লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
৩ নং শাৰী:
 
==উদ্ধৃতিসমূহ==
# *ঢেঁকীটোৰ এমূৰে তুমি উঠি আছা, সিমূৰে তোমাৰ মাতৃভূমি। তুমি ওপৰলৈ উঠিলে মাতৃভূমি তললৈ যাব। মাতৃভূমিক ওপৰলৈ তুলিব খুজিছা যদি তুমি তোমাক সৰুটি কৰি তললৈ নিয়া।<ref name="enajori">[https://web.archive.org/web/20220121100857/https://enajori.com/ এনাজৰী ডট কম]</ref>
# *লোকৰ কথা মন দি শুনিবা, ভাল কিতাপখন মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই থ’বা৷
# *চৰিত্ৰ মানুহৰ জীৱনৰ ভেটি। এই ভেটিটো দৃঢ় হ'ব লাগে, নতুবা জীৱনৰ বৃহৎ অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চূৰ-মাৰ হৈ যাব।<ref>[[:wikisource:as:বাখৰ|বাখৰ, পৃষ্ঠা ৭]]</ref>
# *পাচি সজা, কামী চাঁছা সন্মানৰ কাম, নীচ মাথোঁ এলেহুৱা।<ref>[https://web.archive.org/web/20211002032736/https://niyomiyabarta.com/epaper/01102021/page6.php নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ, ২০২১]</ref>
# *স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা৷<ref name="exo ekuri">এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া</ref><ref>{{Cite web | url=https://www.asomiyapratidin.in/editorial-asomiya-pratidin-21th-feb/ | title=আইৰ মুখৰ ভাষা | date=২১ ফেব্ৰুৱাৰী ২০১৯ | agency=অসমীয়া প্ৰতিদিন | accessdate=২০ ফেব্ৰুৱাৰী ২০২২}}</ref>
# *অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ৷<ref name="exo ekuri"/>
# *আমাৰতো দৃঢ় বিশ্বাস যে আসামত অসমীয়া আৰু বঙ্গালীৰ ভিতৰত প্ৰচলিত অসদ্ভাৱৰ এটা প্ৰধান কাৰণ বঙ্গালীসকলৰ অসমীয়া ভাষাৰ প্ৰতি চিৰপোষিত বিদ্বেষ ভাব৷<ref>বাঁহী, প্ৰথম বছৰ, ১০ম সংখ্যা</ref>
# *[[অসমীয়া ভাষা|অসমীয়া ভাষা]] পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷<ref>অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ</ref>
# *অসমৰ পৰা আমি সৰি নপৰিলে বা অসম আমাৰ পৰা সৰি নপৰিলে অৰ্থাৎ অসমৰ পৰা আমি বিদেশলৈ ওলাই নাহিলে, অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ আমি ভালকৈ মোল বুজিব নোৱাৰোঁ। প্ৰণয়ৰ সোৱাদ বুজিবলৈ যেনেকৈ বিচ্ছেদ লাগে – অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ সোৱাদ বুজিবলৈ তেনেকৈ আমাৰ সেইবিলাকৰ পৰা কিছুকাল স্থায়ী বিচ্ছেদৰ আৱশ্যক।
# *ছাতৰসকলৰ সভাত এটি কমবয়সীয়া ল’ৰাই (শিশু বুলিলেই হয়) হাৰ্মনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল৷ মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোঁগৈ৷ তাহানি কলিকতাত “মাষ্টাৰ মদন’’ বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ৷ আজি অসমীয়া “মাষ্টাৰ মদন’’ক দেখি বৰ সন্তোষ পালোঁ৷ (ভূপেন হাজৰিকা সম্পৰ্কে কোৱা কথা)৷<ref>ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ২৩</ref>
# *প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ।<ref name=" ৰচনাৱলী">{{Cite book | title=বেজবৰুৱা ৰচনাৱলী ষষ্ঠ খণ্ড | publisher=বনলতা | author=নগেন শইকীয়া সম্পাদিত | authorlink=বেজবৰুৱাৰ পুথি সমালোচনা | year=২০১০ | location=ডিব্ৰুগড় | pages=১৭৪ | isbn=৯৭৮-৮১-৭৩৩৯-৪৯১-১}}</ref> (চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্ৰতিমা' কবিতা পুথি সম্পর্কে দিয়া মন্তব্য)
# *কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক৷ জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়৷ কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে৷ জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে৷ অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে৷ তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি!<ref name="অসমীয়া জাতি ডাঙৰ জাতি">{{Cite web | url=https://as.wikisource.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF_%E0%A6%A1%E0%A6%BE%E0%A6%99%E0%A7%B0_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF | title=অসমীয়া জাতি ডাঙৰ জাতি | accessdate=13 জুলাই 2022 | author=লক্ষ্মীনাথ বেজবৰুৱা}}</ref>
# *চৰিত্র মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ৷ আনন্দই শৰীৰ মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে। মনত বেজাৰ লাগিলেও মুখেৰে আনন্দ কৰিবা। তেনেকৈ আনন্দৰ কথা কৈ থাকোঁতে আৰু লোকে কোৱা আনন্দৰ কথা শুনি থাকোঁতে তোমাৰ নিৰানন্দক আনন্দই লাহে লাহে জয় কৰি ভিতৰৰ পৰা উলিয়াই খেদি দিব।<ref name="uddhriti">{{Cite book|title=উদ্ধৃতি |author=শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা |year=১৯৮৮ |publisher=ওৰিয়েণ্টেল বুক কোম্পানী }}</ref>
# *নিভাঁজ অসমীয়া ভাষাৰে কথা লিখিবা, নিভাঁজ অসমীয়া সাজ-পাৰ পিন্ধিবা, অনাহকত বিদেশীক অনুকৰণ নকৰিবা৷<ref name="মহৎ">{{Cite book|title=জ্ঞানজ্যোতি |author=(সম্পা)দ্বিজেন সিং |year=২০১৬ |publisher=জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি }}</ref>
*মোৰ মাতৃভূমিয়েই মোৰ গংগা, গয়া, কাশী, প্ৰয়াগ।…. মোৰ মাতৃভূমি আৰু মাতৃভাষাকে মহা সত্যৰূপে মই উপাসা কৰি আছোঁ; …. মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য।
 
==তত্ত্ব কথা==