মহম্মদ আলী জিন্না

মহম্মদ আলী জিন্না (উৰ্দু/সিন্ধী: محمد على جناح) (২৫ ডিচেম্বৰ, ১৮৭৬ – ১১ ছেপ্টেম্বৰ, ১৯৪৮) ভাৰতীয় উপমহাদেশৰ এজন মুছলমান ৰাজনীতিবিদ আৰু অল ইণ্ডিয়া মুছলিম লীগৰ নেতা আছিল যিয়ে পাকিস্তান প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পাকিস্তানত তেওঁক আনুষ্ঠানিকভাৱে কোৱাইদ-ই-আজম (উৰ্দু: قائد اعظم — "মহানেতা") আৰু বাবা-ই-কৌম ("জাতিৰ পিতৃ") নামেৰে জনা যায়। তেওঁৰ জন্ম আৰু মৃত্যু বাৰ্ষিকী হৈছে পাকিস্তানত বন্ধৰ দিন।

আমি এই মৌলিক নীতিৰ পৰাই আৰম্ভ কৰিছো যে আমি সকলোৱে এখন ৰাজ্যৰ নাগৰিক আৰু সম নাগৰিক।

উদ্ধৃতি সম্পাদনা কৰক

১৯৩৫ সম্পাদনা কৰক

  • কংগ্ৰেছ আৰু মোহনদাস কে গান্ধীৰ লগত মই সহযোগী। মই মব হিষ্টেৰিয়া বৃদ্ধি কৰাত বিশ্বাস নকৰো। ৰাজনীতি ভদ্ৰলোকৰহে খেল।
    • লণ্ডনত সাংবাদিক দুৰ্গা দাসৰ সৈতে হোৱা কথা-বতৰাত (ডিচেম্বৰ ১৯২০) আকবৰ এছ আহমেদৰ "জিন্না, পাকিস্তান এণ্ড ইছলামিক আইডেন্টিটি : দ্য চাৰ্চ ফৰ চালাদিন" (১৯৯৭), পৃ. ৬৭
  • ধৰ্মক ৰাজনীতিত আহিবলৈ দিয়া উচিত নহয়....ধৰ্ম কেৱল মানুহ আৰু ঈশ্বৰৰ মাজৰ কথা।
    • কেন্দ্ৰীয় বিধানসভালৈ দিয়া ভাষণ, ৭ ফেব্ৰুৱাৰী ১৯৩৫, "দ্য চাৰ্চ ফৰ চালাদিন", পৃ. ৬৭

জিন্নাৰ বিষয়ে উদ্ধৃতি সম্পাদনা কৰক

  • ইতিহাসৰ অন্যতম অসাধাৰণ পুৰুষ।
    • ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, হিউ টিংকাৰৰ "মেন হ্যো অভাৰটাৰ্ণড এম্পায়াৰছ : ফাইটাৰছ, ড্ৰিমাৰছ, এণ্ড স্কীমাৰ্ছ" (১৯৮৭), পৃ. ৬২ৰ পৰা উদ্ধৃত।
  • মহম্মদ আলী জিন্না আছিল আধুনিক যুগত হিন্দুসকলৰ সৰ্বশ্ৰেষ্ঠ উপকাৰী, যদিহে তেওঁ ছদ্মবেশত হিন্দু নাছিল।
    • গিৰিলাল জৈন, "দ্য হিন্দু ফেনোমেনন" (১৯৯৪), পৃ. ৫৬, আই.এচ.বি.এন. 81-86112-32-4

বাহ্যিক সংযোগ সম্পাদনা কৰক