বেণুধৰ ৰাজখোৱা (ইংৰাজী: Benudhar Rajkhowa) (১৮৭২-১৯৫৫) বিশিষ্ট সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ। বেণুধৰ ৰাজখুৱাই ইংৰাজ চৰকাৰৰ পৰা ৰায়চাহাব খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৮৮৯ চনৰ পৰা নাটক ৰচনাৰ কাম আৰম্ভ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ লগলাগি বিজুলী নামৰ আলোচনীখন প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ বৰঙনিৰ বাবে বেণুধৰ ৰাজখোৱাক অসম সাহিত্য-সংস্কৃতিৰ মুখ্য অনুষ্ঠান অসম সাহিত্য সভাই ১৯২৬ চনৰ অক্টোবৰ মাহত ধুবুৰীত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল[]। পাছলৈ ৰাজখোৱা শিৱসাগৰৰ আধুনিক মঞ্চ আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। তেওঁ নিজা নাটক কেইখনিতে সমাজৰ সৰু-সুৰা দোষ হাঁহিয়াতৰ পাত্ৰ কৰি সমাজক শুধৰোৱাৰ সৰু আশা এটি মনতে পুহি ৰাখিছিল। ঠায়ে ঠায়ে সুন্দৰ প্ৰহসনমূলক পৰিস্থিতি সৃষ্টি কৰাত তেওঁ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।[]

  1. যেতিয়া অসমীয়া ভাষা মৃত্যু-শয্যাত পৰি আছিল। পাদুৰি চাহাব সকলে, মহৎ আৰু প্ৰেমপূৰ্ণ ভাবৰ দ্বাৰা উৎসাহিত হৈ আহি, তাক নতুন জীৱন দিলে। তেওঁবিলাকৰ এই মোল-নাইকিয়া কামৰ বাবে, আমি সদাই কৃতজ্ঞ থাকিব লাগে।[]
  2. মিশ্যনাৰীবিলাকেই প্ৰথমে আমাৰ দুখীয়া অসমীয়া ভাষাক জীৱন দিয়ে৷ পৰোপকাৰেই তেওঁবিলাকৰ মূলমন্ত্ৰ। তেওঁবিলাকে অসমীয়াৰ যি মহৎ উপকাৰ কৰিলে, তাৰ ধাৰ শুজিব নোৱাৰি।[]
  3. জ্ঞানীৰ উপদেশ নোপোৱাকৈ কোনো জ্ঞানী হব নোৱাৰে।[]
  4. পাপহীন মন প্ৰফুল্ল থাকে।[]
  5. জ্ঞানৰ পোহৰ পূৰ্ণজোনৰ পোহৰতকৈ বেছি।[]
  6. যত উপদেশ নেথাকে, তাক ৰসিক কথা বুলিব নোৱাৰি।[]
  7. অজ্ঞানতাতকৈ অলপজ্ঞান বেয়া।[]
  8. ধৈৰ্য্য সকলো অমঙ্গলৰ ঔষধ।[]
  9. মোৰ জীৱনৰ অভিনয় অলপতে শেষ হ’ব। আঁৰ-কাপোৰৰ সিপাৰে কি হৈছে, তেতিয়া কোনোৱে জানিবৰ নিমিত্তে ইচ্ছা কৰিলে কবিতাটি পঢ়ি চাব যেন।[]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা সাঁচ:Webarchive অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. ত্ৰিদিপ গোস্বামী। পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ। অনন্ত হাজৰিকা, বনলতা প্ৰকাশন, পৃষ্ঠা:৩৬, ৩৭।
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ ৩.৬ ৩.৭ সাহিত্য প্ৰৱেশ. আহৰণ কৰা হৈছে: 13 মে' 2024.
  4. সিপুৰীৰ বাতৰি. আহৰণ কৰা হৈছে: 13 মে' 2024.