বিধাবোধ নাই, সোঁৱে বা বাঁৱে চোৱাৰো প্ৰয়োজন নাই৷ আমাৰ পথ পোন আৰু স্পষ্ট: সকলোৰে বাবে স্বাধীনতা আৰু সমৃদ্ধিৰে সৈতে ঘৰতে থাকি সমাজবদী গণতন্ত্ৰ গঢ়ি তোলা আৰু বিশ্বৰ সকলো জাতিৰ সৈতে শান্তি আৰু বন্ধুত্বৰ বান্ধোন মজবুত কৰা৷[৬]

উৎস সম্পাদনা কৰক

  1. The ground beneath her feet. প্ৰকাশক: Livemint (April 5, 2014). আহৰণ কৰা হৈছে: 2014-04-05.
  2. (সম্পা)দ্বিজেন সিং (২০১৬)। জ্ঞানজ্যোতি। জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি।
  3. ৪.০ ৪.১ ৪.২ (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
  4. Guha, Ramchandra। India After Gandhi: The History of the World's Largest Democracy। ISBN: 978-0-330-39611-0
  5. First broadcast as Prime Minister, on 11 June 1964 লাল বাহাদুৰ শাস্ত্ৰীৰ বক্তব্য. আহৰণ কৰা হৈছে: 27 আগষ্ট 2023.