বুদ্ধিজীৱী বুলিলে সমালোচনাত্মক অধ্যয়ন, চিন্তা আৰু গভীৰ উপলব্ধি থকা ব্যক্তিক বুজোৱা হয়। বুদ্ধিজীৱী সম্প্ৰদায় বুলিলে শিল্পী আৰু শিক্ষকৰ দৰে সংস্কৃতি প্ৰচাৰত সক্ৰিয়ভাৱে নিয়োজিত লোকসকলৰ এটা গোট বা শ্ৰেণীক বুজোৱা হয়।

বৌদ্ধিক পৰম্পৰা ক্ষমতাৰ দাস, আৰু মই ইয়াক বিশ্বাসঘাতকতা নকৰা হ'লে নিজেই লাজ পালোঁহেঁতেন। ~ নৌম ছমস্কী
বুৰ্জোৱা আৰু তেওঁলোকৰ সহযোগী পূঁজিৰ লেমটৌ শিক্ষিত শ্ৰেণীটোৰ বিপক্ষে চলা সংগ্ৰামত শ্ৰমিক আৰু কৃষকৰ বৌদ্ধিক শক্তি প্ৰতি দিনে বৃদ্ধি আৰু শক্তিশালী হৈ আহিছে। তেওঁলোকে নিজকে জাতিৰ মগজু বুলি গণ্য কৰে। কিন্তু বাস্তৱত তেওঁলোক জাতিৰ মগজু নহয়, তেওঁলোক‌ জাতিৰ মল। ~ ভ্লাডিমিৰ লেনিন
মূৰত অলাগতিয়াল কথাৰ গধূৰ বোজা কঢ়িয়াই ফুৰা, নুবুজাকৈ পঢ়ি যোৱা এটা গ্ৰন্থসৰ্বস্ব নিৰ্বোধ। ~ আলেকজেণ্ডাৰ পোপ
বুদ্ধিজীৱীসকল সন্দেহবাদী আৰু আজিলৈকে কোনো সন্দেহবাদীয়ে গীৰ্জা নিৰ্মাণ কৰা নাই।~ হেনৰী কিছিঞ্জাৰ
বুদ্ধিজীৱী বুলি অভিহিত কৰিব পৰা যায় সেইজন লোকক, যিজনে বিশেষ দক্ষতা নথকা বিষয়ত সাধাৰণ পাণ্ডিত্যৰে ভাষণ দিয়ে। ~ আৰ্ভিং ক্ৰিষ্টল
  • প্ৰতিজন ‘বুদ্ধিজীৱী’ৰ দৰে এজন দৰ্শন শিক্ষকো এজন ক্ষুদ্ৰ বুৰ্জোৱা। মুখ মেলিলেই ক্ষুদ্ৰ বুৰ্জোৱা মতাদৰ্শই কথা কয়: ইয়াৰ সম্পদ আৰু কৌশল অসীম।
    • লুই আলথাছাৰ, লেনিন এণ্ড ফিল’চফি এণ্ড অদাৰ ৰাইটিংছ (১৯৭১), পৃ. ২
  • বুদ্ধিজীৱীয়ে সহজ কথা এটা কঠিনভাৱে কয়, শিল্পীয়ে কঠিন কথা এটা সহজভাৱে কয়।
  • "এতিয়া সকলো বুদ্ধিজীৱীয়ে এই কথা শিকা উচিত যে বস্তুনিষ্ঠ যুক্তিশীলতা মানৱ মনৰ প্ৰাকৃতিক অৱস্থা নহয়,মানৱ জাতিৰ কাম-কাজৰ মূল ভিত্তি তো নহয়েই।"
    • ৰয় ব্লাউণ্ট, জুনিয়ৰ, লং টাইম লিভিং:ডিচপাচ্চেজ ফ্ৰম আপ চাউথ
  • বুদ্ধিজীৱীৰ এটা ডাঙৰ অংশ বুদ্ধিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত যেন লাগে।
  • "এজন বুদ্ধিজীৱী? হয়। আৰু ইয়াক কেতিয়াও অস্বীকাৰ নকৰোঁ। এজন বৌদ্ধিক ব্যক্তি সেইজন, যিয়ে নিজৰ মনক নিজেই চায়। এইটো মোৰ ভাল লাগে, কাৰণ নিৰীক্ষক আৰু নিৰীক্ষিত দুয়ো অংশতে থাকি মই সুখী। "সিহঁতক একেলগ কৰিব পৰা যায় নেকি?" এইটো এটা প্ৰায়োগিক প্ৰশ্ন। আমি এই বিষয়ে কাম কৰিবই লাগিব। "মই বুদ্ধিমত্তাক ঘিণ কৰোঁ" এইটোৰ আচল অৰ্থ: "মই মোৰ সন্দেহ সহ্য কৰিব নোৱাৰো।"
  • প্ৰত্যেক চিন্তাবিদে আপাত দৃষ্টিত সুস্থিৰ পৃথিৱীৰ কিছু অংশক সংকটত পেলায় আৰু ইয়াৰ পৰিবৰ্তে কি ওলাব তাক কোনেও সম্পূৰ্ণভাৱে আগতীয়াকৈ ক'ব নোৱাৰে।
    • জন ডিউই, এক্সপেৰিয়েন্স এণ্ড নেচাৰ (১৯২৫), অধ্যায় VI: প্ৰকৃতি, মন আৰু বিষয়।
  • অভিজ্ঞতাই প্ৰমাণ কৰে যে এই ধ্বংসাত্মক প্ৰস্তাৱসমূহ তথাকথিত 'বুদ্ধিজীৱী'সকলে মানি লোৱাৰ সম্ভাৱনা অধিক,কাৰণ বুদ্ধিজীৱীৰ জীৱনৰ সৈতে কেঁচা বাস্তৱৰ প্ৰত্যক্ষ সম্পৰ্ক নাই; তেওঁ ইয়াক ছপা পৃষ্ঠাত আটাইতকৈ সহজ কৃত্ৰিম ৰূপতহে দেখা পায়।"
  • এজন জ্ঞানী মানুহক ৰাতিৰ আহাৰলৈ নিমন্ত্ৰণ কৰক, আৰু তেওঁ বিষণ্ণ মৌনতা বা বিৰক্তিকৰ প্ৰশ্নৰে সকলোকে বিৰক্ত কৰি পেলাব। তেওঁক নাচৰ নিমন্ত্ৰণ দিয়ক আৰু আপুনি উটৰ আচহুৱা নাচ দেখিবলৈ পাব। জনসম্মুখলৈ তেওঁক মনোৰঞ্জনৰ বাবে লৈ যাবলৈ চেষ্টা কৰক, আৰু তেওঁৰ মুখে জনতাৰ আনন্দ স্পষ্টকৈ নষ্ট কৰিব।
  • মই এজন বুদ্ধিজীৱীৰ দৰে কথা কৈ আছোঁ, কিন্তু মোৰ দৃষ্টিত আত্মবিশ্বাসী বিজ্ঞানী এজনৰ তুলনাত বুদ্ধিজীৱী মানুহৰ সৈতে অধিক সংযুক্ত, বিজ্ঞানীয়ে অতীতক আওহেলা কৰে, বৰ্তমানক অধিক সৰলীকৰণ কৰে আৰু এনে এক ভবিষ্যতৰ কল্পনা কৰে য'ত তেওঁৰ নেতৃত্ব গ্ৰহণ কৰা হ’ব...আমাৰ শৰীৰৰ বাবে তেওঁৰ পৰিকল্পনা আমাৰ কাম্য। আমাৰ মনৰ বাবে তেওঁ পৰিকল্পনা কৰাটো আমি নিবিচাৰোঁ, আৰু তেওঁ আশ্বাস দিলেও আমি তাক এতিয়াও গ্ৰহণ কৰিব পৰা নাই।
  • সাংস্কৃতিক বিকাশৰ বাবে আটাইতকৈ অনুকূল সময়ছোৱাতো স্থিতাৱস্থাৰ সৈতে বুদ্ধিজীৱীৰ সম্পৰ্ক অস্বস্তিকৰ হোৱা দেখা যায়।
    • ফ্ৰাংক ফুৰেডি, হৱেৰ হেভ অল দি ইন্টেলেকচুৱেলছ গ’ন?: কনফ্ৰন্টিং ২১ষ্ট চেঞ্চুৰি ফিলিস্তিনিজম
  • বুদ্ধিজীৱীৰ সংজ্ঞা তেওঁলোকৰ বৃত্তিৰ ভিত্তিত নহয়, বৰং তেওঁলোকে কিদৰে আচৰণ কৰে, নিজৰ অৱস্থান কিদৰে চায় আৰু কোন মূল্যবোধ সমৰ্থন কৰে তাৰ ভিত্তিত হয়।
    • ফ্ৰাংক ফুৰেডি, হৱেৰ হেভ অল দি ইন্টেলেকচুৱেলছ গ’ন?: কনফ্ৰন্টিং ২১ষ্ট চেঞ্চুৰি ফিলিস্তিনিজম
  • এজন বুদ্ধিজীৱীৰ সৃষ্টিশীল ভূমিকা এটা নিৰ্দিষ্ট ধাৰণা বা স্বাৰ্থৰ পৰা বিচ্ছিন্ন হৈ থকা আৱশ্যক। আধুনিকতাৰ আৰম্ভণিৰ পৰাই বুদ্ধিজীৱীৰ অধিকাৰ এই দাবীৰ ওপৰত নিৰ্ভৰ কৰি আহিছে যে তেওঁ সমাজৰ সামগ্ৰিক স্বাৰ্থৰ বাবে কাম কৰে আৰু মাত মাতে।
  • বুদ্ধিজীৱী হ’ল যৌনতাতকৈও আকৰ্ষণীয় কিবা এটা আৱিষ্কাৰ কৰা ব্যক্তি।
    • এল্ডাছ হাক্সলি,ৰেফাৰেন্স নোহোৱাকৈ পিটাৰ জে. মেহিউৰ ডিছকভাৰিং ইভ'লিউশ্যনাৰী ইক’ল’জিঃ ব্ৰিঙিং টুগেদাৰ ইক’ল’জী এণ্ড ইভ'লিউশ্যন (২০০৬) কিতাপৰ ২৪ পৃষ্ঠাত উদ্ধৃত।
  • জনসাধাৰণৰ বিপৰীতে, বুদ্ধিজীৱীসকলে যুক্তিবাদৰ প্ৰতি ৰুচি আৰু তথ্যৰ প্ৰতি আগ্ৰহ ৰাখে।


  • জনসাধাৰণ য'ত কম স্বাধীন, তাত এজন বুদ্ধিজীৱী বেছি প্ৰভাৱশালী হয়। বুদ্ধিজীৱী জনে এজন একনায়ক বা সমাজবাদী প্ৰধানমন্ত্ৰীক প্ৰভাৱিত কৰে ( পাৰ্থক্যটো সৰু যেন লাগে),তেওঁলোকৰ উপদেশ বাস্তৱত ৰূপায়িত হয়। যেতিয়া এজন বুদ্ধিজীৱীয়ে কয়, "সকলো বীয়াৰ বিনামূলীয়া হ'লে সমাজৰ ভাল হ'ব" তেতিয়া এজন মুক্ত বজাৰৰ ৰাজনীতিবিদে ক'ব, বা অন্ততঃ ক'ব লাগিব, " হ’ব পাৰে, কিন্তু মই সেই বিষয়ে কি কৰিব পাৰোঁ?"
  • বুদ্ধিজীৱী বুলি অভিহিত কৰিব পৰা যায় সেইজন লোকক, যিজনে বিশেষ দক্ষতা নথকা বিষয়ত সাধাৰণ পাণ্ডিত্যৰে ভাষণ দিয়ে।
  • বুদ্ধিজীৱীসকল সন্দেহবাদী আৰু আজিলৈকে কোনো সন্দেহবাদীয়ে গীৰ্জা নিৰ্মাণ কৰা নাই।
    • হেনৰী কিছিঞ্জাৰ,স্কেছবুক ১৯৬৬-১৯৭১(১৯৭১)ৰ ২৩০ পৃষ্ঠাত মেক্স ফ্ৰিস্কৰ দ্বাৰা উদ্ধৃত
  • বুৰ্জোৱা আৰু তেওঁলোকৰ সহযোগী পূঁজিৰ লেমটৌ শিক্ষিত শ্ৰেণীটোৰ বিপক্ষে চলা সংগ্ৰামত শ্ৰমিক আৰু কৃষকৰ বৌদ্ধিক শক্তি প্ৰতি দিনে বৃদ্ধি আৰু শক্তিশালী হৈ আহিছে। তেওঁলোকে নিজকে জাতিৰ মগজু বুলি গণ্য কৰে। কিন্তু বাস্তৱত তেওঁলোক জাতিৰ মগজু নহয়, তেওঁলোক‌ জাতিৰ মল।