য়ুভাল নোৱাহ হাৰাৰি

য়ুভাল নোৱাহ হাৰাৰি (ইংৰাজী: Yuval Noah Harari; জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৭৬) এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক। তেওঁৰ তিনিখন গ্ৰন্থৰ নাম হৈছে চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (২০১৪), হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুম'ৰ (২০১৬), আৰু ২১ লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী (২০১৮)। তেওঁৰ ৰচনাসমূহে মুক্ত মন, সচেতনতা, বুদ্ধিমত্তা আৰু সুখক সামৰি লয়।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. সাধুকথাত বিশ্বাস কৰাব কেৱল মানুহকে পাৰি, আন জীৱক নোৱাৰি।[১]
  2. ইতিহাসত সবাতোকৈ ভুক্তভোগী প্ৰাণী হৈছে জন্তুবোৰ। ঔদ্যোগিক পামবোৰত ঘৰচীয়া জন্তুৰ প্ৰতি কৰা ব্যৱহাৰ সম্ভৱতঃ ইতিহাসৰ নিকৃষ্টতম অপৰাধ।[২]
  3. ছেপিয়েন্সবোৰে অসংখ্য অচিনাকি প্ৰাণীৰ লগত অতি নমনীয়তাৰে সহযোগ কৰিব পাৰে। সেইবাবেই ছেপিয়েন্সবোৰে পৃথিৱীত ৰাজত্ব কৰিব পাৰিছে। আনহাতে পৰুৱাবোৰে আমাৰ এৰেহা খাদ্যখিনিকে খাই থাকিব লগা হৈছে, আৰু চিম্পাঞ্জীবোৰ চিৰিয়াখানা আৰু গৱেষণাগাৰত আৱদ্ধ হৈ আছে।[৩]
  4. আমি 'গ্ৰেট এপ' (the great ape) নামৰ এক ডাঙৰ আৰু হুলস্থূলীয়া পৰিয়াল এটাৰ সদস্য। আমাৰ সবাতোকৈ নিকটৱৰ্তী জীৱিত সম্পৰ্কীয়সকলৰ ভিতৰত চিম্পাঞ্জী, গৰিলা আৰু ওৰাং-উটানো আছে। ইয়াৰে চিম্পাঞ্জীবোৰ আমাৰ সবাতোকৈ ওচৰ সম্পৰ্কীয়। মাত্ৰ ৬ নিযুত বছৰ পূৰ্বে, এজনী মাইকী এপৰ দুজনী জী আছিল। ইয়াৰে এজনী সকলো চিম্পাঞ্জীৰ পূৰ্বপুৰুষ হ'লগৈ, আৰু আনজনী আমাৰ সকলোৰে আইতা।[৪]
  5. অধিকাংশ লোকেই উপলব্ধি নকৰে যে আমি কেনে এক শান্তিপূৰ্ণ যুগত বাস কৰি আছোঁ। আমাৰ মাজৰ কোনেও এহাজাৰ বছৰ পূৰ্বে জীয়াই থকা নাছিল, গতিকে আমি সহজেই এই কথা পাহৰি যাওঁ যে তেতিয়া পৃথিৱীত কিমান অশান্তিয়ে বিৰাজ কৰিছিল। আৰু যুদ্ধ বিৰল হ'বলৈ ধৰাৰ লগে লগে তাৰ খবৰে বেছি গুৰুত্ব আকৰ্ষণ কৰে। অধিকাংশ ব্ৰাজিলিয়ান আৰু ভাৰতীয়সকলে কিমান শান্তিত বাস কৰি আছে, সেই কথাতকৈ আফগানিস্তান আৰু ইৰাণত চলি থকা যুদ্ধ সম্পৰ্কেহে বেছি মানুহে ভাবে।[৫]
  6. হ'ম' ইৰে'ক্টাছ (থিয় মানৱ) প্ৰায় ২ নিযুত বছৰধৰি জীয়াই আছিল। সকলো মানৱ প্ৰজাতিৰ ভিতৰত এওঁলোকেই দীৰ্ঘদিন ধৰি তিষ্ঠি থকা প্ৰজাতি। এই অভিলেখ আমাৰ প্ৰজাতিটোৱেও ভংগ কৰাৰ কোনো সম্ভাৱনা নাই। হ'ম' ছেপিয়েন্স আজিৰ পৰা আৰু এহাজাৰ বছৰ জীয়াই থাকিব পাৰেনে নাই, তাতো সন্দেহ আছে। গতিকে ২ নিযুত বছৰ আমি ঢুকি পোৱাৰ পৰা সঁচায়ৈকে বাহিৰত।[৬]
  7. আমি মানি ল'ব নিবিচাৰোঁ যে আমাৰ ঈশ্বৰ, আমাৰ ৰাষ্ট্ৰ বা আমাৰ মূল্যবোধ কেৱল কল্পকাহিনী, কাৰণ এইবোৰেই আমাৰ জীৱনক অৰ্থ প্ৰদান কৰে।[৭]


উৎস সম্পাদনা কৰক

  1. https://blog.pankajjyoti.com/michio-kaku
  2. Peter Singer (2015)। Animal Liberation: A New Ethics for our Treatment of Animals। ISBN: 9781473524422
  3. Yuval Noah Harari (2014)। Sapiens A Brief History of Humankind। Vintage, পৃষ্ঠা:28। ISBN: 9780099590088
  4. Yuval Noah Harari (2014)। Sapiens A Brief History of Humankind। Vintage, পৃষ্ঠা:5। ISBN: 9780099590088
  5. Yuval Noah Harari (2014)। Sapiens A Brief History of Humankind। Vintage, পৃষ্ঠা:410। ISBN: 9780099590088
  6. Yuval Noah Harari (2014)। Sapiens A Brief History of Humankind। Vintage, পৃষ্ঠা:7। ISBN: 9780099590088
  7. Yuval Noah Harari (2015)। Homo Deus: A Brief History of Tomorrow। Vintage। ISBN: 978-191-070-187-4

বাহ্যিক সংযোগ সম্পাদনা কৰক