মৌচুমী চহৰীয়া অসমৰ সংগীত জগতৰ এগৰাকী কন্ঠশিল্পী।[] তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। ১৯৯০ চনত মাত্ৰ ৫ বছৰ বয়সতে পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই তেখেতৰ "ফাগুণৰ চেঁচাতে" নামৰ এটা এলবাম মুকলি কৰে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ, ভিডিঅ’ এলবাম, আৰু বিভিন্ন চিডি আদিত কণ্ঠদান কৰিছে আৰু প্ৰায় ৮০ ৰ অধিক এলবামত গীত গাইছে৷[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. সংগীতৰ প্ৰতি আকৰ্ষণ মই স্কুলত পঢ়ি থকা দিনৰ পৰাই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আচলতে সংগীতৰ ক্ষেত্ৰখনত ভৰি ৰখাৰ আঁৰত মোক আটাইতকৈ বেছি অনুপ্ৰেৰণা যোগোৱা মানুহগৰাকী হৈছে মোৰ মা।[]
  2. মই নিজৰ সম্পূৰ্ণ এশ শতাংশ হ’বলৈ হ’লে পঞ্চাশ আৰু পঞ্চাশত শিক্ষা আৰু সংগীতক এটা সমীকৰণত বহুৱাই লৈ মই আগবাঢ়িব লাগিব। মানে, মৌচুমী হ’বলৈ হ’লে মই শিক্ষা আৰু সংগীতক একেলগেই আগবঢ়াই নিব লাগিব। যদিও এইটো টান আছিল তথাপি পিছলৈ অনুভৱ কৰিলোঁ যে গান গাই পঢ়ি ভাল লাগে, আনফালে পঢ়ি গান গায়ো ভাল লাগে।[]
  3. দেউতাই যদিও প্ৰথমাৱস্থাত মোৰ গান গোৱাটোক বৰ এটা পছন্দ কৰা নাছিল, কিন্তু পিছলৈ দেউতাৰ এই ধাৰণাটো সম্পূৰ্ণৰূপে সলনি হৈছিল যেতিয়া মই উচ্চতৰ মাধ্যমিকত কলা শাখাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিলোঁ। পিছলৈ এনেকুৱা হৈ পৰিল যে মই গান নোগোৱা হ’লে তেওঁ মাক তাগিদা দিয়া হ’ল যে মমীয়ে (মমী মোৰ ঘৰত মতা নাম) কিয় গোৱা নাই! তেওঁ ভাবিলে যে এইজনী ছোৱালীয়ে গানো গায়, পঢ়েও, দুয়োটা ইমান ধুনীয়াকৈ চলাই লৈ গৈ আছে!তেওঁ গম পোৱা হ’ল যে গান অবিহনে মৌচুমী আধৰুৱা। []
  4. মই সময় হাতত খুব কমকৈ পাইছিলোঁ কাৰণে মোৰ নোটছ বনোৱা হোৱা নাছিল। তাৰ কাৰণে মই এটা উপায় বনাই লৈছিলোঁ, মই খুব ৰেফাৰেঞ্চ কিতাপ পঢ়িছিলোঁ। তেতিয়া যিহেতু ইণ্টাৰনেট নাছিল, গতিকে মই লাইব্ৰেৰীলৈ গৈ বিভিন্ন বিষয়বোৰৰ ৰেফাৰেঞ্চ কিতাপ গোটাই লৈ ঘৰত আনি কিতাপবোৰ মেলি লৈছিলোঁ আৰু এবাৰ চকু ফুৰাই নিজৰ সুবিধামতে বুজি লৈছিলোঁ। মোৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ ভিন্ন আছিল, মানে একেটা প্ৰশ্নৰে ভিন্ন সময়ত ভিন্ন উত্তৰ ওলাইছিল, কাৰণ মই নোটছ বনাই পঢ়িবলৈ সময় নাপাইছিলোঁ। পঢ়াৰ ক্ষেত্ৰত মই কিন্ত ছিলেকটিভ নাছিলোঁ, আদিৰ পৰা অন্তলৈ খুব ভালদৰে পঢ়ি মনতে আওৰাই লৈছিলোঁ। এটা thorough study কৰা বাবেই চাগেʼ মই কোনো ধৰণৰ অসুবিধা অনুভৱ কৰা নাছিলোঁ।[]
  5. মোৰ স্বামী “ইণ্ডিয়ান আৰ্মী”ত কৰ্মৰত, বিভিন্ন উপলক্ষত তেওঁৰ লগত মই ঘূৰি ফুৰিব লগা হয়, মোৰ দায়িত্ব বাঢ়ি গ’ল গতিকে মই ছিলেক্টিভ হ’বলৈ বাধ্য হৈ পৰিলোঁ। এনেকুৱা নহয় যে মই সংগীতৰ চৰ্চা বাদ দিছোঁ। সময়ে সময়ে ইণ্ডিয়ান আৰ্মীৰ শ্ব’ হওঁক, অসম চৰকাৰৰ শ্ব’ হওঁক- এইবোৰ কৰি থাকোঁ। কিন্তু যেতিয়া সন্তানৰ কথা আহি পৰে তেতিয়া মোৰ priority সলনি হৈ যায়।[]
  6. কোৱালিটি থাকিলে মানুহে আদৰিবই, তাৰ কাৰণে কৰ্ম কৰি যাব লাগিব। কিন্তু ভাল কাম কৰা স্বত্বেও কিছুমান এনেকুৱা শিল্পী আছে যিসকলে নীৰৱে কাম কৰি গৈ আছে, স্বীকৃতি পোৱা নাই। তেওঁলোকক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয়ও কিছু আছে।[]
  7. মই আজিকালি ভাবিবলৈ বাধ্য যে নিজৰ কৰ্মৰ লগতে কষ্টৰ লগতে ভাগ্যৰো প্ৰয়োজনীয়তা আছে। কাৰণ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন প্ৰতিভাশালী ব্যক্তি আছে, ইমান বেছি সৃষ্টি আৰু সৃজনশীলতা থকাৰ পিছতো তেওঁলোক আগবাঢ়ি আহিব পৰা নাই।[]
  8. তাহানিৰ দিনৰে গীতসমূহ, অসমীয়াই হওক বা হিন্দীয়েই হওক বা আন ভাষাৰ গীতেই হওক, তাত এটা বেলেগ ধৰণৰ মিঠা মেলʼডী আছিল। তাত ইমান সুন্দৰ কিছুমান কথা আছিল, আৰু তাৰ সুৰ, Composition বা গায়ক-গায়িকাৰ যিটো গায়কী আছিল সঁচাকৈয়ে সাংঘাটিক আছিল। এতিয়াৰ গীতবোৰৰ কিছুমান অতি ক্ষণস্থায়ী।[]
  9. গান এটাৰ কথা ভাল হ’ব লাগিব, সুৰ ভাল হ’ব লাগিব। কাৰণ এটা গান কিছুমান ধুম-ধাৰাকা মিউজিকেৰে সৈতে অনবৰতে আপুনি শুনি থাকিব নোৱাৰে।গতিকে গান এটা শুনিবলৈ হ’লে গান কি, সংগীত কি জানিব লাগিব।[]
  10. যিয়ে আপোনাক মনত শান্তি দিয়ে, মনত আপোনাৰ খুব সুন্দৰ অনুভৱ কিছুমান জাগি উঠে, সেয়াই ভাল সংগীত। কিন্তু অনবৰতে যদি আমি হুলস্থূলীয়া গীত শুনো, যাৰ কথাৰ কোনো ঠিক নাই, আমি খাইছো, লৈছোঁ, শুইছোঁ – সেয়া গান শুনি ভাল নালাগে। তেনেকুৱা গান কেতিয়াও স্থায়ী হ’ব নোৱাৰে।[]
  11. নিশ্চয়কৈ গান এটা চিৰস্থায়ী হ’বলৈ Lyrics, Composition আৰু গায়কী- এই তিনিটা কথাই অতিশয় গুৰুত্বপূৰ্ণ।[]
  12. ভাল লিখাবোৰ পঢ়ি যেনেকৈ ভাল লাগে ঠিক তেনেকৈ সেইবোৰ লিখিবলৈও ভাল মানসিকতা এটা, সুস্থ মন এটাৰ খুবেই প্ৰয়োজন।[]
  13. ‘ষ্টাৰদাম’ বা ‘চেলিব্ৰেটি’ৰ কিবা ‘ইমেজ’ মই কেতিয়াও বিচৰা নাই। মই আগৰ পৰা খুব ‘চিম্পল’ আৰু ‘চিম্পল’ ‘লাইফ’টো খুব ভাল পাওঁ। নাজানো কিয়! মোৰ কোনো ধৰণৰ ‘ডিফাৰেন্স’ ‘ফিল’ নহয়। কিন্তু মোৰ ভাল লাগে যেতিয়া মানুহে মোক মৌচুমী বুলি চিনি পায়, মৰম কৰে, ‘এপ্ৰিছিয়েট’ কৰে, তেতিয়া মই মোৰ দায়িত্ব আৰু বাঢ়ি যোৱা যেন অনুভৱ কৰোঁ।[]
  14. প্ৰতিগৰাকী মানুহৰ জীৱনত উত্থান-পতন থাকেই। মানুহৰ জীৱনটো সুখ আৰু দুখৰ মাজেৰেই পাৰ হয়। কেতিয়াও ৰৈ নাযায়।[]
  15. মই মোৰ মাজতে প্ৰতিযোগিতা কৰোঁ লাহে লাহে। মোৰ কাৰো লগত কোনো প্ৰতিযোগিতা নাই, সদায় নিজৰ লগত কৰোঁ এই কাৰণে যে ইমান দিনে মই কি কৰিলোঁ, যিবোৰ কৰিছোঁ তাতকৈ আৰু ভালকৈ কৰিব লাগিব- তেনে ধৰণৰ। []
  16. সঁ‌চা ভালপোৱা আচলতে ভগৱানৰ অমূল্য বৰদান। পোৱাটো খুবেই কঠিন। []
  17. বিভিন্ন ধুনীয়া ল’ৰা দেখিলে, ভাল এজনী ছোৱালী দেখিলে ভাল লগাটো, তেওঁ‌ক এপ্ৰিচিয়েট কৰাটো, সৌন্দৰ্যটো সদায় এপ্ৰিচিয়েট কৰিব লাগে। ধুনীয়া ল’ৰা এজন দেখিলে এপ্ৰিচিয়েট কৰোঁ, ধুনীয়া ছোৱালী দেখিলে এপ্ৰিচিয়েট কৰোঁ, গতিকে ভাল লাগিছিল। []
  18. মই লোকগীতৰ দৰে গীত ভাল পাওঁ, সেইবুলি বেলেগ গীত, ৱেষ্টাৰ্ণ গীতবোৰ বেয়া পাম নেকি! মই অসমীয়া গীত গাওঁ, সেইবুলি হিন্দী-তামিল-তেলেগু আদি বেয়া পাম নেকি! আচলতে সংগীতৰ কোনো ভাষা নাই। []
  19. যিবোৰৰ পৰা মানুহৰ মনত এটা সুন্দৰ অনুভৱৰ সৃষ্টি হয়, সেইবোৰ ব্যঙ্গ মই ভাল পাওঁ। কিন্তু যিবোৰৰ জৰিয়তে কোনোবাক ঠাট্টা-মস্কৰা কৰা হয়, সেইবোৰ মোৰ ভাল নালাগে। আচলতে ব্যঙ্গ সাহিত্যৰ জৰিয়তে সমাজলৈ এটা ভাল বাৰ্তা যায়, তাৰ জৰিয়তে মানুহে শিকিব পাৰে। []