মাকাম (গ্ৰন্থ)

অসমীয়া উপন্যাস

মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।[১]

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. মই এই কাহিনীৰ স্ৰষ্টা নহওঁ।
    নিৰুপায় হেজাৰ মানুহৰ বুকুৱে বুকুৱে লুকাই থকা এক বিষাদৰ মহাকাব্যৰ মই এজন অক্ষম ৰূপকাৰ মাত্ৰ।[২][৩]
  2. ঘিণ নকৰিবা। এখন দেশ আৰু এখন দেশৰ সকলো মানুহ কেতিয়াও বেয়া হ’ব নোৱাৰে। যি ঘটিছিল সেয়া আমাৰ দুৰ্ভাগ্য আছিল।[৪]
  3. আমি জীয়াই থাকিব লাগিব। আমি ইয়াতেই জীয়াই থাকিব লাগিব। টিনৰ খনিত কাম কৰা দিনবোৰলৈ মনত পেলাচোন। তাতকৈ ইয়াত আমি বহুত ভালে আছো। ইয়াত আমাৰ কামৰ দাম আছে। ভালকৈ কাম কৰিলে আমি ইয়াত ভালদৰে চলিব পৰা হ’মগৈ। এইখনকেই আমাৰ নিজৰ ঠাই বুলি ভাবিবৰ চেষ্টা কৰ। এদিন তই ঘৰলৈ যাব পাৰিবি। সঁচাকৈ পাৰিবি। কানি খাবলৈ এৰি দে আহ্‌চিন। যিমান পাৰ পইচা জমা। পইচা জমাব পাৰিলেহে তই ঘৰলৈ যাব পাৰিবি৷[৫]
  4. লিখি নথ’লে লাহে লাহে চব হেৰাই যায়৷[৬]
  5. কালিলৈকে সঁচা বুলি ভাবি থকা বহুত কথা হঠাতেই মিছা হৈ পৰিছে। হঠাতেই অচিনাকি হৈ পৰিছে আত্মীয় বুলি ভবা বহুত মানুহ। হঠাতেই নিজক বহিৰাগত হিচাপে আৱিষ্কাৰ কৰিছে লিয়াঙে। এইখন দেশতেই জন্ম হৈছিল লিয়াঙৰ। বুজা হোৱাৰে পৰা এইখন দেশকেই নিজৰ বুলি জানি আহিছে। নিজৰ বুলি ভাবি আহিছে এইখন সমাজক কেতিয়াও নিজকে বাহিৰৰ মানুহ বুলি অনুভৱ কৰা নাছিল। সেই বিশ্বাস, সেই ধাৰণা, সেই অনুভৱ এক আকস্মিক আঘাতত থান-বান হৈ পৰিব খুজিছে। এই অচিনাকি আৱেগে, অচিনাকি অভিমানে বিপৰ্যস্ত কৰি তুলিছে লিয়াঙক। ইফালে সিফালে ওলাই গ’লে মানুহবোৰক যেতিয়া ঘূৰি ঘূৰি চোৱা দেখে, যেতিয়া মানুহৰ মুখৰ পৰা উফৰি অহা কঠিন মন্তব্যবোৰ শুনে—কাকো ক’ব নোৱৰা কষ্টত ছট্‌ফটাই উঠে লিয়াঙ৷ আকৌ যেতিয়া পুলকহঁতক লগ পায় তেতিয়া ভাব হয় ক’তো যেন একো পৰিৱৰ্তন হোৱা নাই— সকলো যেন ঠিকেই আছে।[৭]
  6. মনৰ কথা ক’বলৈ ভাষাৰ অভাৱ। দুখবোৰে গধুৰ শিলৰ দৰে বাট ভেটি ধৰিছে। কেনেকৈ কওঁ তোমাক— কেনে আছো। মই জানো তুমি কেনে আছা। জানো কাৰণেই মৰি যাব ধৰিছোঁ। ঘৰৰ মানুহে কৰা অপৰাধে জুই হৈ মোক দহি আছে। বাট বিচাৰি বিচাৰি হাবাথুৰি খাইছোঁ। বাট ওলাব। নিশ্চয় ওলাব। তোমাক কোনেও মোৰ পৰা কাঢ়ি নিব নোৱাৰে। কোনেও। তুমি মাত্ৰ গুচি যাওঁ বুলি নক’বা। তুমি নাথাকিলে মই কেনেকৈ জীয়াই থাকিম মেইলিন? আত্মা কাঢ়ি নিলে মানুহ জানো জীয়াই থাকিব পাৰে?[৮]
  7. ভাৰতৰ মাটিত পোত খাই থকা শিপা জানো উঘালি আনিব পাৰি? দলিয়াই থৈ আহিব পাৰি জানো নিজৰ অতীত? ভাৰতৰ মাটি-পানীৰে পুষ্ট জীৱনৰ পৰা পৃথক কৰিব পাৰি জানো নিজৰ অস্তিত্ব?[৯]

উৎস সম্পাদনা কৰক

  1. Makam – Rita Chowdhury. Archived from the original on March 7, 2012. আহৰণ কৰা হৈছে: February 25, 2012.
  2. মাকাম 2015, পৃষ্ঠা. 11.
  3. মাকাম 2015, পৃষ্ঠা. 576.
  4. মাকাম 2015, পৃষ্ঠা. 20.
  5. মাকাম 2015, পৃষ্ঠা. 108.
  6. মাকাম 2015, পৃষ্ঠা. 181.
  7. মাকাম 2015, পৃষ্ঠা. 311-312.
  8. মাকাম 2015, পৃষ্ঠা. 474.
  9. মাকাম 2015, পৃষ্ঠা. 499.
  • চৌধুৰী, ৰীতা (2015)। মাকাম। জ্যোতি প্ৰকাশন।

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: