যোগেশ দাস

অসমীয়া লেখক তথা সাংবাদিক

যোগেশ দাস (ইংৰাজী: Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত।[১][২] তেখেতে ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।[২] তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি[৩] নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।[১]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক

ডাৱৰ আৰু নাই

সম্পাদনা কৰক
  1. নাৰী সান্নিধ্যৰ এনেহে গুণ,নাৰীৰ পৰশৰ এনেহে মহিমা!মাতৃ হওক ভাৰ্য্য হওক,ভগ্নী হওক,প্ৰেমিকা হওক,নাৰীৰ এই সকলো ৰূপৰ সমন্বয়ত যিটো প্ৰকৃতিৰ সৃষ্টি হয় সি অপূৰ্ব,তাৰ পৰশত শুকানে কুঁহি মেলে,তাৰ বা লাগি বনৰীয়া ফুলৰ গোন্ধ বৈ আহে,তাৰ প্ৰভাৱত পুৰুষৰ প্ৰাণত জাগি উঠে জীৱনৰ আচল ৰূপটো।[৪]
  2. কেতিয়াবা মানুহে নতুনৰ মোহত পৰি আগৰ কথা পাহৰি যায় - আৱিস্কাৰ কৰে নতুন টান।তেতিয়া পিচলি পৰে।[৪]
  3. সংসাৰখন সঁচাই এখন থিয়েটাৰ।কিছুমানে ভাও দিয়ে,কিছুমানে চায়।ভাৱৰীয়াৰো আনন্দ আৰু দৰ্শকৰো আনন্দ।দুয়োবিধৰ সংমিশ্ৰনতহে থিয়েটাৰ সম্পূৰ্ণ হয়।[৪]
  1. ১.০ ১.১ Dutta, Amaresh (2006)। The Encyclopaedia Of Indian Literature। Sahitya Akademi, পৃষ্ঠা:869। ISBN: 9788126018031
  2. ২.০ ২.১ Assamese literature. প্ৰকাশক: India on web. Archived from the original on 24 February 2010. আহৰণ কৰা হৈছে: 3 February 2010.
  3. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা সাঁচ:Webarchive অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  4. ৪.০ ৪.১ ৪.২ দাস,যোগেশ (সপ্তম সংস্কৰণ, ১৯৮৮)। ডাৱৰ আৰু নাই। চেতনা প্ৰকাশ।