গি দ্য মোপাছাঁ‌ (ইংৰাজী: Guy de Maupassant; ৫ আগষ্ট ১৮৫০ – ৬ জুলাই ১৮৯৩) ১৯ শতিকাৰ ফৰাচী সাহিত্যিক। তেওঁক এগৰাকী নিপুণ চুটিগল্পকাৰ হিচাপে বিশেষভাৱে জনা যায়। তেওঁৰ বহু চুটিগল্পৰ কাহিনীৰ পটভূমি ১৮৭০ চনৰ ফ্ৰাংকো-প্ৰাছিয়ান যুদ্ধ। ইয়াত যুদ্ধৰ অসাৰতা আৰু নিজৰ নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিঘটনাত আবদ্ধ হৈ পৰা নিৰীহ সাধাৰণ নাগৰিকসকলৰ বৰ্ণনা কৰা হৈছে। তেওঁ ৩০০ টা চুটিগল্প, ছখন উপন্যাস, তিনিখন ভ্ৰমণ পুথি, আৰু এক খণ্ড পদ্য ৰচনা কৰিছিল।

মোপাছাঁৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. তোমাৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ কেৱল মাত্ৰ বিশেষ্য, এটা মাত্ৰ বিশেষণ আৰু এটা মাত্ৰ ক্ৰিয়াপদহে থাকিব পাৰে। সেইটো বিচাৰি নোপোৱালৈকে বাক্যটো নিলিখিবা।

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: