যাদৱ পায়েং
ভাৰতীয় পৰিৱেশ কৰ্মী আৰু প্ৰকৃতি বৈজ্ঞানিক
যাদৱ পায়েং (ইংৰাজী: Jadav Payeng) অসমৰ এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেওঁৰ উপনাম। তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে ‘মুলাই কাঠনি’[১] নামেৰে নামকৰণ কৰা হৈছে। ১৯৮০ চনত তেওঁ অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। বৰ্তমান সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰিছে। ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- মোকেই কাট, গছ নাকাটিবি৷[২]
- সমগ্ৰ বিশ্বই বছৰটোৰ সাতদিন লকডাউন দিব লাগে৷ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ লকডাউন সাতদিনৰ বাবে বছৰটোত দিয়া জৰুৰী৷[৩]
- ফৰেষ্টৰ যিখন ল’ আছে, সেই ল’ বিলাক মানুহে জনা খুবেই দৰকাৰ৷ আমি জানিবলৈ ইচ্ছা নকৰাৰ বাবে যধেমধে গছ কাটোঁ৷ মানুহ কাটিলে তিনিমাহত জামিন পায়; গছ কাটিলে বা জীৱ-জন্তু মাৰিলে সাত মাহ, সাত বছৰলৈ জেলত থাকিব লাগিব আৰু মৰালৈকে তাৰ কেছটো শেষ নহয়৷ ইমান টান এই বন বিভাগৰ আইনখন৷ ইমানৰ পিছতো আমি ক’লৈ গৈ আছোঁ? আমি কেইটামান টকাৰ বাবে প্ৰকৃতি ধ্বংস কৰিছোঁ৷[৩]
- ভাৰতীয় সভ্যতাটো সোনকালে ডেভেলপ হ’বলৈ হ’লে, ৰাজ্যিক ভাষাত দশম শ্ৰেণীলৈ শিক্ষা দিব লাগে৷ তেতিয়া মগজুৰ বিকাশ হয় আৰু মগজুৰ বিকাশ হ’লে সকলোবিলাক কথা অন্তৰৰ পৰা ক’ব পাৰে, ব্যৱহাৰিক হয়৷ সেয়ে মাতৃভাষাটো জৰুৰী৷[৩]
- গ্ৰীষ্মৰ প্ৰখৰ ৰ’দ আৰু বায়ুমণ্ডলৰ প্ৰচণ্ড উত্তাপ কেৱল গছৰ শীতল ছাঁ আৰু বতাহে আঁতৰাব পাৰে৷[১]
- পৃথিৱীখন সেউজীয়া হৈ থাকিলেহে আমিও জীয়াই থাকিম৷[১]
- যিসকলে (ৰাজনীতিকে) প্ৰকৃতিক বেয়া পায় আৰু সুৰক্ষা দিব নোৱাৰে, তেওঁলোকে দেশৰ ৰাইজৰ মংগল কেনেকৈ কৰিব?[১]
- একোখন নদী একোটা জাতিৰ পৰিচয়৷ সেয়ে নদীৰ জলসম্পদ প্ৰদূষণমুক্ত কৰি সুৰক্ষিত কৰিব লাগে৷[১]
- বানৰ ধ্বংসলীলা আৰু গৰাখহনীয়া কেৱল বৃক্ষৰোপণৰ দ্বাৰাহে নিয়ন্ত্ৰণ কৰিব পাৰি৷[১]
- অসমৰ বানপানী আৰু গৰাখহনীয়াৰ নিয়ন্ত্ৰণৰ বাবে মথাউৰি আৰু পাৰ্কুপাইনৰ প্ৰয়োগ বিধিসন্মত নহয়৷[১]
- পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি শিশুসকলক শিক্ষাৰ প্ৰাথমিক স্তৰৰ পৰাই পৰিৱেশবিজ্ঞানৰ ব্যৱহাৰিক(কাৰ্যভিত্তিক) শিক্ষা প্ৰদান কৰিব লাগিব৷ প্ৰতিজন শিশুৱে ৰোৱা প্ৰতিজোপা গছ যেন তেওঁ আগলৈয়ো চোৱাচোতা কৰি থাকিব পাৰে, তাৰ বাবেও তেওঁক শিক্ষাদান কৰি সজাগ কৰি ৰাখিব লাগিব৷[১]
- আমি ন-প্ৰজন্মক কি দিব খুজিছোঁ-- এখন জীৱন্ত সেউজীয়া ধৰণী নে এখন নিৰ্জীৱ শুকান মৰুভূমি৷[১]
- এজোপা গছে দহজনৰ উপকাৰ কৰে৷ সেয়ে গছ-গছনি কাটিলে হাজাৰজনৰ ক্ষতি হয়৷[১]
- মা-দেউতাৰ পিছতে আমি প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগিব৷ প্ৰকৃতিক ভালপোৱাজনেই পৃথিৱীক ভাল পাব আৰু পৃথিৱীক ভাল পোৱাজনেহে বিশ্বৰ প্ৰাণী জগতখনক ভাল পাব পাৰিব৷[৪]
- পৃথিৱীখন সেউজীয়া কৰাই মোৰ লক্ষ্য৷ ইয়াৰ বাবে আমি খালী ঠাইবোৰ সেউজীয়া কৰিব লাগিব৷[৫]
উৎস
সম্পাদনা কৰক- ↑ ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ক্ষীৰধৰ বৰুৱা (২০১৪)। প্ৰান্তিক। প্ৰদীপ বৰুৱা, পৃষ্ঠা:২২।
- ↑ https://as.gonitsora.com/jadav-payeng/
- ↑ ৩.০ ৩.১ ৩.২ https://www.gyanamkamrup.in/2021/04/interview-of-forest-man-jadav-payeng.html
- ↑ প্ৰাথমিক বিদ্যালয়তে দিয়ক পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যাদৱ পায়েং, অসমীয়া প্ৰতিদিন, ১১ মাৰ্চ, ২০২৩, পৃ:নং;১৩
- ↑ পায়েং, যাদৱ (২৪ ফেব্ৰুৱাৰী ২০২৪). "ভাস্কৰ ৰত্ন". অসমীয়া প্ৰতিদিন: ১২.