লক্ষ্যধৰ চৌধুৰী

অসমৰ সাহিত্যিক, অভিনেতা, পৰিচালক

লক্ষ্যধৰ চৌধুৰীৰ (ইংৰাজী: Lakshyadhar Choudhury) জন্ম হয় ১৯১৪ চনৰ ১৪ অক্টোবৰত। তেওঁৰ পিতৃৰ নাম ভূধৰ চৌধুৰী আৰু মাতৃৰ নাম উমা চৌধুৰী আছিল। লক্ষ্যধৰ চৌধুৰীদেৱে ৰংমহলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু পাছত তেওঁ ১৯২৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৩৩ চনত চৌধুৰীদেৱে কটন কলেজৰ পৰা সুখ্যাতিৰে বিজ্ঞান শাখাত স্নাতক উপাধি লাভ কৰে৷ তেওঁ আছিল অসমৰ এগৰাকী অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ।[] ৰাজনীতিতো দখল থকা লক্ষ্যধৰ চৌধুৰীয়ে একালত জনসাধাৰণৰ প্ৰতিনিধি ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপৰিও শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিবেশনৰ সভাপতিত্ব কৰিছিল৷

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. এই সুন্দৰ ভুৱনত মই কেতিয়াও মৰিবলৈ নিবিচাৰোঁ, মই সদায় জীয়াই থাকিব বিচাৰোঁ মানুহৰ মাজত৷[]
  2. সঁচা কথা সাহসেৰে সোৱাদ লগাকৈ লিখিব আৰু ক’ব পৰাটোৱে আজিৰ যুগৰ শ্ৰেষ্ঠ সাহিত্য৷[][]
  3. এইবোৰ মই কিবা সাহিত্য হওক বুলি লিখা নাই, লিখাৰ অভ্যাসটো থাকক বুলিয়েই লেখিছিলোঁ৷[]
  4. জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। বয়স জুখিবা বন্ধুৰে, বছৰেৰে নহয়।[]
  5. পৃথিৱীত মানুহৰ স্থায়িত্ব কিমান দিনৰ? এই ক্ষণস্থায়ী জীৱনত নেহাঁহি কন্দাৰ কি অৰ্থ আছে? সেয়েহে মই সদায় হাঁহি থাকিব বিচাৰোঁ। উঠি অহা চামকো কওঁ- হাঁহি থাকিবা, হাঁহি হাঁহি জীৱন মধুৰ কৰি তুলিবা। হাঁহিলেহে পৃথিৱীৰ সোৱাদ পাবা। জীৱনৰ অৰ্থ বুজিবা।[]
  1. ১.০ ১.১ ১.২ ডা° অঞ্জনজ্যোতি চৌধুৰী চাৰৰ সৈতে এক অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ জুন ২০২০). আহৰণ কৰা হৈছে: 22 মে' 2024.
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং;২৮২, বাণী মন্দিৰ, ২০০৩
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৩৪০, বাণী মন্দিৰ, ২০০৩
  4. "অন্তৰ্দৃষ্টি (নিয়মীয়া বাৰ্তা)", ২৩ জানুৱাৰী, ২০১৬. আহৰণ কৰা হৈছে 5 মে' 2024.
  5. মানুহ বিচাৰি, মোৰ কথা-লক্ষ্যধৰ চৌধুৰী, পৃ:নং; ০৮, প্ৰকাশক: কুমুদ গোস্বামী, অসম প্ৰকাশন পৰিষদ, ১৯৯২

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w: