মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)
মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ মইনা গোস্বামীৰ দ্বাৰা ৰচিত এখন উপন্যাস। প্ৰথম প্ৰকাশ ২০১৩ চনৰ জানুৱাৰী মাহত।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- শিক্ষকেই নহয়, ডাক্তৰ ইঞ্জিনিয়াৰ, অফিচাৰ, মিনিষ্টাৰ, এম এল এ, ইত্যাদি সকলোৱে জানিব লাগে জনতাৰ মনস্তত্ত্ব, থাকিব লাগে সমাজ বিজ্ঞানৰ জ্ঞান৷ জনতাৰ মনস্তত্ত্ব জানিব খোজা মানে তেওঁলোকক ভালপোৱা৷ হৃদয়ত সঠিক ভালপোৱা নাথাকিলে কোনো কামেই ভালকৈ কৰিব নোৱাৰি৷[১]
- মানুহক সকলো ক্ষেত্ৰতে ‘নলেজ’ লাগে৷ জ্ঞান নহ’লে মানুহক খং কৰিবও নোৱাৰি, ভালপোৱাও দিব নোৱাৰি, আনৰ পৰা আনকি ভালপোৱা ল’বও নোৱাৰি৷[১]
- যিকোনো সৃজনমূলক ক্ৰিয়াকলাপৰ প্ৰাৰম্ভিক চৰ্ত হ'ল অক্লান্ত শ্ৰমৰ প্ৰতি অদম্য প্ৰৱণতা।[১]
- অযথা সময় ক্ষয় কৰা লোকসকল জীৱনৰ সকলো ফালৰ পৰা দেউলীয়া হয়।[১]
- হৃদয়ক বাদ দি কি কি কাম মগজুৰে কৰিব পাৰি মই নাজানো; কিন্তু মই এটা কথা জানো— হৃদয় বাদ দি কেৱল মগজুৰে শিক্ষকতাৰ কাম কৰিব নোৱাৰি।[১]
- মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল ভয়৷[১]
- নিজৰ ভাষাটো বৰ্তাই ৰাখিবলৈ মানুহে আন্দোলন কৰে৷ মোৰ তেজত- মোৰ চকুপানীত- মোৰ সপোনত প্ৰতিটো লহমাত মাতৃভাষাটো আছে৷ মাতৃভাষা বাদ দিয়া মানে মই এক শিপাহীন গছ৷ শিপা নথকা গছ বাগৰি পৰিবলৈ কিমাননো পৰ![১]
- বিশ্বাস লাগে- বিশ্বাস প্ৰয়োজন; কিন্তু বিশ্বাসৰ পাছত আৰু ঢাপ আছে, তাৰ নাম জ্ঞান৷ জ্ঞানৰ দ্বাৰা পৰীক্ষা নকৰা বিশ্বাসে মানুহক আন্ধাৰলৈ নিব পাৰে৷ বাস্তৱ অৱস্থাৰ মাজেদি বিভিন্ন ঘটনা-পৰিঘটনাই বিশ্বাসক ভাঙি-ছিঙি নতুন জ্ঞানলৈ ৰূপান্তৰ কৰ৷[১]
- সামাজিক পৰিৱেশেহে এই মেজাজবোৰক প্ৰয়োজনীয় ৰূপত গঢ় দিব পাৰে৷ সামাজিক পৰিৱেশ চৰিত্ৰ গঠনৰ চূড়ান্ত চৰ্ত৷[১]
- সকলো সন্তানৰ মাজতে প্ৰতিভা বা দক্ষতাৰ সমস্ত স্বাভাৱিক ক্ষমতা মজুত থাকে৷ পৰিৱেশ, সুযোগ-সুবিধা, ধাৰাবাহিক চৰ্চা তথা Guidance পালে গুণৰ বিকাশ সম্ভৱ হ’ব পাৰে৷[১]
- পুৰণি পৰম্পৰাগত বন্ধা-ধৰা অভ্যাসৰ প্ৰতি থকা কিছুমান অন্ধ অনুৰাগৰ বাবে- নতুন মানুহৰ পৰা শিকাৰ অনাগ্ৰহৰ বাবে আৰু পৰস্পৰৰ প্ৰতি থাকিবলগীয়া বোধৰ অৱক্ষয়ৰ বাবে অগ্ৰজ আৰু অনুজৰ, পিতা-মাতাৰ লগত পুত্ৰ-কন্যাৰ, ছাত্ৰ-ছাত্ৰীৰ লগত শিক্ষক-শিক্ষয়িত্ৰীৰ আন্তৰিক সম্পৰ্কৰ ডোলডাল জীৰ্ণ হৈ গৈ আছে৷ পিতৃ-মাতৃয়ে অইনৰ আগতে সন্তানক ’আমাৰ ইয়াৰ কাম নাই, ধ্বংস হ’ব ই’ বুলি যেতিয়া কয়- বিশ্বাসৰ কণমানি পুলিটো থানবান হৈ যায়৷ শিক্ষক-শিক্ষয়িত্ৰীয়েও একাদৰে ’তোমালোকৰ দ্বাৰা নহ’ব, কোনো আশা কৰিব নোৱাৰি তোমালোকক’ বা অগ্ৰজে অনুজক ’যুৱ প্ৰজন্ম বৰবাদ’ হোৱা বুলি ক’লে আন্তৰিক সম্পৰ্কৰ ডোলডাল মজবুত নহয়- লাহে লাহে ছিঙিহে যায়৷ গজি উঠে হিংস্ৰতা, পাশৱিক হিংস্ৰতাতকৈও যি প্ৰবল৷[১]
- আজিৰ সমাজত পুঁজি হ’ল স্বাধীন স্বতন্ত্ৰ সত্তা; কিন্তু জীৱন্ত মানুহ পৰাধীন৷ পুঁজিয়ে একোজন মানুহৰ সত্তাক চৌদিশৰ পৰা খহায়৷ মানুহ নিজেই নিজৰ পৰা বিচ্ছিন্ন হয়৷[১]
- মানুহৰ মনতো ময়লা জমা হয়, পুৰণিকলীয়া কামত নহা এলান্ধু জমা হয়৷ কাপোৰখন জড় পদাৰ্থ, নিজে নিজে ময়লা আঁতৰাব নোৱাৰে; কিন্তু মানুহ জীৱ থকা পদাৰ্থ৷ মানুহৰ এক উচ্চ চেতনাযুক্ত বিবেক আছে৷ মানুহৰ মনৰ মাজত জমা হোৱা ময়লাবোৰ আঁতৰাবলৈ বিবেকত আঘাত কৰিবলগীয়া হয়৷ তাৰবাবে আমাৰ পদ্ধতি হ’ল সমালোচনা, যাক তোমালোকে গালি বুলিও ক’ব পাৰা৷ সমালোচনা বা গালি মানুহ এজনক Transform কৰাৰ- সলনি কৰাৰ চেষ্টা৷[১]
- সঠিক সংস্কৃতি চৰ্চাই এক শক্তিশালী মূল্যবোধৰ জন্ম দিয়ে৷[১]
- তুমি প্ৰথমতে মনৰ ভিতৰখন চিজিল কৰা; তোমাৰ ঘৰখন চিজিল কৰাৰ নামত ইমান সময় নষ্ট কৰিব নালাগে৷ [১]
- অন্ন-বস্ত্ৰ-বাসস্থানৰ দৰে শিক্ষা আৰু স্বাস্থ্যওতো মানৱীয় জীৱনৰ মৌলিক প্ৰয়োজন; অথচ কিয় ইমান অধঃপতিত শিক্ষা আৰু স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা? চৌদিশে ইমান গ্ৰন্থ, অজস্ৰ শিক্ষক, জ্ঞানী-গুণী দাৰ্শনিক, বিজ্ঞানীৰে ভৰপূৰ পৃথিৱীখনত কিয় ইমান হিংসা-বিদ্বেষ? শৈশৱৰ অন্তঃসলিলা কৌতূহল-উদ্দীপনা কিয় শীৰ্ণ হয় বিদ্যালয়ৰ মজিয়াত? কিয় সৃষ্টি হয় শিশুমনত বিদ্যালয় আতংক?[১]
- স্বতঃস্ফূৰ্তভাৱে মানুহে জন্মলগ্নৰে পৰা সঠিক-বেঠিক, সৎ-অসৎ, শুদ্ধ-অশুদ্ধ অলেখ কথা শিকি আহে। পিতৃ-মাতৃ, আত্মীয়-স্বজন, লগ-লগৰীয়াৰ কাম-কাজ, কথা-বতৰা শুনি গঢ়ি উঠে এক দৃষ্টিভংগী- এক মূল্যবোধ। তেওঁলোকে অন্ধভাৱে আহৰণ কৰে আখৰৰ পৰা চৰিত্ৰলৈ। সেইবোৰ আলফুলকৈ চকুৰ সন্মুখলৈ আনি সচেতনভাৱে শুদ্ধভাৱে গ্ৰহণ আৰু অশুদ্ধবোৰ বৰ্জন কৰিবলৈ শিকোৱাজনক আমি শিক্ষক বুলি কওঁ।[১]
- “এই শিক্ষকতাৰ কামটোক তই ক্ষুদ্ৰ নকৰিবি আলোক, এই মহাবিশ্বত নিজে শিকাখিনি এনেদৰে বিলাই দিয়াৰ সুবিধা কিমানেনো পায়! তদুপৰি কি যে এক মহান ক্ষেত্ৰ এয়া!”[১]
- মাতৃভাষা, গণিত, ইংৰাজী, বিজ্ঞান আদি বিষয়বোৰ কেৱলতো কিছুমান শ্ৰেণীশিক্ষকৰ ক্ষুদ্ৰ বিষয় নহয়; ই যে জীৱনক প্ৰাত্যহিক জঞ্জালৰ পৰা মুক্ত কৰি ওপৰলৈ তুলি ধৰা এক যুগোচিত আনন্দময় আখৰা।[১]
- পৃথিৱীত মানৱী জনম সাৰ্থক হোৱা কামবোৰৰ এটা হ’ল তাৰ বাবে নিজে জনাখিনি আনক বিলাই দিয়া।[১]
- বিদ্যালয়বোৰ ফাৰ্ণিচাৰ হাউছ নহয়; অথচ ফাৰ্ণিচাৰ হাউছৰ দৰে। তাতো মানুহ নামৰ জীৱন্ত সঁজুলিবিধক বিশেষ মানৱীয় আকাৰ-আকৃতি দিয়াৰ প্ৰয়াস চলে।[১]
- তই তোৰ জীৱনেৰে ক্ষুদ্ৰ পৰিমণ্ডলত হ’লেও শ্লথ-মন্থৰ পৰিৱেশক গতিশীল আৰু ক্ষিপ্ৰ কৰি তুলিব লাগিব।[১]
- একদেশদৰ্শী ঈশ্বৰ চিন্তাই ভ্ৰান্তি সুখ দিব পাৰে, বাস্তৱতাৰ অযুত সমস্যাৰে ভাৰাক্ৰান্ত জীৱনক ক্ষণিক সময়ৰ বাবে আঁউজি দিয়াৰ ব্যৱস্থা কৰিব বিচাৰে; কিন্তু মহাসত্যক অনুধ্যান কৰিবলৈ নিশিকায়।[১]
- সৌজন্য প্ৰদৰ্শনত একো খৰচ নহয়; কিন্তু বিপুল লাভ হয়। সৌজন্য এখন সংস্কৃতিৱান সমাজৰ প্ৰাণময় শব্দ।[১]
- সৌজন্যজ্ঞান নথকাজন মানুহৰ শৰীৰধাৰী জন্তু মাথোন। পিছে সৌজন্য প্ৰদৰ্শন একপক্ষীয় নহয়। এজনে হাঁহিৰে দিয়া সম্ভাষণত প্ৰতিপক্ষৰো চকু-মুখ হাঁহি বিৰিঙি উঠিব লাগে।[১]
- তুলি ধৰাৰ ইচ্ছাহে আচল মানৱীয় আকাংক্ষা।[১]
- মানুহ এজনক ভাল বুলি শুনি বিশ্বাস কৰা আৰু তেওঁৰ লগত কথা পাতি আচাৰ-আচৰণ পৰীক্ষা কৰি জনা দুটা বেলেগ কথা।[১]
- জীৱন ফৰ্মূলাৰে- সূত্ৰৰে নচলে। জীৱনে আৰ্হি বিচাৰে। জীৱনে বিন্দুৰ পৰা সিন্ধুলৈ আগবাঢ়িব খোজে।[১]