মৰে অসম জীয়ে কোন (গ্ৰন্থ)
মৰে অসম জীয়ে কোন,ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখনি উপন্যাস।ঐতিহাসিক অসম আন্দলনৰ কাহিনীক মূল আলম হিচাপে লৈ ঔপন্যাসিক গৰাকীয়ে এই গ্ৰন্থখনি লিখি উলিয়াইছে।গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল,২০২১ চনৰ জানুৱাৰী মাহত।প্ৰকাশক আছিল জ্যোতি প্ৰকাশন।[১]
উদ্ধৃতি
সম্পাদনা কৰক১.নতুন কথা শিকিছিলোঁ। দেখিছিলোঁ। চৌপাশৰ বাস্তৱলৈ নতুন দৃষ্টিৰে চাবলৈ লৈছিলোঁ। তাৰুণ্যৰ সেই দিনবোৰৰ পৰাই আৰম্ভ হৈছিল মোৰ সৃষ্টিশীল জীৱনৰো আনুষ্ঠানিক পৰিক্ৰমা। আত্মগোপনৰ আৰু বন্দীত্বৰ কালত লাভ কৰা অভিজ্ঞতায়ো মোৰ জীৱনদৃষ্টিলৈ প্ৰভূত পৰিবৰ্তন আনিছিল। মই থিয় হৈ আছিলোঁ এটা পথসন্ধিৰ মুহূৰ্তত।পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, সমাজৰ প্ৰতি দায়বদ্ধতাৰে নতুন দায়িত্ব মূৰ পাতি লোৱাৰ সময়ত জন্ম হ'ব ধৰিছিল প্ৰশ্নবোৰৰো।
২.নিজৰ জীৱন খান্দি নিজক তুলি অনাটো জানো ইমান সহজ?
৩.ইতিহাসৰ গতিপথ নিৰ্মাণত ভূমিকা লোৱা- কিন্তু ইতিহাসেও মনত নৰখা সৰু সৰু কিছু কথা- কিছু অনন্য অভিজ্ঞতা- যিবোৰ নিজৰ লগত লৈ যাবলৈ সত নাযায়- ভাব হয় কৈ যাওঁ- সেইবোৰৰ পৰাই অলপমান- মাত্ৰ কিছু কথা ক'ব খুজিছোঁ। সকলো কথা কোৱাটো সম্ভৱ নহয়। হাজাৰ অভিজ্ঞতাৰ পৰা যিখিনি তুলি ল'ব পাৰি আনক ক'বৰ বাবে- তাৰ পৰাই এমুঠি তুলি লৈছোঁ। হয়তো আন কেতিয়াবা, অন্য ক'ৰবাত ৰৈ যোৱা কথাবোৰ ক'ম। হয়তো বহুত কথা নিজৰ লগতে লৈ গুচি যাম। নীৰৱতাখিনি বুজিব পৰা, শব্দৰ শাৰীবোৰৰ মাজে মাজে উহ্য হৈ থকা শব্দবোৰ বিচাৰি পাব পৰা দৃষ্টি আৰু বোধিৰ অধিকাৰীসকলৰ বাবেই সেই নোকোৱাখিনি।আবিষ্কৃত হ'বও পাৰে- অনন্ত এন্ধাৰত নেদেখা হৈও থাকি যাব পাৰে।[১]
৪.কাইলৈ যি ইতিহাস হ'ব খায়েইতো গঢ় লৈ উঠে মানুহৰ ইতিহাস।
৫.মানুহৰ ইতিহাস!সেয়াতো এক সামগ্ৰিক ধাৰণা। ভাষা, বৰ্ণ, ধৰ্ম, জাতি, সংস্কৃতি আদি বিভিন্ন পৰিচয়েৰে বহুধাবিভক্ত আৰু সংযুক্ত, ভৌগোলিক সীমা, ধৰ্ম, শক্তিৰ বিভিন্ন বিন্যাস, আদৰ্শ, দৰ্শন আদি বিভিন্ন শৃংখলেৰেও সংযুক্ত আৰু বহুধাবিভক্ত মানৱ সম্প্ৰদায়। মানুহৰ ইতিহাস সেয়ে সংখ্যাহীন খণ্ডৰে বিভাজিত আৰু যুক্ত- নিৰ্দিষ্ট কোনো সময়ৰ বৃত্তত আৱদ্ধ এক সামগ্ৰিক বাস্তৱতা। লিখিত ইতিহাসে, সংৰক্ষিত তথ্যৰ ভিত্তিত গঢ়ি তোলা ইতিহাসে নিৰ্দিষ্ট এক কালখণ্ডৰ সকলোখিনি ধৰি ৰাখিব নোৱাৰে। কিছু ৰৈ যায় মানুহৰ স্মৃতিত। লোকসাহিত্যত। ছবিত। গানত। মৌখিক ইতিহাসত। অনেক কথাই হেৰাই যায় পৃথিৱীৰ পৰা গুচি যোৱা মানুহবোৰৰ সৈতে। লিপিবদ্ধ নোহোৱাকৈ ৰৈ যায় বহু অমূল্য তথ্য। অমূল্য সত্য।[১]
৬.বহুত কিতাপ পঢ়োঁ, যি পাওঁ তাকেই পঢ়োঁ,জীৱনক বুজিবৰ চেষ্টা কৰোঁ, নিজক বুজিবৰ চেষ্টা কৰোঁ, সময়তকৈ আগত খোজ দিবলৈ শিকি লগৰীয়া বিচাৰি নাপাওঁ কথা পাতিবলৈ। বন্ধুবোৰ সহজ, সৎ, আন্তৰিক। তেওঁলোকে মোক ভাল পায়, মোৰ লগত তেওঁলোকৰ প্ৰশ্নহীন বন্ধুত্ব। কিন্তু কবিতা নুবুজে, জীৱনৰ প্ৰশ্নবোৰ নুবুজে, নাভাবেও। বয়সে য'ত ৰাখে তাতে থাকিব পৰাকৈ সহজ তেওঁলোক।[১]
৭.তেওঁলোকৰ সজীৱ বন্ধুত্বই সময়বোৰ ভৰাই ৰাখিছিল,গীটাৰৰ সুৰে দিনবোৰ উজ্জ্বল কৰি ৰাখিছিল, কিন্তু ভিতৰত এজন অন্য মানুহ আছিল, অকলশৰীয়া মানুহ, অভিযাত্ৰী মানুহ - যাৰ বহুত প্ৰশ্ন আছিল, ক'বলৈ বহুত কথা আছিল, বহুত আৱেগ আছিল, তাৰুণ্যই সমৰ্থন নকৰা বিষাদ আৰু প্ৰশ্নও আছিল।[১]
৮.সকলোৱেই হয়তো সেই কথাবোৰ অনন্য আৰু একক বুলি ভাবে। হয়তো সকলোৱেই ক'ব খোজে নিজৰ কথাবোৰ। সকলোৱেই হয়তো ভগাই ল'ব খোজে নিজৰ বিষাদ, নিঃসংগতা, ভাল লগা, বেয়া লগা আৰু অনেক কিবাকিবি। সেই কথাবোৰ থাকে কাৰণেই মানুহে হাতত কলম লয়, তুলিকা লয়, মানুহ কোনো বিশেষ পথৰ পথিক হয়।[১]
৯.প্ৰকাশৰ বাবে কেতিয়াবা ভাষাৰ অভাৱ হয় আৰু কেতিয়াবা ইচ্ছাৰ। চৌপাশৰ বৃত্তও কেতিয়াবা প্ৰকাশৰ বাবে প্ৰতিকূল হৈ পৰে। লিখোঁ বুলিও লিখিব নোৱাৰি। কওঁ বুলিও কোৱা নহয়। ৰৈ যায়। অথবা সংগোপনে জন্ম হৈ সংগোপনেই গুচি যায় সংখ্যাহীন নিজস্ব মুহূৰ্তবোৰ।[১]
১০.এটা কথা সত্য যে অচলায়তন কাল আৰু সীমাহীন ব্ৰহ্মাণ্ডত বিন্দুৰ সমানো নহয় মানুহৰ অস্তিত্ব। কিন্তু প্ৰতিজন মানুহক কেন্দ্ৰ কৰি গঢ় লৈ উঠে একোখন পৃথিৱী। হাজাৰ ঘটনা আৰু সংযোগে একক কৰি তোলে সেই পৃথিৱীক।[১]
১১.প্রতিজন মানুহৰ জীৱনেই সেয়ে ক'ৰবাত একক। অনন্য।তিনি ডোখৰ দীঘলীয়া আৰু সৰু এডোখৰ তিনি চুকীয়া আয়নাৰে গঢ়া কেলাইড'স্কপত যেনেকৈ বিভিন্ন ৰঙীন মণিবোৰে প্রতিটো জোকাৰণিত নতুন ৰূপ লয়, যেনেকৈ সেই প্রতিটো পেটার্ণেই একক- তেনেকৈয়ে একেখিনি উপাদানেৰে গঢ় লোৱা মানুহবোৰৰ জীৱনবোৰো হৈ পৰে একক।[১]
১২.মোৰ জন্মৰ সময়, মই জন্মতে লৈ অহা আচৰণগত বৈশিষ্ট্যবোৰ, মই ডাঙৰ হোৱা ঠাই, মোৰ পিতৃ-মাতৃয়ে গঢ়া ঘৰখন আৰু মোৰ সমূহ আত্মীয়, মোৰ চৌপাশৰ সমাজখন, মোৰ দেশ আৰু সমাজৰ ইতিহাস, পুৰাতাত্ত্বিক বিষয়বোৰ, বিজ্ঞানে আবিষ্কাৰ কৰা আৰু এতিয়াও আবিষ্কৃত নোহোৱা শাৰীৰিক কথাবোৰ, জেনেটিক বৈশিষ্ট্যবোৰ, মোৰ অভিজ্ঞতা- এনে বহু বিষয় একেলগ হৈ মোক মই কৰি গঢ়ি তুলিছে। মোক কেন্দ্র কৰি গঢ় লৈ উঠিছে এটা সামাজিক বৃত্ত।সময়ৰ লগে লগে সলনি হৈছে এই বৃত্তৰ পৰিধি আৰু পৰিৱেশ। কেতিয়াবা বিন্দুৰ দৰে মোৰ অস্তিত্বই আৰু কেতিয়াবা চৌপাশৰ বৃত্তই এই পৰিবৰ্তনত আগভাগ লৈছে। কেতিয়াবা বিন্দুই বৃত্তক প্ৰভাৱিত কৰিছে আৰু কেতিয়াবা বৃত্তই বিন্দুক।জীৱন নামৰ পৰিক্ৰমাই এই বিন্দুক কৰি তুলিছে অনেক ফুলৰ ৰস আৰু অনেক মৌমাখিৰ ওঁঠে গঢ়ি তোলা মৌচাকৰ দৰে।[১]
১৩.বিন্দু আৰু বৃত্ত' বিন্দুৰ দৰে মোৰ অস্তিত্ব আৰু তাৰ চৌপাশে থকা পৃথিৱীখনৰ নিচেই ক্ষুদ্র কিন্তু বিচিত্র অভিজ্ঞতাৰে ঐশ্বর্যশালী এটা ভগ্নাংশহে মাত্র- যি ভগ্নাংশত মোৰ সৃষ্টিশীলতায়ো আনুষ্ঠানিক ৰূপ লাভ কৰিছিল।
১৪.নিজক বুজাতকৈ কঠিন হয়তো একোৱেই নাই। উচ্চাত্মিকাবোধ আৰু নীচাত্মিকাবোধ দুয়োটাৰ পৰা সমদূৰত্বত থিয় হৈ নিজলৈ চোৱাটো সহজ কাম নহয়। নিজৰ ভিতৰৰ পৰা নিজক উলিয়াই আনি প্ৰখৰ দিবালোকত পৰীক্ষা কৰি নিজক অংকন কৰাটো হয়তো তাতোকৈও কঠিন। মই সেইখিনিহে ক'ব খুজিছোঁ যিখিনি মোৰ ভেটিটোত আছে বুলি মই সঠিককৈ জানো।
.