ভিভিয়ানৰ লিলিভিভিয়ানৰ লিলি, নাৰীৰ মনস্তত্বৰ ওপৰত ভিত্তিকৰি লিখা একেলগে ছখন উপান্যাস সংকলন। লেখিকা মনিকুন্তলা ভট্টাচাৰ্য। চন্দ্ৰ প্ৰকাশ।২০০৭চন।

  1. ‘যাক তুমি ভালপাবা,তেওঁৰ সতে বিয়াত নবহিবা। নুখুজিবা তেওঁৰ সৈতে শুবলৈ সদায়, একেলগে খাবলৈ অথবা অনৰ্গল কথা পাতিবলৈ। যাক ভালপাবা, তেওঁৰ বাবে বুকুত ৰুই ল’বা গছ। ছায়া দিয়া গছ। সদায় মনত ৰাখিবা- যাক তুমি ভালপাবা, তেওঁ তোমাৰ কোনো নহয়। তেওঁতো পানী, তেওঁতো উশাহ। যি নহলে জীয়ায়ো নাথাকা তুমি।’[১]
  2. প্ৰেম মানে শৰীৰ নহয়, বিবাহ নহয়, বিচ্ছেদো নহয়। প্ৰেম মানে লিলি ফুলৰ সমষ্টি; যাৰ টেপেষ্ট্ৰি তুমি ওৰে জীৱন চিলাই যাব পাৰা...।[১]
  1. সঁচাকৈয়ে,সঁচাকৈয়েতো পৃথিৱীৰ কোনো নাৰীৰ বাবে কেতিয়াও মৃত্যু নঘটে তেওঁৰ স্বামীৰ। কেৱল দাহ কৰা হয় শৰীৰক। সেই পুৰুষ জীয়াই থাকে,যিমানদিনলৈ জীয়াই থাকে তেওঁৰপত্নী।[২]
  1. প্ৰেম কেৱল হৃদয়ৰ থৌকি-বাথৌ তৰংগ নহয়, নহয় শৰীৰৰ উষ্ম জোৱাৰ-ভাটা। ই বিবেক আৰু মস্তিষ্কৰো সন্মিলিত বিনম্ৰ আকুলতা।[৩]
  2. ডাঃ চিগমুণ্ড ফ্ৰয়েডে কৈছে-শৰীৰক বাদ দি প্ৰেম হ’বই নোৱাৰে। প্ৰেমৰ ভেটি মানুহৰ শৰীৰ। অৰ্থাৎ বিপৰীত লিংগৰ প্ৰতি অনুভূত হোৱা সহজাত আকৰ্ষণৰে পৰিমাৰ্জিত ৰূপ এই যৌন আকৰ্ষণ, যাক প্ৰেম বোলা হয়। ইন্দ্ৰিয় আসক্তিৰে স্ত্ৰী-পুৰুষে যেতিয়া আত্মসুখ, আত্মৰক্ষা আৰু আত্মবিস্তাৰৰ শক্তি অৰ্জন কৰিবলৈ সক্ষম হৈ উঠে, তাকেই প্ৰেম বোলে।[৪]
  3. মনোবৈজ্ঞানিক জিক ৰুবিনৰ মতে প্ৰেমানুভূতি প্ৰধানতঃ তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিপালন, অনুৰাগ আৰু একাত্মবোধ। এজনে আনজনৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰখা কে প্ৰতিপালন, এজনে আনজনৰ চিন্তা-চৰ্চাৰ প্ৰতি আগ্ৰহী হোৱাটো অনুৰাগ আৰু এজনে আনজনৰ সতে স্থাপন কৰা নিবিড় সম্পৰ্কই হৈছে একাত্মবোধ।[৫]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. ১.০ ১.১ মণিকুন্তলা ভট্টাচাৰ্য (২০০৭)। । চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৫৫,68।
  2. ভিভিয়ানৰ লিলি, পৃষ্ঠা:১০৬।
  3. ভিভিয়ানৰ লিলি, পৃষ্ঠা:১৫৬।
  4. ভিভিয়ানৰ লিলি, পৃষ্ঠা:২৩৪।
  5. ভিভিয়ানৰ লিলি, পৃষ্ঠা:২৩৪।