ভিনচেণ্ট ৱীলেম ভেন গঘ (৩০ মাৰ্চ, ১৮৫৩ – ২৯ জুলাই, ১৮৯০) আছিল হলেণ্ডৰ এগৰাকী প'ষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ। বিংশ শতাব্দীত ৰঙৰ বিচিত্ৰতা আৰু আৱেগপ্ৰৱণতাৰে ভৰা তেওঁৰ সৃষ্টিয়ে দূৰ-দূৰণিলৈকে প্ৰভাৱ পেলাইছিল। উদ্বিগ্নতা আৰু সঘনাই উক দিয়া মানসিক ৰোগত তেওঁ ভুগিছিল আৰু মাত্ৰ ৩৭ বছৰ বয়সত বিশেষ খ্যাতি পোৱাৰ আগেয়েই আত্মঘাতী বন্দুকৰ গুলিত তেওঁৰ দেহাৱসান ঘটে।

ভিনচেণ্ট ভেন গঘৰ তুলিকাত স্ব-প্ৰতিকৃতি

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. মই অনুভৱ কৰোঁ যে মানুহক ভালপোৱাতকৈ সঁচা অৰ্থত কলাত্মক আৰু একোৱেই নাই।[১]
  1. স্বাভাৱিকতা এটা ইতিমধ্যে তৈয়াৰ হোৱা পথ: সেই পথেৰে বাট বুলা সহজ আৰু আৰামদায়ক, কিন্তু কোনো ফুল তাত নুফুটে।[১]
  1. জীৱনক জানিবলৈ সকলোতকৈ ভাল উপায় হ’ল সকলো বিচিত্ৰ বস্তুক ভালপাবলৈ শিকা।[১]
  1. মানুকক ভালপোৱাৰ দৰে এতো শৈল্পিক আৰু একোৱেই হ’ব নোৱাৰে৷[১]
  1. বহু চিত্ৰশিল্পীয়ে শূন্য কেনভাছক ভয় কৰে। অথচ শুন্য কেনভাছে সেই শিল্পীক ভয় কৰে যি সাহসী, যি 'তুমি নোৱাৰিবা' নামৰ কুসংস্কাৰক জয় কৰিব পাৰে৷[১]
  1. আমি অঁকাৰ সপোন দেখি সপোনকে আঁকোঁ৷[১]
  1. মোৰ প্ৰায়েই অনুভৱ হয়, দিনতকৈ ৰাতি বেছি বৰ্ণিল আৰু জীৱন্ত৷[১]

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ভিনচেণ্ট. আহৰণ কৰা হৈছে: 6 মাৰ্চ 2024.

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: