লাভলীনা বৰগোঁহাই
লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। তেওঁ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল। [১] অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে। [২] ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।[৩] ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়। [৪]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- “সঁচাকৈয়ে সমগ্ৰ দেশবাসীক ক্ষমা খুজিব বিচাৰিছোঁ, কিয়নো এইবাৰ ঘৰলৈ পদক আনিব নোৱাৰিলোঁ। বিশেষকৈ অসমৰ ৰাইজলৈ যিসকলে মোৰ বাবে সদায় প্ৰাৰ্থনা কৰে। মই আৰু অধিক কষ্ট কৰিম আৰু অহাবাৰ পূৰ্বতকৈও শক্তিশালী হৈ উভতি আহিম। এইটো শেষ হোৱা নাই, আকৌ এবাৰ নতুন আৰম্ভণি হ’ব। লগতে সকলো প্ৰশিক্ষক, ছাপ’ৰ্ট ষ্টাফ, SAI, অসম চৰকাৰ, BFI, Reliance Sports Foundation, IOS sports আৰু মোৰ সকলো স্পনছ’ৰক মোক কৰা সহায় আৰু উৎসাহৰ বাবে ধন্যবাদ জনাইছোঁ।’’ [৫]
মতামত
সম্পাদনা কৰক- মই ৰাতিপুৱাৰ পৰাই কৈ আছিলোঁ যে এখন ৰোমাঞ্চকৰ খেল হ'ব। লাভলীনা যে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত যোগ্যতা অৰ্জন কৰিছে সেয়া আমাৰ বাবে গৌৰৱৰ কথা। খেলত জয়, পৰাজয় থাকেই। লাভলীনাৰ বহু সময় আছে। আগলৈ লাভলীনাই ভাল প্ৰদৰ্শন কৰিব বুলি আমি ভাৰতবাসী আশাবাদী৷ --- লাভলীনাৰ গুৰু প্ৰশান্ত কুমাৰ দাস [৬]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ Lovlina Borgohain Achieves World No.3 Rank. প্ৰকাশক: pratidintime.
- ↑ "Assam’s Lovlina Borgohain qualifies for Tokyo Olympics".
- ↑ Boxer Lovlina Borgohain becomes 6th from Assam to receive Arjuna Award. প্ৰকাশক: www.eastmojo.com (22 August 2020).
- ↑ https://nenow.in/north-east-news/assam/assam-lovlina-borgohain-khel-ratna.html
- ↑ অলিম্পকত পদক লাভ কৰিব নোৱাৰিলেও..... আহৰণ কৰা হৈছে: 28 ছেপ্টেম্বৰ 2024.
- ↑ লাভলীনাৰ পৰাজয়. আহৰণ কৰা হৈছে: 28 ছেপ্টেম্বৰ 2024.