মাৰ্টিন লুথাৰ কিং
আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং (ইংৰাজী: Martin Luther King Jr.; ১৫ জানুৱাৰী ১৯২৯ – ৪ এপ্ৰিল ১৯৬৮) একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকীয়-আমেৰিকান গণ অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা আছিল। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গণ অধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়।

১৫ জানুৱাৰী ১৯২৯ত আটলাণ্টা চহৰত মাৰ্টিন লুথাৰ কিং কনিষ্ঠৰ জন্ম হয়। তেওঁৰ পিতৃ মাৰ্টিন লুথাৰ কিং অগ্ৰজ আৰু মাতৃ এলবাৰ্টা ৱিলিয়ামচ কিং।
সৰুকালত কিং নানান খ্ৰীষ্টিয় বিশ্বাসৰ ওপৰত সন্দেহী আছিল। কিন্তু পাচলৈ তেওঁৰ ভাৱ হয় যে বাইবেল বহুতো গভীৰ সত্যৰ ভঁৰাল আৰু ছেমিনাৰীত যোগদান কৰে।
আটলাণ্টাত ডাঙৰ-দীঘল হোৱা কিঙে বুকাৰ টি ৱাচিংটন হাইস্কুলত শিক্ষা লাভ কৰে। ১৫ বচৰ বয়সতে তেওঁ মুৰহাউচ মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৪৮ চনত সমাজ তত্ত্বৰ স্নাতক উপাধি লাভ কৰে। ইয়াৰ পাচত তেওঁ ক্ৰ্'জাৰ থিয়'ল'জিকেল চেমিনাৰী পেনচিলভেনিয়াৰ পৰা ঈশ্বৰত্বৰ স্নাতক উপাধি লাভ কৰে।
উদ্ধৃতিসমূহসম্পাদনা কৰক
- আমি সীমিত হতাশাক প্ৰশ্ৰয় দিব লাগে। ইয়াৰ বিপৰীতে অসীম আশাক কেতিয়াও ত্যাগ কৰিব নালাগে।[উৎসৰ প্ৰয়োজন]
- পৃথিৱীত যিমানবোৰ কাম কৰা হয়, সকলো আশাৰ জৰিয়তেই কৰা হয়।[উৎসৰ প্ৰয়োজন]
- আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই৷[১]
- কোনো এঠাইৰ অন্যায় সকলো ঠাইৰ ন্যায়ৰ প্ৰতি ভাবুকি৷[২]
উৎসসম্পাদনা কৰক
- ↑ মাৰ্টিন লুথাৰ কিং. "দিনটোৰ বাণী", ৪ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ৬ মাৰ্চ ২০২৩.
- ↑ মহৎ লোকৰ বাণী, অপূৰ্ব তালুকদাৰ, নিষ্ঠা প্ৰকাশন, ২০১৬,পৃ: নং; ৫৭