মন যায় (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০০৮)

মন যায় (ইংৰাজী: I Feel Like) ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। 'মৈৰঙঠম মুভিজ'ৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পীসকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী দাস ইত্যাদি। ছবিখনে '৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে।

সংলাপসমূহ সম্পাদনা কৰক

মানৱ সম্পাদনা কৰক

  • মন যায় মা। তোমালোকক সুখত দেখিবলে, তোমালোকৰ মুখত হাঁহি দেখিবলে। বহুত মন যায়।
  • ম‌ই মাষ্টৰৰ পুতেক। মোৰ আত্মসন্মান আছে।
  • কিবা এটা ভাল লাগে, জীয়াই থকাৰ হেঁপাহ জাগে, মনলৈ নতুন নতুন ভাব আহে। তাইক দেখিলে মোৰ সব দুখ যেন পাহৰি যাওঁ, পাহৰি যাওঁ মোৰ যে একো নাই।

মানৱৰ দেউতাক সম্পাদনা কৰক

  • তোৰ এই মাষ্টৰ দেউতাৰে তোৰ কাৰণে এগালমান ধন সম্পত্তি গোটাই থৈ তোক তোৰ মন যোৱা বস্তুবোৰৰ একোৱেই দিব নোৱাৰিলেও কোনোদিনে মন যোৱা প্ৰত্যেকটো বস্তুকে নিজৰ আয়ত্তলৈ আনিবলৈ অন্ধ অনুকৰণৰ শিক্ষাও দিয়া নাছিলোঁ। সেয়ে চাগে আশা কৰিছিলোঁ, মোৰ ল'ৰাটো অন্ততঃ মোৰ আদৰ্শৰে সৎ পথত থাকিব। চা বাবা, সমাজত কিছু ভাল মানুহ থাকে যদিও সৰহ সংখ্যকেই বেয়া মানুহ, কিন্তু বেয়াৰো এটা সীমা থাকিব লাগে। অথচ ত‌ই আজি সেই বেয়াৰ সীমাও চেৰাই গ'লি। নিজৰ জীৱনৰ স্বাৰ্থত আন এটা জীৱনৰ হত্যা! কিমান নীচ কাম এটা কৰিলি যে তোক ম‌ই চিঞৰি চিঞৰি গালি পাৰিবলৈও ভয় লাগে। মোৰ নিজৰ তেজৰ ওপৰতে ধিক্কাৰ উপজিছে। তোৰ গাত মোৰ তেজ বৈ আছে নহ'লে তোক অন্ততঃ আজি ম‌ই পুলিচৰ হাতত গোটাই দিব পাৰিব লাগিছিল। সেইকণ সততা মোৰেই নাই! ময়েই বেয়া! তোৰ পৰা আৰু ম‌ই কি ভাল আশা কৰিম?

বাহ্যিক সংযোগ সম্পাদনা কৰক