মহাৰথী (গ্ৰন্থ)
মহাৰথী (ইংৰাজী: Maharothi) অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়।[১] ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।
উদ্ধৃতি
সম্পাদনা কৰক- মানুহৰ জীৱনৰ যি বিসঙ্গতি, যি ভঙ্গুৰতা, অথবা চৰিত্ৰৰ যি দুৰ্বলতা, তাকেই মানুহে নামকৰণ কৰে ভাগ্য, অথবা চৰিত্ৰৰ যি দুৰ্বলতা, তাকেই মানুহে নামকৰণ কৰে ভাগ্য, অথবা অদৃষ্ট। নিজৰ ভাগ্য অথবা অদৃষ্ট, নিয়তি আখ্যা দিয়া হয় যাক সঘনে, অকাৰণে, সেইটো সুপ্ত আৰু গুপ্ত হৈ থাকে প্ৰত্যেক মানুহৰ মাজতেঃ মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ সিয়েই এসময়ত জাগ্ৰত হৈ উঠে। ভাগ্যৰ, অদৃষ্টৰ পৰিহাস বুলি মানুহে তাক আখ্যা দিয়ে নিজক বিৱেকৰ দংশনৰ পৰা মুক্ত কৰিবলৈ আৰু অৱশেষত সেই বিবেকেই পৰিণত হয় দুৰ্বিষহ যন্ত্ৰণাত। সেই যন্ত্ৰণাৰ পৰা মুক্তিৰ সংগ্ৰামত অতিবাহিত হয় মানুহৰ সমস্ত জীৱন।[২]
- চৰম বিপদক কোনো মহাপ্ৰাণে আমন্ত্ৰণ নকৰে। কিন্তু যি চৰম বিপদক আহ্বান কৰি তাৰ সন্মুখীন হ'ব পাৰে দুৰ্দম্য বীৰত্ব আৰু শক্তিৰে, সেইজনেই হ'ল মহাপ্ৰাণ।[৩]
- ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু পৰম্পৰা প্ৰতিষ্ঠাপিত বিশাল মানৱতাবোধ,সত্য,দয়া,ক্ষমা,উদাৰতাৰ ওপৰত। যি ৰাজসম্পদ, ঐশ্বৰ্য,দান কৰে, তেওঁ নিশ্চিতৰূপে দানবীৰ। কিন্তু অন্যৰ জীৱন ৰক্ষাৰ্থে যি নিজৰ অম্লান বদনে দান কৰে, তেওঁ হ'ল দানশ্ৰেষ্ঠ। [৪]
- যি তোমাৰ সমকক্ষ নহয়, তেওঁক তুমি ঈৰ্ষা নকৰিবা, তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ নহ'বা। কৰিলে আৰু হ'লে মহত্ত্বই তোমাক কৰিব পৰিহাস। কোনো এজনক নিজৰে মহত্ত্বই যেতিয়া পৰিহাস কৰে, তেতিয়া তেওঁক মহত্ত্বই পৰিত্যাগ কৰাৰ সম্ভাৱনা প্ৰগাঢ় হয়।[৫]
- মানুহৰ মহত্ত্ব তেতিয়া পূৰ্ণ বিকশিত হয়, যেতিয়া মহত্ত্বৰ অধিকাৰী সেই পুৰুষে মহত্ত্বৰ সাধনাৰ পৰা বিচ্যুত নহয়। [৬]
- মহত্ত্বক অনাদৰ কৰিলে মহত্ত্ব তোমাৰ প্ৰতি কৃপণ হোৱাটো স্বাভাৱিক। [৭]
- জীৱনক যি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁৰ বাবে মৃত্যু হ'ল অকাৰণ। জন্মৰ পিছত কোনো এক শিশু পৰিণত হয় কিশোৰত, কৈশোৰৰ শেষত আবিৰ্ভাৱ যৌৱনৰ। তাৰ পিছত প্ৰৌঢ় আৰু বৃদ্ধত্ব। মৃত্যু হ'ল মাত্ৰ জীৱনৰে অন্য এক ৰূপ অথবা অৱস্থাঃ কেৱল পৰিৱৰ্তন এক ৰূপৰঃ ভঙ্গুৰ এক দেহে এটা ৰূপৰ পৰা পৰিৱৰ্তিত হৈ মৃত্যুৰ ৰূপ কৰে ধাৰণ। [৮]
- এই পৃথিৱীত শেষ সত্য হ'ল মহাকাৰুণ্য। মহাকাৰুণ্যই মানুহৰ জীৱন নিয়ন্ত্ৰিত কৰে। সুখৰ আনন্দ থাকে মাত্ৰ ক্ষন্তেক, কিন্তু সুখৰ বেদনা থাকে সমস্ত জীৱন। [৯]
- পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ লোকজনেও ভুল কৰে, কিন্তু তেওঁ একেটা ভুলকে দুবাৰ নকৰে: তেওঁৰ জীৱনত ভুল আৰু ত্ৰুটিৰ পুনৰাগমন নঘটে। প্ৰত্যেকটো ভুলৰ সংশোধন কৰি ধীৰে ধীৰে তেওঁ এনে এক মহিমামণ্ডিত স্থানত উপনীত হয়গৈ যেতিয়া তেওঁ নিজেই হাজাৰ চেষ্টা কৰিলেও তললৈ স্খলিত নহয়। পৃথিৱীৰ মাটিৰ স্পৰ্শ নোলোৱাকৈ, ভূমিৰ স্পৰ্শ নোলোৱাকৈ কোনো মানুহে ভূমাৰ স্পৰ্শ লাভ কৰিব নোৱাৰে। [১০]