মনালিছা শইকীয়া
মনালিছা শইকীয়া অসমৰ সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।[১]গল্পকাৰ ৰূপে সাহিত্য জীৱন আৰম্ভ কৰা শ্ৰীমতী মনালিছা শইকীয়াই ১৯৯৭ চনত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে নিজৰ নিয়মিত কৰ্মজীৱন আৰম্ভ কৰে। ২০০৬ চনত তেখেতে সাংবাদিকতাৰ সৈতে জড়িত হৈ ২০০৬ ৰ পৰা ২০০৮ চনলৈ সাদিন আৰু ২০০৮ ৰ পৰা ২০১১ চনলৈ দৈনিক জনমভূমি কাকতৰ সৈতে জড়িত হয়।[২]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- মই লবীজিম বা গোট এইবোৰ বৰ বেছি ভাল নাপাওঁ। ফেচবুকৰ বহুকেইটা গোটত মোক অন্তৰ্ভুক্ত কৰি থৈছে যদিও মই সক্ৰিয় হৈছোঁ যদি একমাত্ৰ ফটাঢোল গোটত। এই গোটত মই ইতিবাচক এটা দিশ দেখা পাওঁ যিটো দিশ তাহানিতে লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসৰ ধাৰাটোক অব্যাহত ৰখাৰ প্ৰচেষ্টা গোটটিৰ প্ৰতিজন সদস্যই চলাই আহিছে। [২]
- মই ভাবোঁ, ব্যংগ সাহিত্যও সাহিত্যৰ এটা উল্লেখনীয় দিশ, ই সামাজিক বা অন্য যিকোনো ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। যেনে কাৰ্টুন, ব্যংগ লেখা এইবোৰেও প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।[২]
- মোৰ কোনো গডফাদাৰ নাই আৰু প্ৰেৰণা বুলিবলৈও নাই। মই যদি প্ৰেৰণা পাইছোঁ সেয়া প্ৰকৃতিয়ে দিছে, জীৱনৰ অভিজ্ঞতাই দিছে, অধ্যয়নে দিছে আৰু কেতিয়াবা কষ্টই দিছে। [২]
- মই আচলতে গান গাবলৈ বিচাৰিছিলোঁ। কিন্তু গান গাবলৈ হ’লে বাদ্যযন্ত্ৰকাৰী লাগিব, সম্পূৰ্ণ এটা টীম লাগিব। নাচিবলৈ হ’লেও আনৰ সহায় লাগিব কিন্তু লিখিবলৈ পঢ়িবলৈ হ’লে মোক কোনো সহায় নালাগে, চুকত অকণমান জেগা পালেই লিখিব পাৰোঁ।[২]
- প্ৰত্যেকটো দিন ভালকৈ গ’লেই ভবিষ্যতটো নিজেই ভাল হৈ যায়।[২]
- কাজিয়া মানে সাধাৰণ খুট-খাটতো মানুহৰ থাকিবই। কাজিয়া harmful নহয়, কিন্তু হিংসা অনিষ্টকাৰী। কাজিয়াই সদায় অনিষ্ট নকৰিবও পাৰে, কিন্তু হিংসাই কৰে। কাজিয়া হোৱাৰ পিছত বুজাবুজিও হ’ব পাৰে। কিন্তু হিংসা বস্তুটো এনেকুৱা যিটো ভিতৰত লাগি থাকিবহি আৰু নিগনিৰ নিচিনাকৈ ভিতৰি ভিতৰি কুটি কুটি শেষ কৰি দিব পাৰে।[২]
- দাম্পত্য জীৱনত যদি পতি পত্নীয়ে ইজনে সিজনক হিংসা কৰে, সেইটো আচলতে জীৱন নহয়। সেইটোক যুগলবন্দী বুলি ক’ব নোৱাৰি। কাজিয়া হ’ব পাৰে কিন্তু হিংসা হ’লে তাক দাম্পত্য জীৱন বুলি ক’ব নোৱাৰি।[২]
- গোটেই জীৱনটো এটা দীঘল প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত আমি কেৱল এজন মানুহকে লগ নাপাওঁ। মা-দেউতাৰপৰা আদি কৰি জীৱনত বহু কেইজনক বহু সময়ত লগ পাওঁ। গতিকে আমাৰ সফলতাবোৰৰ আঁৰত সেই মানুহবোৰো আছে।[২]
- শংকৰদেৱৰ সময়ত আটাইতকৈ আধুনিক মানুহজন শংকৰদেৱেই আছিল। তাৰপিছত যেতিয়া পেপাৰ আহিল মানুহে ভাবিছিল জাতিটো গ’ল আৰু। সময়ৰ দাবী আৰু এশ বছৰৰ পিছত আমি ক্লাছিক হ’ম। সেইবাবে সেই ধাৰণাটো ভুল। আমি ক’ব নোৱাৰোঁ কাইলৈ আমি কি হৈ যাম। সেয়ে সময়ে যিটো দিছে তাক আমি গ্ৰহণ কৰাটো আমাৰ ধৰ্ম হোৱা উচিত। ফেচবুকটো বেয়া, প্ৰিণ্টটো ভাল সেইটো নহয়। [২]