মানুহৰ ক্ৰমবিকাশৰ কাহিনী

মানুহৰ ক্ৰমবিকাশৰ কাহিনী হৈছে নেছনেল বুক ট্ৰাস্ট অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এখন অনুবাদ গ্ৰন্থ। ইংৰাজী গ্ৰন্থখনৰ লেখক বিমান বসু আৰু অনুবাদক হৈছে চাকিল জামাল। [১]

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. "এই পৃথিৱীত মানুহৰ উৎপত্তি কেনেকৈ হ'ল - এই প্ৰশ্নটোৱে তাহানিৰে পৰা কি বিজ্ঞানী, কি দাৰ্শনিক, আৰু কি সৰ্বসাধাৰণ - সকলোৰে মনত কৌতূহলৰ সৃষ্টি কৰি আহিছে।"[২]
  2. "স্বাভাৱিকতেই পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে সৃষ্টিৰ ধাৰণাটো দলৈ শিপাই আছে; আৰু ঈশ্বৰৰ এই সৃষ্টিত মানুহক জীৱশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হৈছে।"[৩]
  3. "পৰ্যবেক্ষণৰ যোগে পোৱা তথ্যবোৰ বিজ্ঞানো যিমান দূৰ সম্ভৱ যুক্তিযুক্ত ব্যাখ্যা আৰু প্ৰমাণৰ ভিত্তিত বুজিবলৈ চেষ্টা কৰে।"[৩]
  4. "যিবোৰ প্ৰাণীয়ে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই ল'বলৈ সমৰ্থ হ'ল, সেইবোৰ প্ৰাণী জীৱন-যুদ্ধত জয়ী হ'ল।" [৪]
  5. "সমভূমিত জীৱন নিৰ্বাহৰ ক্ষেত্ৰত দুই ভৰিত ভৰ দি থিয় হ'ব পৰাটো আৰু খোজ কাঢ়িব পৰা ক্ষমতাই প্ৰাণী এটাক বহু সুবিধা প্ৰদান কৰে।" [৫]
  6. "মানুহে এক বিপুলসংখ্যক, নানা তৰহৰ শব্দ ডিঙিৰে সৃষ্টি কৰিব পাৰে। শব্দৰ এই বৈচিত্ৰ বিভিন্ন উৎসৰ পৰা অহা।"[৬]
  7. "মাত-কথাৰ সূত্ৰপাত যিদৰেই নহওক লাগিলে, এটা কথাত পিছে সন্দেহ নাইঃ অৰ্থৱহ মাত-কথাই আধুনিক মানৱৰ বিকাশৰ সুদীৰ্ঘ বাটটোত এনে এটা পৰিৱৰ্তন সাধন কৰিলে, যাৰ ফলাফল অতিশয় সুদূৰপ্ৰসাৰী বুলি প্ৰতিপন্ন হ'ল।"[৭]
  8. "কেৱল জীৱাশ্মৰ ভিত্তিত মানুহৰ অতীতৰ অনুসন্ধানে আমাক প্ৰায়ে ভুল পথে পৰিচালিত কৰিব পাৰে, কাৰণ আমাৰ পূৰ্বপূৰুষসকলে ব্যৱহাৰ কৰা বহুতো বস্তু জীৱাশ্মৰ ৰূপত নাথাকিব পাৰে। উদাহৰণস্বৰূপে, কপাহী সূতাৰে তৈয়াৰী বস্তুৰ জীৱাশ্ম পোৱা নাযায়, আৰু সেয়ে আমাৰ পূৰ্বপুৰুষে তেনে বস্ত্ৰ ব্যৱহাৰ কৰিছিল নে নাই ক'ব নোৱাৰি।"[৮]
  9. "কাৰিকৰী নৈপুণ্যতকৈ আমাৰ আদিম পূৰ্বপুৰুষসকলৰ জীৱনৰ আটাইতকৈ কমকৈ বুজিবলৈ সমৰ্থ হোৱা বিষয়টো হ'ল, সেই কালৰ মানুহে সৃষ্টি কৰা চিত্ৰশিল্পবোৰ।"[৯]
  10. "যিকোনো কলাই হ'ল মানুহৰ সৃষ্টিশীলতাৰ অভিব্যক্তি।"[১০]

উত্‍স সম্পাদনা কৰক

  1. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,।
  2. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:ix।
  3. ৩.০ ৩.১ (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:১।
  4. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:৯।
  5. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:১৬।
  6. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:৪৬।
  7. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:৫১।
  8. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:৫৪।
  9. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:৬০।
  10. (২০১২) মানুহৰ ক্ৰমবিকাশৰ কাহিনী। নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া,, পৃষ্ঠা:৬১।