মৃত্যুঞ্জয় (গ্ৰন্থ)

জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া উপন্যাস

মৃত্যুঞ্জয় (ইংৰাজী: Mrityunjay) অসমীয়া ভাষাৰ এখন উপন্যাস। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।[১] উপন্যাসখনত ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ ঘটনাৱলীৰ আভাস আৰু চিত্ৰন কৰা হৈছে। সেই সময়ৰ সমাজ, মানুহৰ চিন্তাধাৰা, ৰীতি-নীতিৰ বৈশিষ্ট্য, স্বাধীনতাৰ প্ৰভাৱে মানুহৰ জীৱনক কিদৰে প্ৰাভাৱাম্বিত কৰিছিল তাৰ নিৰ্মোহ প্ৰতিফলন উপন্যাসখনত পোৱা যায়।

উদ্ধৃতি সম্পাদনা কৰক

উৎস সম্পাদনা কৰক

  1. Bīrendrakumāra Bhaṭṭācāryya (1983)। Mrityunjay: Jnanpith Award Winning Novel। Sterling। আহৰণ কৰা হৈছে: 21 November 2012।

বাহ্যিক সংযোগ সম্পাদনা কৰক