বৈদুৰ্য্য বৰুৱা হৈছে অসমৰ এজন বিশিষ্ট লেখক। বিস্ময় আলোচনীৰ জৰিয়তে তেওঁ জনপ্ৰিয় হৈ পৰে।[১]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. লেখকসকলে সাধাৰণতে আত্মসন্তুষ্টিৰ বাবেই লিখে।[১]
  2. অন্য দৃশ্য কাব্যৰ দৰে চিনেমাৰ ক্ষেত্ৰতো সকলোৰে আপ্ৰাণ প্ৰচেষ্টাৰ প্ৰয়োজন।[১]
  3. দৃশ্যকাব্যত চৰিত্ৰসমূহৰ উক্তি-প্ৰত্যুক্তিৰ মাজেদি ঘটনাসমূহ আগবাঢ়ে আৰু পৰিসমাপ্তি লাভ কৰে। তেনে ক্ষেত্ৰত চৰিত্ৰৰ মুখত উপযুক্ত সংলাপ দিয়াৰ লগতে চৰিত্ৰসমূহৰ মাজত নিজেই সোমাই পৰিব লাগিব।তেতিয়াহে চৰিত্ৰটো সজীৱ আৰু প্ৰাণৱন্ত হ’ব। প্ৰকৃততে নাটকৰ উপাদানৰ স্পষ্ট ধাৰণাৰ আৱশ্যক।[১]
  4. যিবোৰ বেয়া সেইবোৰ নিজে নিজেই নাইকিয়া হ’ব! যিয়েই নিলিখক কিয় ভাল লেখা এটা সদায় ভাল বুলি থাকি যাব আৰু জনপ্ৰিয় হৈ গৈ থাকিব।[১]
  5. আলোচনী এখন জনপ্ৰিয় কৰিবলৈ কিছুমানৰ অপ্ৰিয়ও হ’ব লাগিব।[১]
  6. আচলতে হাস্য-ব্যংগ লিখাটো সহজ কথা নহয়। হাস্য ব্যংগ লিখিবলৈ খুব সূক্ষ্ম দৃষ্টিভংগী লাগে।[১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ সাক্ষাৎকাৰ – বৈদুৰ্য্য বৰুৱা. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ এপ্ৰিল ২০১৮). আহৰণ কৰা হৈছে: 25 মে' 2024.