মাধুৰীমা ঘৰফলীয়া

মাধুৰীমা ঘৰফলীয়া হৈছে এগৰাকী অসমীয়া শিশু সাহিত্যিক।[১] ফচং শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁ ২০২০ চনৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল। [২] অসমৰ শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ নেমুগুৰি ভকত গাঁৱত তেখেতৰ জন্ম হৈছিল।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. গছবোৰ মোৰ প্ৰিয় আছিল। ঘৰৰ বাঁহনিখনত থকা প্ৰায় প্ৰতি জোপাৰ গছৰ সৈতে মাজে মাজে কথা পাতিছিলোঁ। গছৰ সৈতে কথা পতা সেই কাণ্ডটো কোনোবাই দেখিলে পাগলী বুলি ভাবিব বুলি অলপ সংকোচো হৈছিল কিন্তু কথা পাতিবলৈ এৰি দিয়া নাছিলোঁ। কেতিয়াবা সিহঁতক সাধু কথা কৈছিলোঁ,দিনটো ক’ত কি কৰিলোঁ সেইবোৰ বৰ্ণনা দিছিলোঁ।[১]
  2. আমাৰ ঘৰখনৰ আৰ্থিক অৱস্থা এনে নাছিল যে পাঠ্যপুথিৰ বাহিৰে আমাক অন্য কিবা কিতাপ যোগান ধৰিব পাৰিব। সেইবাবে মই য'তে কিতাপ দেখিছিলোঁ তাতে এঠা লগাৰ দৰে বহি পঢ়ি শেষ কৰিছিলোঁ। আমাৰ গাঁৱৰ এখন ঘৰতেই কিতাপৰ ডাঙৰ আলমাৰি এটা আছিল আৰু তেওঁলোকৰ ঘৰখন মোৰ ভাত ঘৰৰ দৰে হৈ পৰিছিল। এই যে কিতাপৰ প্ৰতি মোহটো আছিল এইটোৱেই লাহে লাহে মনৰ মাজত লিখাৰ তাগিদা সৃষ্টি কৰিছিল।[১]
  3. মন চুই যোৱা এশাৰী বাক্য বা এটা শব্দয়ো মোক লিখিবলৈ উদ্বুদ্ধ কৰিব পাৰে সেয়া লাগিলে কোনোবা এজন সাহিত্যিকৰ সৃষ্টিয়ে হওক বা অন্য কোনোবা এজন অখ্যাত ব্যক্তিৰে হওক।[১]
  4. মোৰ ধাৰণাৰে সাহিত্যৰ প্ৰতিদ্বন্দী বুলি যদি কিবা আছে সেয়া সাহিত্যৰ ভাল লেখা আৰু দুৰ্বল লেখা। সাহিত্যত যদি ভাল লেখা সৃষ্টি হৈ থাকে তেতিয়া আন কোনো উৎসই সেই সাহিত্যক জনপ্ৰিয় হৈ উঠাত বাধাৰ সৃষ্টি কৰিব নোৱাৰে লাগিলে সেয়া ইউটিউব বা টেলিভিচনৰ কাৰ্টুনে হওক।[১]
  5. সকলো সাহিত্যৰে নিজা বিশেষত্ব থাকে। কোনোবা এজনে যদি ভাবে তেওঁ যি সাহিত্য ৰচনা কৰে সেই সাহিত্য আনবোৰ সাহিত্যতকৈ উচ্চ খাপৰ তেন্তে সেয়া তেওঁৰ একেবাৰে ভ্ৰান্ত ধাৰণা। কোনো সাহিত্যই সহজ নহয়। ব্যংগ সাহিত্যও তেনে এক সাহিত্য। বৰঞ্চ মই ভাবো মানুহৰ মানসিক জঠৰতা এখিনি পলকতে নোহোৱা কৰি মুখত হাঁহি বিৰিঙাই তুলিব পৰা এই সাহিত্য ৰচনা কৰা খুবেই কঠিন। সকলোৰে বাবে এয়া সম্ভৱপৰ নহয়। [১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ মাধুৰীমা ঘৰফলীয়াৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (৫ জুন ২০২২). আহৰণ কৰা হৈছে: 21 মে' 2024.
  2. সাহিত্য অকাডেমি শিশু সাহিত্য পুৰস্কাৰ ২০২০. প্ৰকাশক: সাহিত্য অকাডেমি (১২ মাৰ্চ ২০২১). আহৰণ কৰা হৈছে: ১২ মাৰ্চ, ২০২১.