মাইকেল জেকচন

আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী

মাইকেল জেকচন (২৯ আগষ্ট ১৯৫৮ – ২৫ জুন ২০০৯) এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী। তেওঁক "কিং অফ পপ" বা "পপ সংগীতৰ ৰজা" হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়।

১৯৮৮ চনৰ ২ জুনত অষ্ট্ৰিয়াৰ ৰাজধানীৰ ভিয়েনাত মাইকেল জেকচন

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • কাৰোবাক নিজৰ হৃদয়ৰ এটুকুৰা দিয়াটো পৃথিৱীৰ সকলো ধন-সম্পত্তিতকৈও অধিক মূল্যৱান।
  • অনুগ্ৰহ কৰি আপোনাৰ সপোনৰ বাবে যাওক। আপোনাৰ আদৰ্শ যিয়েই নহওক কিয়, আপুনি যি হ'ব বিচাৰে সেইটোৱেই হ'ব পাৰে।
  • যদি আপুনি পৃথিৱীখনক এখন উন্নত ঠাই বনাব বিচাৰে তেন্তে নিজকে এবাৰ চাওক, আৰু এটা পৰিৱৰ্তন কৰক।
  • ঘৃণাৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও আশা কৰিবলৈ সাহস কৰিব লাগিব। খঙেৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও সান্ত্বনা দিবলৈ সাহস কৰিব লাগিব। হতাশাৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও সপোন দেখাৰ সাহস কৰিব লাগিব। আৰু অবিশ্বাসেৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও বিশ্বাস কৰিবলৈ সাহস কৰিব লাগিব।
  • আমি আমাৰ আহত পৃথিৱীখন সুস্থ কৰিব লাগিব। আজি আমি যি বিশৃংখলতা, হতাশা, অৰ্থহীন ধ্বংস দেখিছো, সেয়া মানুহে ইজনে সিজনৰ পৰা আৰু নিজৰ পৰিৱেশৰ পৰা অনুভৱ কৰা বিচ্ছিন্নতাৰ ফল।
  • মই পঢ়ি ভাল পাওঁ। মই যদি অধিক মানুহক পঢ়িবলৈ পৰামৰ্শ দিব পাৰিলোহেঁতেন। কিতাপৰ মাজত এক সম্পূৰ্ণ নতুন পৃথিৱী আছে৷
  • তেওঁলোকে কয় যে অভিভাৱকত্ব নৃত্যৰ দৰেই। আপুনি এটা খোজ লয়, আপোনাৰ সন্তানে আন এটা খোজ দিয়ে।

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: