লাম্বাদা নাচৰ শেষত (গ্ৰন্থ)
লাম্বাদা নাচৰ শেষত মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ১৯৯৮ চনত সৰস্বতী প্ৰকাশনৰ পৰা প্ৰকাশিত সংকলনখনত লেখিকাৰ মুঠ তেৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই গল্পসমূহ প্ৰান্তিক, গৰীয়সী আদি আলোচনীত প্ৰকাশিত হৈছিল।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- .....পূৰঠ হ'লে ডালিম ফাটি পৰে। পহুৰ নাভিৰ গোন্ধ চাৰিওফাল বিয়পি পৰে। বৰষুণ দিলে বোকাত ধান গজে। তিৰোতাৰ শৰীৰো গছৰ দৰে, মাটিৰ দৰে। গছ, মাটি, তিৰোতা, সকলোৰে ভিতৰত এটা তেজৰ স্ৰোত বৈ থাকে। যেতিয়ালৈকে সেই তেজৰ স্ৰোত বৈ থাকিব, তেতিয়ালৈকে ঈশ্বৰৰ পৃথিৱীত ফুল ফুলিব, ফল লাগিব, পাহাৰবোৰ সেউজীয়া হৈ থাকিব।[১]
- যেতিয়া ঘন কুঁৱলীয়ে পাহাৰবোৰ ছানি ধৰে, ঠকঠককৈ কঁপি উঠা মানুহবোৰে জুইৰ কাষত ঠেৰেঙা লাগি বহি থাকে, তেনে এটি শীতৰ ৰাতিতে গিৰ্জাৰ চূড়াত এটা উজ্জ্বল তৰাই তিৰবিৰাই উঠে। সেয়া বৰদিনৰ তৰা।[১]
- ৱ'প্লাকপি নামৰ জটায়ু পক্ষীটিয়ে পৰা কণীৰ পৰাই ভিন ভিন জাতিবোৰৰ উৎপত্তি হৈছিল। হয়, হয়, সকলো মানুহতো একেটি চৰাইৰ কণীৰ পৰাই জন্মিছে। সেই কাৰণেই সকলোৰে অন্তৰবোৰ, এখনৰ পৰা ইখনলৈ কিছুমান নেদেখা সূতাৰে বান্ধি থোৱা থাকে।[১]
- অৰণ্যৰ মাজৰ বিয়াগোম গছবোৰৰ ফেৰেঙণিত বনৰীয়া মকৰাই জাল গোঁঠে। পাতৰ ফাঁকে ফাঁকে সৰকি অহা নমনীয় পোহৰত পাতল মিহি জালবোৰ চিকমিককৈ জিলিকি থাকে।[১]
- ধাতৱ যান্ত্ৰিকতাৰ উশাহ চেপি ধৰা ক্ষিপ্ৰতা আৰু স্ংকোচনৰ পৰা যোজন মাইল নিলগত নিভাঁজ শান্ত নৈৰাজ্যত জীৱন ধীৰ শিথিল গতিত গৈ থাকে। উত্তেজনাহীন অথচ সাৱলীল। নিস্তৰংগ অথচ গভীৰ ছন্দোৱদ্ধতাত বান্ধ খাই থকা। প্ৰকৃতিৰ বহুমাত্ৰিক সংৰচনাশৈলীত জীৱন ইমান নিবিড়ভাৱে তাত একাত্ম হৈ থাকে যে তাৰ স্বকীয় স্বাচ্ছন্দ্যক অনুভৱ কৰিবই নোৱাৰে। এটা জোনাকী পৰুৱাৰ দৰে। শৰীৰত জ্বলি থকা ৰূপালী পোহৰটোৰ স'তে ই তিৰবিৰাই উৰি ফুৰে— অথচ তাৰ শৰীৰৰ পৰা নিৰ্গত সেই ফৰৰ উৎস, ৰাসায়নিক সংশ্লেষণৰ জটিল প্ৰক্ৰিয়াটোৰ বিষয়ে অৱগত হোৱাৰ তাৰ কোনো অৱকাশ নাথাকে।[১]
- এটা সময়ত সকলোতেই প্ৰাচুৰ্য থাকে। তাৰ চিকমিকনি নালাগে ক'ত? অহংকাৰী খোজবোৰত, সাৱধানতাৰে অসাৱধান হৈ পিন্ধা পোছাকবোৰত, স্বপ্নবিভোৰ বিলাসী হুমুনিয়াহবোৰত, মূধচৰ এণ্টেনাবোৰত, তাত পৰি কলমটিয়াই থকা কাউৰীজাকত, ৰাস্তাৰ কাষৰ পাণদোকানত বাজি উঠা পুৰণা গানৰ কলিত, শিল বালি ইটাৰ দ'মত, ৰেস্তোৰাঁৰ চিকেনৰ'ল-টমেটো ছছত, ফপৰা কুকুৰটোৰ পাক লাগি থকা নোমবোৰত, সকলোতে। আচলতে প্ৰাচুৰ্যৰ সেই চমক দুৰন্ত যৌৱনৰ উদ্ভিন্ন শিপা খামুচি দুচকুৰ পতাত খোপনি পুতি বহি থাকে। জকমক জকমককৈ ফুলি বতাহত হালিজালি থকা এডাল সোণাৰুৰ সোণবৰণীয়া উজ্জ্বলতা আৰু পূৰ্ণতাৰ সৈতেহে সেই চিকমিকনিক ৰিজাব পাৰি।[২]
- .....আন্ধাৰৰ কেৱল স্পৰ্শ থাকে, কিন্তু পোহৰৰ যে ৰং আছে, ৰূপ আছে![২]
- মানুহৰ চিৰ ৰহস্যময় নিভৃতত একধৰণৰ অবোধ্যতা থাকে। অক্ষেয়, দুৰ্বোধ্য সেই নিভৃতত, অন্য এক পৰিচিত সত্তাই আত্মগোপন কৰি থাকে। জোনাকবিধৌত কুঁৱলিৰ মাজেৰে ভাস্বৰিত হোৱা কোনোবা ছঁয়াময়া অৱয়বৰ দৰে ই কেতিয়াবা অকস্মাতে আত্মপ্ৰকাশ কৰে। বিচিত্ৰ পৰিৱেশ আৰু অদ্ভুত পৰিস্থিতিত ঠন ধৰি উঠা তাৰ নাটকীয় আকস্মিকতাত মানুহ নিজেই হতভম্ব হৈ পৰে। অৱচেতনৰ অতল গভীৰৰপৰা কোনোবা ছদ্মবেশত ইপাৰলৈ সন্তপৰ্ণে উঠি আহি চেতনাৰ দুৱাৰত ই টোকৰ মাৰে।[২]
- কিছুমান মুহূৰ্ত আহে,— বিচিত্ৰ আবেদন আৰু ৰহস্যময়তাৰে সিহঁত ভৰি থাকে। মুহূৰ্তবোৰৰ অভিব্যক্তি বা মৰ্ম বুজিব নোৱাৰি। তথাপি কিবা এটা যেন বুজা যায়; কিন্তু যি বুজা যায় সিও অজ্ঞেয়। শব্দৰে তাক ধৰি ৰাখিব নোৱাৰি।[৩]
- শেষত একোৱেই নাথাকে। কোনেও কাৰো শূন্যতাক পূৰাব নোৱাৰে। কোনো কাৰো বিকল্প হ'ব নোৱাৰে। তুমি আহিলা আৰু মোৰ জীৱনৰ এই খালী ঠাইখিনি পূৰ্ণ হৈ গ'ল। কেনেকৈ আমি এনেধৰণৰ কথাৰে ইজনে সিজনক ঠগিব খোজোঁ! যি হেৰাই যায়, চিৰকালৰ বাবেই হেৰাই যায়। কাৰণ প্ৰত্যেকেই অনন্য, বিশেষ। আঙুলিৰ পাবৰ দৰে।[৩]
- নিভৃতৰো কিছুমান পোহৰ থাকে। আৰু বোধৰ সেই পোহৰে চেতনাৰ প্ৰিজমটোৰে সৰকি গ'লেই, অনুভৱবোৰো এক বৰ্ণচ্ছটাৰ দৰে উদ্ভাসিত হৈ পৰে। চেতনত খুন্দা মাৰি ধৰা বোধবোৰো টোপনিতে সাৰে থাকে নেকি![৪]
- ডাঙৰ ডাঙৰ সপোন কিছুমানৰ ছায়াতেই সকলোৱে জীৱনটো আৰম্ভ কৰে।[৪]
- নিজ সামৰ্থ্যৰ প্ৰকৃত দৈৰ্ঘ, প্ৰস্থ আৰু ওজন জুখি লোৱাৰ পিছত, অনুভূত হোৱা সীমাৱদ্ধতাৰ বোধেই হয়তো আটাইতকৈ ডাঙৰ ট্ৰেজেদি। যেন হাজাৰ বাটৰ চিকমিকনি দেখিও স্থানুৰ দৰে ৰৈ যোৱাৰ অসহ্যকৰ যন্ত্ৰণা।[৪]
- নিজক ঘিণ কৰিবলৈ শিকিলে বহু ধাৰণা পোহৰলৈ আহি যায়। নিৰ্মোহ পৰিষ্কাৰ দৃষ্টিৰে আত্মাৱলোকন প্ৰক্ৰিয়াৰ বিধি মানুহে শিকি ল'ব লাগে। অন্ততঃ শান্তিৰে মৰিবৰ বাবে।[৪]
- কেতিয়াবা ভাব হয়, ভাল লগা-বেয়া লগাবোৰ, অথবা জীৱনৰ প্ৰতীকবোৰ যেন পোছাকৰ দৰে। মানসিক অৱয়বটোৰ জোখত চিলাই লোৱা হয়। বাটে-ঘাটে অ’ত-ত’ত পৰি ৰোৱা খণ্ড-বিখণ্ড অনুভৱবোৰৰ সাঁচত, জীৱনৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠে। আৰু আমি যেন সেইধৰণৰেই দেখা পাবলৈ ধৰো, যিধৰণে দেখা পাবলৈ পৰিপ্ৰেক্ষিতে শিকাই দিয়ে।
উৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ মৌচুমী কন্দলী (১৯৯৮)। লাম্বাদা নাচৰ শেষত। মা সৰস্বতী প্ৰকাশন, পৃষ্ঠা:৬-১৮।
- ↑ ২.০ ২.১ ২.২ মৌচুমী কন্দলী (১৯৯৮)। লাম্বাদা নাচৰ শেষত। মা সৰস্বতী প্ৰকাশন, পৃষ্ঠা:১৯-২৭।
- ↑ ৩.০ ৩.১ মৌচুমী কন্দলী (১৯৯৮)। লাম্বাদা নাচৰ শেষত। মা সৰস্বতী প্ৰকাশন, পৃষ্ঠা:২৮-৩৩।
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ মৌচুমী কন্দলী (১৯৯৮)। লাম্বাদা নাচৰ শেষত। মা সৰস্বতী প্ৰকাশন, পৃষ্ঠা:৩৪-৪৮।