বিৰিঞ্চি কুমাৰ বৰুৱা

বিৰিঞ্চি কুমাৰ বৰুৱা (ইংৰাজী: Birinchi Kumar Barua; ১০ নৱেম্বৰ, ১৯০৮ – ৩০ মাৰ্চ, ১৯৬৪), অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক। অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল।[১] সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত 'বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ'ৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা। ‘আৱাহন’, জয়ন্তী, সুৰভি, সাহিত্য সভা পত্ৰিকা, Journal of the Assam Research Society আদি আলোচনী আৰু গৱেষণামূলক পত্ৰিকাত প্ৰৱন্ধ-পাতি লিখাৰ উপৰিও বিৰিঞ্চি কুমাৰ বৰুৱা ৰামধেনু আৰু দৈনিক নতুন অসমীয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ ‘অকণ’ আৰু ‘সুৰভি’ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক আছিল। কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰখনো তেওঁ কিছু বছৰ সম্পাদনা কৰিছিল।[২]

উদ্ধৃতি সম্পাদনা কৰক

অসমীয়া ভাষা আৰু সংস্কৃতি

  • সাহিত্যিক ভাষা-সৰোবৰৰ মলি দূৰ কৰি পৰিপুষ্ট কৰিবলৈ কথিত ভাষাৰ বোৱঁতী সুঁতিৰ ধাৰ একোটা আৱশ্যক। কথিত ভাষাতকৈ সাহিত্যিক ভাষা আপেক্ষিক স্থিৰ, ই ঘনাই সলনি নহয়। কোনো বিশিষ্ট ৰাজনৈতিক আৰু ধাৰ্ম্মিক কাৰণ হেতু সাহিত্যিক ভাষাৰ জন্ম হয়। শিক্ষা আৰু সভ্যতাৰ প্ৰসাৰৰ লগে লগে বেলেগ বেলেগ জাতি আৰু দেশৰ মাজত সাহিত্যিক ভাষাৰেই সম্বন্ধ চলে। গতিকে শিক্ষিতসকলে সাহিত্যিক ভাষাকে আদৰ কৰিবলৈ শিকে। কেতিয়াবা ৰাজনৈতিক আৰু ধাৰ্ম্মিক কাৰণৰ বাবে এই সাহিত্যৰ ভাষাই আন্তঃৰাষ্ট্ৰীয় ভাষাৰ পদ পায়গৈ।[৩]
  • প্ৰাকৃত ভাষাৰ শেষ স্তৰ অপভ্ৰংশৰপৰাই আধুনিক ভাৰতীয় আৰ্য্যভাষাসমূহৰ জন্ম হৈছে। ঠিক কোন শতাব্দীত এই প্ৰাদেশিক ভাষাসমূহে স্বতন্ত্ৰ ৰূপ পালে তাক নিৰ্ণয় কৰা টান। এই ভাষাসমূহৰ সামান্য নিদৰ্শন অষ্টম শতিকাৰ শিলালিপি, তাম্ৰশাসন আদিত পোৱা গৈছে যদিও খৃষ্টীয় দশম-একাদশ শতিকাৰ পূৰ্বে এই শাখাৰ কোনো এটা ভাষাই স্বকীয় ৰূপ লোৱা নাছিল। ইয়াতে এটা কথা মন কৰিবলগীয়া যে আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ জন্ম এটাৰ পিছত আনটোৰ, অৰ্থাৎ হিন্দীৰ পিছত বঙ্গলা, তাৰ পিছত অসমীয়া, এনে ধৰণে হোৱা নাই। ৰাজনৈতিক, ধাৰ্মিক, সামাজিক, ভৌগোলিক আদি কাৰণৰ হেতু সম-সাময়িক ভাৱেই এই ভাষাসমূহৰ জন্ম হৈছিল।[৪]
  • প্ৰাচীন অসমীয়া ভাষা মাগধী অপভ্ৰংশৰপৰা উদ্ভব হৈছে। খৃষ্টীয় দশম শতিকাতে যাদিও আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ জন্ম বুলি অনুমান কৰা হৈছে তথাপি নিৰ্দিষ্টভাৱে কোন সময়ত অসমীয়া ভাষাই নিজস্ব ৰূপ ললে, তাক স্থিৰ কৰা কঠিন। অৱশ্যে সকলো ভাষাৰ জন্ম সম্বন্ধে এই একে মন্তব্যই খাটে। কিয়নো কোনো ভাষাতেই জন্মৰ লগে লগেই সাহিত্য গঢ় লৈ নুঠে। সাহিত্য ভাষাৰ জন্ম-পত্ৰিকা। গতিকে জন্মপত্ৰিকা বা লিখিত নিদৰ্শন নহলে জন্মকাল নিৰ্ণয় কৰা সহজ নহয়।[৪]
  • ভাষাৰ মূল শব্দ। অসমীয়া ভাষাৰ শব্দসমূহ ঘাইকৈ সংস্কৃত প্ৰাকৃতৰপৰা আহিছে যদিও প্ৰদেশৰ আৰু প্ৰদেশৰ বাহিৰৰ অন্যান্য ভাষাৰপৰাও ভালেমান শব্দ অসমীয়াত সোমাইছে। এই শব্দসমূহৰ আগমনত অসমীয়া ভাষা শক্তিশালী হৈছে আৰু ই ভাৱ প্ৰকাশৰ প্ৰভূত ক্ষমতা লভিছে। বিভিন্ন উপাদানলৈ লক্ষ্য ৰাখি অসমীয়া শব্দমালাক চাৰি শ্ৰেণীত ভগাব পাৰি- তৎসম, তদ্ভৱ, দেশী আৰু বিদেশী। তৎসম (তৎ অৰ্থ সংস্কৃত) অৰ্থাৎ অবিকৃত সংস্কৃত শব্দ। যেনে, ঈশ্বৰ, বন্ধু, দৰ্শন, কৰ্ম, সত্য ইত্যাদি। কোনো কোনো ক্ষেত্ৰত উচ্চাৰণৰ তাৰতম্য হেতু তৎশব্দৰ বিকৃতি ঘটে। এই বিকৃত তৎসম শব্দবোৰক অৰ্দ্ধ-তৎসম বা ভগ্ন-তৎসম বোলে।[৫]
  • আধুনিক অসমীয়া সংস্কৃতি ঘাইকৈ আৰ্য্য সংস্কৃতিৰ ওপৰতে কেন্দ্ৰ কৰি গঢ় লৈছে। অৱশ্যে আৰ্য্য সংস্কৃতিৰ বাহিৰেও বিভিন্ন জনজাতিয়ে যুগে যুগে অসমীয়া সংস্কৃতিক বিশেষভাৱে পৰিপুষ্ট কৰিছে। অসমীয়া সংস্কৃতি কোন কোন জনজাতিৰ দানৰ ওপৰত গঢ়ি উঠিছে সেই বিষয়ে আলোচনা কৰাৰ পূৰ্ব্বে অসমৰ ভৌগোলিক পৰিস্থিতিৰ তাৎপৰ্য্য বিশ্লেষণ কৰা সমীচিন। প্ৰাকৃতিক আৰু ভৌগোলিক অৱস্থাৰ ওপৰত দেশৰ সংস্কৃতি সভ্যতা সকলোখিনি নিৰ্ভৰ কৰে।[৬]

তথ্য-সংগ্ৰহ সম্পাদনা কৰক

  1. শিৱনাথ বৰ্মন (১৯৯২). [url=https://archive.org/details/in.ernet.dli.2015.451337/page/n187/mode/2up অসমীয়া জীৱনী অভিধান]. প্ৰকাশক: চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ. আহৰণ কৰা হৈছে: 19 June 2022.
  2. সম্পাদক: সোমনাথ বৰা (নৱেম্বৰ, ২০০৮)। বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:৩৯-৪০। ISBN: ৯৭৮-৯৩-৮৪৬৭৯-৩৮-৫
  3. অসমীয়া ভাষা আৰু সংস্কৃত 2013, পৃষ্ঠা. 2.
  4. ৪.০ ৪.১ অসমীয়া ভাষা আৰু সংস্কৃত 2013, পৃষ্ঠা. 9.
  5. অসমীয়া ভাষা আৰু সংস্কৃত 2013, পৃষ্ঠা. 14.
  6. অসমীয়া ভাষা আৰু সংস্কৃত 2013, পৃষ্ঠা. 73.