বুদ্ধপ্ৰসাদ চেতিয়া

বুদ্ধপ্ৰসাদ চেতিয়া হৈছে অসমৰ এজন গণিতৰ অধ্যাপক, লেখক। তেওঁ অসম গণিত শিক্ষায়তনৰ সহপ্ৰতিষ্ঠাতা।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. প্ৰকৃততে এজন গৱেষকৰ মূল্যায়ন তেওঁৰ দ্বাৰা প্ৰকাশিত গৱেষণা-পত্ৰৰ সংখ্যাৰ ওপৰত নহয়, তেওঁৰ দ্বাৰা প্ৰকাশিত গৱেষণা-পত্ৰৰ মানৰ ওপৰতহে কৰা হয়।[]
  2. শিক্ষকতা জীৱনৰ অভিজ্ঞতাই মোক এটা ডাঙৰ শিক্ষা দিলেঃ এজন সুশিক্ষক হ’বলৈ হ’লে শিক্ষকজনৰ তিনিটা ন্যূনতম গুণ থাকিবই লাগিব – (১) পঢ়াবলৈ লোৱা বিষয়বস্তুৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আয়ত্ত থাকিব লাগিব, (২) ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেওঁ অত্যন্ত সহানুভূতিশীল আৰু মৰমিয়াল হ’ব লাগিব, (৩) পঢ়াই নিজে তেওঁ আনন্দ পাব লাগিব, পঢ়ুওৱাটো কেৱল পেচা হিচাপে নলৈ নিচা হিচাপে ল’ব লাগিব।[]
  3. মই নিজে বিশ্বাস কৰোঁ যে অসম গণিত শিক্ষায়তনৰ নিচিনা সংস্থা এটাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেৱল গণিত জনপ্ৰিয়কৰণৰ ওপৰতে জোৰ দি থাকিলেই নহ’ব। গণিতৰ গৱেষণা জনপ্ৰিয়কৰণৰ ওপৰতো জোৰ দিব লাগিব।[]
  4. অফলাইন ছেমিনাৰ, কনফাৰেন্সত যোগদানকাৰীসকলৰ মাজত স্থাপিত হোৱা প্ৰত্যক্ষ সম্পৰ্কই এটা সুস্থ ফলপ্ৰসূ গৱেষণা বাতাবৰণৰ সৃষ্টি কৰাটো সম্ভৱ কৰি তোলে বুলি মই বিশ্বাস কৰোঁ।[]
  5. মানৱ সভ্যতাৰ উৰ্ধগামী গতি গণিতৰ ক্ৰমবৰ্ধমান প্ৰসাৰ আৰু জটিলতাৰ লগত তুলনীয়। সেয়েহে গণিত সৃষ্টিৰ ব্যাপকতাক সভ্যতাৰ মাপকাঠী বুলি ক’ব পাৰি।[]
  6. দৰাচলতে যুক্তিৰ প্ৰয়োগ মানৱ সভ্যতাৰ অগ্ৰগতিৰ ক্ষেত্ৰতে এক বলিষ্ঠ পদক্ষেপ।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ "অধ্যাপক বুদ্ধপ্ৰসাদ চেতিয়াৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ". গণিত বিকাশ ৭৮: ৮৫-৯২. জুলাই-ছেপ্তেম্বৰ ২০২৩. Archived on ১৯৮৬; no |archiveurl= specified . 
  2. ২.০ ২.১ "গণিত মানৱ সভ্যতাৰ মাপকাঠী". গণিত বিকাশ ৭৮: ৯৩-৯৪. জুলাই-ছেপ্তেম্বৰ ২০২৩. Archived on ১৯৮৬; no |archiveurl= specified .