মিডনাইটছ চিলড্ৰেন

মিডনাইটছ চিলড্ৰেন (ইংৰাজী: Midnight's Children) হৈছে লেখক চলমান ৰুশ্বদিৰ ১৯৮১ চনৰ এখন উপন্যাস। উপন্যাসখনত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতালৈকে ভাৰতৰ পৰিৱৰ্তন আৰু ভাৰতৰ বিভাজনৰ চিত্ৰায়ন কৰা হৈছে। ইয়াক উত্তৰ ঔপনিৱেশিক, উত্তৰ-আধুনিক আৰু যাদুকৰী বাস্তৱবাদী সাহিত্যৰ এক উদাহৰণ বুলি গণ্য কৰা হয়। উপন্যাসখনৰ মুখ্য নায়ক ছালিম চিনাইৰ দ্বাৰা কাহিনীটো কোৱা হৈছে আৰু ইয়াক প্ৰকৃত ঐতিহাসিক ঘটনাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ কৰা হৈছে।

উদ্ধৃতি সম্পাদনা কৰক

  • মাত্ৰ এটা জীৱন বুজিবলৈ পৃথিৱীখন গিলিব লাগিব ... তেন্তে আপুনি ভাবিছেনে যে মই এজন ওজনশীল শিশু আছিলোঁ?[১]
  • আমি সকলোৱে মৃত্যুৰ প্ৰতি এটা জীৱনৰ ঋণী।[১]
  • বাস্তৱ আৰু সত্য একে হ’বই লাগিব বুলি ক’ব নোৱাৰি।[১]
  • আমাৰ জীৱনত যিবোৰ গুৰুত্বপূৰ্ণ, তাৰ বেছিভাগেই আমাৰ অনুপস্থিতিত সংঘটিত হয়।[১]
  • যিসকল লোকৰ ‘কালি’ বুজোৱা শব্দৰ সৈতে ‘কাইলৈ’ বুজোৱা শব্দ একে, তেনে লোকৰ সময়ৰ ওপৰত দৃঢ় দখল আছে বুলি ক’ব নোৱাৰি৷[১]
  • শিশু হৈছে সেই পাত্ৰ, য’ত প্ৰাপ্তবয়স্কসকলে নিজৰ বিষ ঢালি দিয়ে।[১]

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ Midnight's Children Quotes. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: 5 ছেপ্টেম্বৰ 2022.

বাহ্যিক সংযোগ সম্পাদনা কৰক